লাহৰী/অষ্টাদশ আধ্যা

ৱিকিউৎসৰ পৰা

[ ১২৪ ]

১৮ ৷ আধ্যা ৷
জয়ন্তীৰ বিয়া ৷

 ৰত্নেশ্বৰ সেই দিনা খঙ্গৰ বেগত জয়ন্তীহঁতৰ ঘৰৰপৰা ওলাই আহিল; আধা মাইলমান সেই একেটা কোবেৰেই ফোঁ-ফোঁকৈ তেওঁ ঘৰমুৱা হৈ আঁতৰ হল। সেই ছোৱা বাট ৰত্নেশ্বৰক এটা অৰ্থশূন্য খঙ্গে ওফৰাই লৈ গল। তাৰ পাচৰপৰা দেখোন পিচ ফালৰ পৰা ৰত্নেশ্বৰৰ চুলিত ধৰি কিবা এটি আকৰ্ষণী ভাবে লাহে লাহে টানিবলৈ ধৰিলে। লাহে লাহে ৰত্নেশ্বৰৰ ঘৰ্-চিৰিকায়া থোজে ৰাজহংসীয়া গতি ধৰিলে। পিচত যোৱা ভাৰীটোৱে কানত মেট্‌মৰা ভাৰখন লৈ কন্যা-খোজ ধৰিব লগাত পৰিল। তাৰ পাচত আকৌ ৰত্নেশ্বৰ দুপৰীয়া, গুন্দা হাতীৰ দৰে, যাওঁ নাযাওঁকৈ অগা- পিচা খোজ ধৰা হল; একো-একোবাৰ আলহী হৈ থকা ঠাইত কিবা এটা এৰি অহাৰ ভাৱে পিচলৈ উভতি সুঁৱৰি চাই ৰত্নেশ্বৰ মাজবাটতে টলকা মাৰি ৰয়। লাহে লাহে ৰত্নেশ্বৰৰ এই ৰোগ প্ৰৱল হৈ উঠিল; এনল বাট যাওঁতেই তিনি-চাৰি বাৰকৈ ৰোগৰ বিকাৰ উঠা হল। শেহান্তত, লগুৱাটোৱে কানৰ ভাৰ সহিব নোৱাৰি পিচৰপৰা মাত লগালে, “দৌতাই নো এইখন কি আওপকীয়া খোজ ধৰিছেঐ! সঁচা কৈছোঁ, এনে ধেমালি মোৰ কানে নসহে, মই ভাৰ ইয়াতে পেলাম হে এতিয়া!” ৰত্নেশ্বৰে অলপ হুঁচ্ পাই সমিধান দিলে, “অ, হয়, তোৰ ফালে টান পৰিছে; তই তেন্তে আগ হ, ব’ল, মই পিচে পিচে গৈ থাকোঁ।” সেই অনুমতি ৰত্নেশ্বৰৰ মুখৰপৰা আধা হে বাজ হবলৈ পালে, লগুৱাই ততালিকে আগ হৈ দুখুজীয়া গতিৰে আগুৱাৰলৈ ধৰিলে। ৰত্নেশ্বৰেও আকৌ এখনমান তামোল খাবৰ পৰলৈ লগুৱাৰ পিচে পিচে খৰ খোজেৰে যাবলৈ ধৰিলে। কিন্তু, [ ১২৫ ] উদ্‌ফাই ৰোগৰ দৰে পিচফালৰ সোঁৱৰণীয়ে ৰত্নেশ্বৰৰ প্ৰাণৰ ভিতৰত আকৌ উজনি-ভাটী লগাবলৈ ধৰিলে; ৰত্নেশ্বৰে পূৰ্ব্বৱত আকৌ মৰাল গতি ধৰিলে। এইবাৰ আলহী হৈ থকা ঘৰত কিবা এৰি অহালৈ বৰকৈ মনত পৰা হল। ৰত্নেশ্বৰে ঘনে ঘনে উলটি-উভতি চায় আৰু মূৰ খজুৱায়; তাৰ পাচত তেওঁ দোখোজমান ওভতনি-খোজ ধৰে। এই দৰে ভালেখিনি পৰলৈকে উজনি-ভাটী কৰি থাকোঁতে সিফালে লগুৱা-ভাৰীৰ গা নেদেখাই হল ! ৰত্নেশ্বৰে আকৌ অলপ হুঁচ্ পাই মূৰ দাঙ্গি চায়, দেখোন লগুৱাক মনিব নোৱাৰাই হল। বহু দুৰণিত কোনোবা এটাক ৰিণিকি ৰিণিকি দেখা গৈছে; সি বা কোন্ আহিছে, নে গৈছেই তাৰ চিন্ নাই। লগুৱাৰ লেঠাৰ হাত সাৰি এইবাৰ ৰত্নেশ্বৰ বহিয়েই পৰিল। লগুৱাৰ ভাবনা এৰি ৰত্নেশ্বৰে উপস্থিত ৰোগত আসন্ন বিপদ গুচোৱা ঔষধিৰ ভাবনাত লাগিল। বহি জিৰোৱা গছৰ তলতে ৰত্নেশ্বৰ ভালেমান পৰ বহিল, তেওঁ ভালেমান ভাবিলে; কোনো উপায়ন্তৰ নেদেখি, উঃ আঃ কৰি, তেওঁ চাটিফুটি কৰিৰলৈ ধৰিলে। এই দৰেই এডাঁৰমন বেলি গল, এনেতে ৰত্নেশ্বৰৰ চকু ৰঙা হৈ উঠিল, মুখত তেজ বিৰিঙ্গি পৰিল, বুকু ফিন্দ খাই উঠিল; তাৰ পাচত দাঁত-কৰচনি মাৰি ৰত্নেশ্বৰ গিৰিপ্‌কৰে উঠিল! উঠিল, আৰু তাত থিয় নহল; উলটি বেলি ভাটী দিয়াৰ পৰত জয়ন্তীহঁতৰ ঘৰৰ ওচৰৰ গাঁৱৰ এজনী বাঁৰী-দুখুনী তিৰোতাৰ ঘৰত আলহী হৈ নচপালৈকে, ৰত্নেশ্বৰে উভতি আকৌ ঘৰ্-চিৰিকীয়া খোজ ধৰিলে। সিফালে ঘৰমুৱা লগুৱাই কোবাকুবিকৈ বাট খেদিবলৈ ধৰিলে; গৈ গৈ সি গাওঁ সোমাৱা দেখা গল; কিন্তু তাক ৰত্নেশ্বৰৰ চোতালত ভৰি দিয়া দেখা নগল।

 এমুৰীয়া অকলশৰীয়া বাঁৰীৰ ঘৰতে ৰত্নেশ্বৰ আজি ভালেমান দিনো আছে। তাৰ পাছত দেখা যায় যে, তেজ, মাংস, দস্তুৰ আৰু কাৰ্য্যৰে ৰত্নেশ্বৰেই; কিন্তু সাজ-পাৰ, চলন-ফুৰণ, আও-ভাও ইত্যাদিলৈ চাই তেওঁ [ ১২৬ ] যেন এটা হজুৱা গাঁৱলীয়া, যেন সেই বাঁৰীৰে চপনীয়া-মতা। কি অৰ্থে,কি কাৰ্য্যেৰে ৰত্নেশ্বৰে এই দৰে প্ৰবাস খাটিছে বুজা নাযায়। ঘৰৰপৰা তেওঁ বৰকৈ নোলায়। কিন্তু, বাঁৰী-বাইক হলে কেদিনমানৰপৰা জয়ন্তীহঁতৰ ঘৰলৈ ঘনাই যোৱা-অহা কৰা দেখিছোঁ। তাইৰ নো কি উদ্দেশ্য, কি কাৰ্য্য কোনেও বুজিব পৰা নাই। তাই মুঠেই বিষয়ানীৰ ওচৰত ছালি খাবলৈ পাণ এবিৰা, চুণ অকণ, খুদ্‌চাউল এমুঠি, শাক এডাল, লোণ এজেবা, ইয়াকে বিচাৰেহি; তাই উলটিবৰ বেলিকা এবাৰ জয়ন্তী আইদেউৰ ওচৰত সোমাই দুটা-চাইটা কথা পাতেগৈ আৰু তেওঁ লিখি পেলাই দিয়া কাকত পত্ৰ কিবা-কিবি বান্ধিবলৈ বুলি বুটলি লৈ যায়। জয়ন্তী আইদেৱো বৰ ধেমেলীয়া গাভৰু; তেওঁ গাঁৱৰ তিৰোতাৰে সৈতে ধেমেলীয়া কথাবাৰ্ত্তা পাতি বৰ ভাল পায়। বাঁৰী-বাই দেখাত হে এলাইজাঁপৰী, তাইৰ কথাবিলাক বৰ ৰং-লগা। সেই কাৰণে, তাই সোনকালে জয়ন্তী আইদেউৰ ওচৰত লাগী হৈ উঠিল। বাঁৰী-বাই সদায় যায়, সদায় আহিবৰ সময়ত জয়ন্তীৰ মুখৰপৰা “কাইলৈকো আহিবাঁ দেই বাই,” এই আষাৰি মিঠা মাত