পৃষ্ঠা:লাহৰী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৬
লাহৰী


ধৰিছে। এই দৰে লাহৰীয়ে গাৰ বেদনালৈ মন কৰা মাত্ৰকে বিষ দুগুণ হৈ উঠিল। অন্তত, তৰণি নাপাই লাহৰীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। বেলি নুঠালৈকে সেই গছৰ তলতে কান্দি কান্দি তেওঁ বহিয়েই থাকিল। দেহিঐ, দেখিলেই হিয়া বিদৰি যায়। কোনো দিন এনে দুখ পোৱা হে নালাগে, বাহিৰলৈ নোলোৱা লাহৰীৰ সুকোমল শৰীৰত নো এনে কষ্ট সয় নে! ভৰিলৈ চায়মানে তেওঁৰ শোকৰ খুন্দা টান হবলৈ ধৰে; লাহৰীয়ে ফেঁকুৰি ফেঁকুৰি কান্দি উঠে। কিন্তু, এনে বিপদত গাৰ বেদনালৈ চালে হব নে? —তেওঁ আকৌ উঠি গাওঁ বিচাৰি যাব লগাত পৰিল। দেহিঐ, খোজ কঢ়া হে নালাগে, লাহৰীয়ে মাটিত ভৰি পেলাবই নোৱাৰা হল; আকৌ নো লাহৰী কেনেকৈ যায়। কিন্তু নগলেওতো নহয়; অগত্যা আকৌ উঠি পেঙ্গুৰিয়াই-পেঙ্গুচিয়াই লাহৰীয়ে আগুৱাবলৈ ধৰিলে। হওঁতে সৰহ বাট যাব লগা নহল; সৰু পথাৰ এখনি পাৰ হৈয়ে লাহৰী আকৌ এখন গাৱঁত সোমাল গৈ। তিনি-চাৰি ঘৰমান মানুহৰ ঘৰলৈ গৈ বাহিৰত মানুহ নেদেখি তেওঁ উলটি গুচি গুচি যায়। এই দৰে কেঘৰমান এৰাই গৈ, তেওঁ আৰু এঘৰত বাহিৰৰ চ’ৰাত বহি থকা বুঢ়া এটিক দেখা পালে। লাহৰীয়ে লাহে লাহে বুঢ়াটিৰ ওচৰতে থিয় দিলেগৈ। বুঢ়াটিক দেখোঁতেই ভাল মানুহ বুলি চিনিব পাৰি। তেওঁ লাহৰীক দেখিয়েই অলপ পৰ ঠৰ লাগি চাই থাকি সুধিলে, “আই! তই নো ক’ৰপৰা আহিছ, কি লাগে?” লাহৰীয়ে উত্তৰ দিলে, “বুঢ়া-দেউতা, মই বহুত দূৰৈৰপৰা বহুত ভাগৰত আহিছো। আচল কথা পাচে হে ভাঙ্গি কব পাৰিম; মই আজিলৈ আপোনাৰ ঘৰতে জিৰাব খোজোঁ।” এনেতে ভিতৰৰপৰা বুঢ়ী এটি ওলালহি। বুঢ়ীয়ে থিয় হৈয়েই লাহৰীক সুধিলে, “দেহিঐ, ক'ৰপৰা আহিছ আই, তই?” লাহৰীয়ে বুঢ়াক দিয়া উত্তৰকে তেওঁক শুনালে। লাহৰীৰ কথা শুনি বুঢ়ীৰ বৰ বেথা লাগিল। তেওঁ