পৃষ্ঠা:লাহৰী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬০
লাহৰী


উৰি বিয়ালৈ যাবলৈ কলে। লাহৰীয়ে বিয়াৰ নাম শুনা মাত্ৰকে তৰ্কিব নোৱাৰাকৈ জিকাৰ খাই উঠিল। তাৰ পাচত, নিজৰ অন্তৰৰ ভাব প্ৰকাশ পোৱা যেন গম্ ধৰি বুঢ়ীৰ ফালে অলপ পৰ্ ঠৰ্ হৈ চাই থাকোঁতেই, কেতেকী ফুলৰ পাহী যেন লাহৰীৰ দুগালে মুকুতাৰ পানী যেন দুধাৰি চকু-লো বৈ পৰিল । লাহৰীৰ মনত যে কিবা মৰ্মান্তিক বেদনা আছে, বুঢ়ীয়ে ইমান দিনলৈকে জনা নাছিল। আজি লাহৰীৰ মনৰ গতি গম্ ধৰি কৰুণ ভাবত বুঢ়ী বিগলিত হল। বুঢ়ীয়ে লাহৰীৰ হাত দুখনিত ধৰি আতুৰ ভাৱে, শপত দি, কন্দাৰ কাৰণ সুধিবলৈ ধৰিলে। কিন্তু, লাহৰীক সিমানতো নিটাল মাৰি থাকিব দেখি, বুঢ়ীয়ে হুমুনিয়াহ কাঢ়ি মনটি আমোলাই পেলালে। অতি কোমল অন্তৰা লাহৰীৰ কোমল হিয়া বুঢ়ীৰ মুখ-আমোলনিয়ে পমাই নিলে। বুঢ়ীয়েও আকৌ এবাৰ কাবৌ কৰি লাহৰীক নিজৰ আঁতিগুৰিৰ কথা ভাঙ্গি কবলৈ বৰকৈ ধৰিলে। এইবাৰ আৰু লাহৰীৰ কোমল প্ৰাণে সহিব নোৱাৰিলে। লাহৰীৰ মনত পৰাৰেপৰা বৰ্তমানলৈকে নিজৰ অৱস্থাৰ বিষয়ে তেওঁ ভাঙ্গি-পাতি কৈ, অলপ পৰ ৰৈ থাকি আকৌ হুমুনিয়াহ এটি কাঢ়ি কান্দিবলৈ ধৰিলে। ইফালে বুঢ়ীয়েও কিবা কথা বাকী ৰল বুলি ভাবি আকৌ বেচিকৈ পেৰিবলৈ ধৰিলে। লাহৰীয়ে আগ ডোখৰত কেৱল দেউতাক, আইতাক আৰু তেওঁৰ নিজৰ কথা হে কৈছিল। তেওঁৰ বেজাৰৰ ঘাই কাৰণ তেওঁ তেতিয়াও উনুকিৱা নাছিল। বুঢ়ীয়ে বৰকৈ টানি ধৰিবৰ দেখি, তেওঁ জয়ে-জয়ে কমল নামেৰে এটি লৰাৰে সৈতে তেওঁৰ কি সূত্ৰে চিনাকি হল, ক্ৰমাৎ দুইকো দুয়ো নো কিমান ভাল পোৱা হল, এইখিনি কথা বৰ্ণাবলৈ ধৰিলে। লাহৰীৰ কথা শুনি শুনি ইফালে বুঢ়ীৰ চকু চল্‌চলীয়া হৈ আহিল। তাৰ পাচত, লাহৰীয়ে কমলৰ আঁতি-গুৰি ভাঙ্গি-পাতি কবলৈ আৰম্ভ কৰিলে। লাহৰীয়ে কমলৰ মুখৰপৰা তেওঁৰ উৎপত্তিৰ কথা যি শুনিছিল, সকলো ভাঙ্গি-পাতি কবলৈ ধৰিলে। শুনি শুনি বুঢ়ীৰ আৰু