পৃষ্ঠা:লাহৰী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬১
লাহৰী


সহ্য নহল; লাহৰীয়ে কমলৰ লৰাকালৰ কথা বৰ্ণাই শেষ কৰিবলৈ নৌ পাওঁতেই বুঢ়ীয়ে “,ঔ, ডাঙৰীয়া, এই ফালে চাপি আহক ঔ, লাহৰীয়ে কি শুনায়ঔ!” এই বুলি সেই ফালেই পৰি বুঢ়ী মূছ্কঁছ্ গল! বুঢ়ীৰ চিয়ঁৰ শুনি উধাতু খাই বুঢ়া আহি উপস্থিত। বুঢ়াই লৰালৰিকৈ “কি হল, কি হল” বুলি সোধাত, লাহৰীয়ে বুঢ়ীক কমলৰ বিষয়ে কোৱা কথাখিনি বেগাবেগিকৈ যি পাৰে অলপ কৈছে, এনেতে বুঢ়ায়ো “আঐ, মোৰ আই, কি শুনালিঐ!” বুলি লাহৰীক গবা মাৰি ধৰি কান্দিবলৈ ধৰিলে। হঠাৎ হিতে-বিপৰীত ঘটিবৰ দেখি, লাহৰী বিচুৰ্ত্তি হৈ মনৰ উগুল-খুগুল ভাবত মমৰ পুতলাটিৰ দৰে ঠৰ্ লাগি ৰল!