আকৌ ঘৰলৈ যাবলৈ সুবিধা নোলায়, তেতিয়ালৈকে তেওঁ বুঢ়া-বুঢ়ীৰ বুকুৰ মাজতে থাকিব। সেই কথা শুনি বুঢ়ীৰ মনত আনন্দে নধৰা হল; তেওঁ মনে মনে চিন্তিলে, যেন লাহৰীৰ সেই সুবিধা কোনো কালে নোলাওক ! তাৰ পাচতো লাহৰীয়ে সেই বুঢ়া-বুঢ়ীৰ তোলনীয়া জীয়েকৰ দৰে ভালেমান দিন আছে, তথাপি তেওঁ নিজৰ আচল চিনাকি দিয়া নাই। কীৰ্ত্তিনাথ গোহাঞিৰ নাম লোৱা হলেই, বুঢ়া-বুঢ়ীয়ে সকলো কথা জানি উঠিলহেঁতেন। লাহৰীয়ে ইমান দিনে তাকে কোৱা নাই। কিন্তু হাঁয়, চিনাকি দিয়াৰপৰা
সোনকালে তেওঁৰ উদ্ধাৰ হোৱা যেন গম্ পোৱা হলে, লাহৰীয়ে কেতিয়াবাই দেউতাকৰ নাম কৈ দিলেহেঁতেন। তেওঁৰ দুখময় জীৱনৰ প্ৰকৃত কাহিনী কোৱাৰপৰা তেওঁৰ প্ৰাণৰ প্ৰাণ কমলক পুনৰ লগ পোৱাৰ অলপো সঙ্কেত্ পোৱা হলেই, লাহৰীয়ে সকলো কথা ভাঙ্গি কবলৈ কেতিয়াও পলম নকৰিলেহেঁতেন। লাহৰীয়ে নাজানি মাথোন নিজৰ উপকাৰ কৰোঁ বুলি অপকাৰ কৰিছে। ইমান দিনে লাহৰীয়ে মনৰ বেজাৰত তৰণি নাপায় যদিও,নিজৰ বেজাৰৰ কথা কাকো নকয় আৰু ভাব-ভঙ্গী আকাৰে-ইঙ্গিতেও অন্তৰৰ ভাব আনক জানিবলৈ নিদিয়ে। এতিয়া আৰু লাহৰী ঘাই ঘৰত থকাৰ দৰে নহয়; এতিয়া লাহৰী খোজেপতি সাৱধান। তথাপি, কেতিয়ান অকলে অকলে থাকোঁতে, লাহৰীয়ে তেওঁৰ প্ৰাণৰ প্ৰাণ কমল আৰু মৰমৰ আইতাক-দেউতাকলৈ মনত কৰি উচুপি উচুপি কান্দিবলৈ ধৰে। ইফালে বুঢ়ীয়ে আকৌ লাহৰীৰ লগ নেৰেই; সদায় আগৰ দিনৰ মান-ভগনীয়া কথা পাতি তেওঁ লাহৰীক ভোল নিয়াই থয়।
এই দৰেই আৰু ভালেমান দিন পাৰ হৈ গল। এদিন সেই গাঁৱতে এখন বিয়া হৈছিল। তালৈকে আমাৰ বুঢ়া-বুঢ়ীৰ ঘৰতো নিমন্ত্ৰণ পৰিলহি। বুঢ়ীয়ে ভাবিলে, তেওঁ নো কি যাব, লাহৰী ঘৰৰ জীয়াৰী, লাহৰীয়েই যাওক ৷ এনে ভাবি বুঢ়ীয়ে অলঙ্কাৰ-পাতি উলিয়াই দি, লাহৰীক মাতি আনি পিন্ধি