পৃষ্ঠা:লাহৰী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৩
লাহৰী।

পূৰ্ণ গৰাহত পৰিল বুলি জানি, আকৌ শান্ত আৰু গহীন হৈ বহিলে। মনে মনে ধৈৰ্য্যতাৰ শৰণ লৈ তেওঁ টলকা মাৰি বহি গুণিবলৈ ধৰিলে। মানহঁতেও লাহৰীৰ মৰ্ম্মান্তিক বেজাৰত বিমোৰ হৈছে বুলি জানি, আন কোনো কথাকে নুসুধিলে। পামপুৰীয়া যে লাহৰীয়ে চিনি পায় বুলি কাষকে নচপা হল। আটাইবিলাক পাৰ হোৱাৰ পাচত, সিহঁতে ইয়াকে স্থিৰ কৰিলে যে, সেই ৰাতিলৈ বৰনৈৰ পাৰতে জিৰণি লোৱাই ভাল। পামপুৰীয়ায়ো তাতে সম্মত হল। মানহঁতে সেই দিনা পলৰীয়া মানুহ বিচাৰোঁতেই আবেলি হৈছিল। ভাত-পানী খাবলৈ সিহঁতে আজৰি নাপালে। তাৰ আগৰ দিনাও দুদিনৰ বাট ডেৰদিনে আহি সিহঁত বৰ সুখে-ভাগৰে আহিল। গতিকে, আজি বৰনৈৰ পাৰত অতিপাত দুখ-ভাগৰত অৱশ হৈ পৰাত মাজনিশা ভাত-পানী খোৱাৰ কাৰবাৰলৈ সিহঁতে মন নকৰিলে; যেয়ে য’তে বহিল, সেয়ে ত’তে ঢাল খাই খাই পৰি গল। পামপুৰীয়া কিন্তু সবাতকৈ আগ। তাৰ পাছত, কুৰিটামান টনকিয়াল মান মাথোন সাৰে আছিল। সিহঁতৰ ভিতৰত এনে নিয়ম বন্ধা হল যে, দুখন দুখন তামোল খোৱাৰ পৰলৈকে এটা-এটা মানুহে পহৰা দিব; তাৰ পাচত সি আকৌ আন এটাক তুলি দি শুব। এই দৰে স্থিৰ কৰি সকলোটি শুই পৰিল। লাহৰীয়েও ভাগৰত অস্থিৰ হোৱাৰ ভাও ধৰি, সিহঁতৰ দৰেই ঢাল খাই পৰি গল। কিন্তু, লাহৰীৰ চকুত টোপনি নাই; তেওঁ মনে মনে উদ্ধাৰৰ নানা উপায় চিন্তা কৰি সদ্যহতে পহৰীয়া কেইটাৰ গম্‌-গতিলৈ মন কৰি আছে। এই দৰে দুটা কি তিনটা মানুহৰ পহৰা পাৰ হৈ গল; তাৰ পাচত এটা বুঢ়া কানীয়া মানুহৰ পাল পৰিল। বৰকৈ ভাগৰ লগাত বুঢ়াই সেই দিনা গধূলিতে কানি এফেৰা বেচিকৈ গিলিছিল। গতিকে, কানি আৰু টোপনিৰ জালত বুঢ়াই বহি থাকোঁতেই জপৰ্‌-জপৰ্‌ টোপনিয়াবলৈ ধৰিলে। লাহৰীয়েও সেই ফালেই নিটাল মাৰি ভৰ-টোপনিৰ ভাও জুৰিলে। বুঢ়াই লাহৰীক