পাই আহে। পাচলৈ বাঁৰী বায়ে জয়ন্তীৰ অতি গুপুত প্ৰেমৰ কথাবাৰ্ত্তাৰো ভাগ পোৱা হল। পূৰ্ণ গোহাঞিদেৱ ঘৰলৈ উভতি যোৱা আজি কুৰি দিনমান হৈছে। তেওঁ থাকোঁতে দুইৰো ভিতৰত গুপুতে কেনেকৈ পত্ৰ চলিছিল, এতিয়াও তেওঁ নাম-ধাম-ঠিকনা লিখি দি যোৱা লেফাফাত ভৰাই মানুহৰ হাতত কেনেকৈ চিঠি চলাচল কৰা হয়, তাৰো বাঁৰী বায়ে সম্ভেদ্ পোৱা হল। মাজে মাজে পূৰ্ণ গোহাঞিদেৱহঁতৰ ঘৰৰ ফালে কোনো কামত যাবলৈ ওলোৱা মানুহৰ সম্ভেদ্ দি সেই মানুহৰ হাতত দি পঠিয়াবলৈ জয়ন্তী আইদেউৰ চিঠিও বাঁৰী-বায়ে গোপনে নিয়াহি হল। বাঁৰী-বাই চাপিবৰপৰা জয়ন্তী আইদেৱে চিঠি পঠিওৱাত বৰ সস্তা পাইছে; কিন্তু পূৰ্ণ গোহাঞিদেৱৰপৰা তাৰ উত্তৰত চিঠি-পত্ৰ অহাত হে বিসঙ্গতি ঘটিবলৈ ধৰিছে। [ ১২৭ ]  বাঁৰীৰ গাত আৰ লৈ ৰত্নেশ্বৰ একেদৰেই আৰু তাত কিছুমান দিন আছে। এনে সময়তে, যোৰহাটৰপৰা পূৰ্ণ গোহাঞিদেৱ বৰ খং-বেজাৰেৰে হঠাৎ জয়ন্তীহঁতৰ ঘৰত ওলালহি। তেওঁ থিয় হৈয়েই জয়ন্তীৰ আইতাকক লগ পাবৰ নিমিত্তে লিগিৰাক ভিতৰলৈ পাচিলেহি। আন দিনাৰ দৰে তেওঁ মুখ, হাত, ভৰি ধুই নিজৰ ঘৰৰ দৰে আসন লৈ নবহি, অচিনাকী আলহীৰ দৰে পাৰি থোৱা চালপিৰা এখনতে বহিল। পুৰ্ণ গোহাঞিদেৱ অহা শুনিয়েই জয়ন্তীৰ মন আনন্দত নাচি উঠিল। তেওঁ পিচ-চোতালৰপৰা লৰালৰিকৈ আহি জুমিবলৈ ধৰিলে। কিন্তু গোহাঞিদেৱৰ ৰঙা চকু-পকোৱা আৰু কপালৰ গাঁঠি থোপা হোৱা দেখি তেওঁৰ সেই আনন্দ মনতে মাৰ গল ! আৰু, উগুল-খুগুল ভাবত তেওঁ তাৰপৰা অলপ আঁতৰ হল। আইতাকে ওলাই আহি লৰালৰিকৈ ভাবী-জোৱাঁয়েকক অভ্যৰ্থনা কৰিবলৈ খৰধৰ কৰিলে। কিন্তু, পূৰ্ণ গোহাঞিদেৱে তেওঁক সেইবোৰ কাৰবাৰৰ প্ৰয়োজন নাই বুলি কৈ, বেজাৰ মনেৰে কলে যে, আজি তেওঁ আন কিবা বৰ টান কথা এটা কব লগীয়া থকাত যে অসময়ত ওলাইছেহি; আৰু তেওঁ ততালিকে আকৌ ঘৰলৈ উলটিব। এই কথা কৈয়েই পূৰ্ণ গোহাঞিদেৱে চোলাৰ জেপত হাত ভৰাই কবলৈ ধৰিলে, “মই জানিছিলোঁ, আপুনি যেনে সাধ্বী, সতী আৰু অশেষ গুণৰ গৰাকিনী , আপোনাৰ মৰমৰ জীয়েকো তেনে চৰিত্ৰৱতী হব। এনে ভাবি হে মই আপোনাৰ প্ৰস্তাবিত বিয়াত সন্মতি দিছিলোঁ। এতিয়া চাওক, আপোনাৰ জীয়েকে তলে তলে এইবোৰ কি কাম কৰিছে !” এই বুলি এজাপ চিঠি উলিয়াই জয়ন্তীৰ আইতাকৰ আগত থৈয়েই, তেওঁ আকৌ কবলৈ ধৰিলে,“সেই দিনা আমি বান্দৰ-নচুৱা সেই ৰত্নেশ্বৰ নে কি, তালৈকে জীয়েকে এইবোৰ চিঠি চলাইছে। সি মোলৈ বহুত লাজ্ দি এখন চিঠিৰে সৈতে এইবোৰ প্ৰমাণ স্বৰূপে পঠিয়াইছে ৷ সি আছে ক'ত, ক'ৰপৰা এই চিঠি দিছে, তাৰো [ ১২৮ ] একো ঠিকনা দিয়া নাই। মানুহৰ মুখে শুনিছোঁ, বোলে সেই পাষণ্ড ইয়াতে কাৰোবাৰ ঘৰত আছে। মই আৰু কি কম, মই এতিয়া বৰ দুখেৰে পূৰ্ব্বৰ প্ৰস্তাৱত অমান্তি হলোঁ। সেই কাৰণে, মই আৰু ইয়াত এৰাতিও নাথাকোঁ; আজিয়েই ঘৰলৈ উলটিম।” জয়ন্তীৰ আইতাক অবাক্ হৈ সেই পোনেই ঢাল খাই পৰিল ! পূৰ্ণই ততালিকে দাঙ্গি ধৰি গাৰ ধূলি-মাটি গুচাই দি অলপ তেওঁক শাঁত কৰিবলৈ চেষ্টা কৰিলে। সিফালে, বুলনীৰপৰা জুমি আৰু শুনি থকা জয়ন্তী বজ্ৰাহত হোৱাৰ দৰে মুছকঁছ গৈ পৰিল। ঘৰৰ লিগিৰীহঁতে পানী-দুনি দিয়াত অলপ সংজ্ঞা পাই আৰ্ত্তৰাৱ কাঢ়ি, “আই, মাজতে মোক এই দৰে কোনে খালেঔ?” বুলি হিয়া-ভূকু মাৰি জয়ন্তী আকৌ মূছকঁছ গৈ পৰিল। পুৰ্ণ গোহাঞিদেৱ বৰ খং আৰু বেজাৰত আহিছিল বুলিও, তেওঁ বৰ কোমল অন্তৰৰ মানুহ; জয়ন্তী আৰু আইতাকৰ মনোদুখ বুজিব পাৰি তেওঁ নিজে অলপ ৰংমুৱা হৈ বহিল। তেওঁ মনে মনে ইয়াকো ভাবিলে যে, জয়ন্তীয়ে আৰ্ত্তৰাৱত কোৱা কথা ফাঁকিৰ কিবা অৰ্থ থাকিব পায়; এতেকে ইবিলাকক শান্ত কৰাৰ লগে লগে সেই কথাৰো অলপ সম্ভেদ্ লবলৈ চেষ্টা কৰা যাওক। এই ভাবি তেওঁ মনে মনে গুণিবলৈ ধৰিলে।

 জয়ন্তীৰ আইতাক সেই যে নিমাত হৈ বাগৰি পৰিল, তেওঁ সেই দৰে নিমাতী হৈয়ে ৰল। ভিতৰৰপৰা আহি লিগিৰীহঁতে ধৰাধৰিকৈ নি বিছনাত শোৱাই তেওঁক শুশ্ৰূষা কৰিবলৈ ধৰিলে। জয়ন্তীৰ ফালেও পৰ-পালি দিয়াৰ তুল্যই হব লাগিছিল; কিন্তু আসন্ন বিপদত ধৈৰ্য্য ধৰি উপস্থিত বুদ্ধি নখটালে মুহূৰ্ত্তৰ ভুল-বুজনিয়ে সাংঘাতিক বিপদ ঘটাব পাৰে; সেই কাৰণে, তেনে সময়ত মানুহ অলৌকিক বলেৰে বলী হয়। জয়ন্তীয়েও আজি সেই বলেৰেই ধৈৰ্য্য ধৰি, পূৰ্ণ গোহাঞিদেৱৰ ভুল সংশোধনৰ উপায় চিন্তিবলৈ ধৰিলে। গোহাঞিদেৱলৈ যে তেওঁ গুপুতে চিঠি চলাই [ ১২৯ ] ছিল, সেইটো এতিয়াও সকলোৰে আগত প্ৰকাশ্যে কবলৈ তেওঁ লাজ কৰি আছে। এনেতেে, বুঢ়ী লিগিৰীৰ সাহায্য আহি আপোনা-আপুনি উপস্থিত। তাই ভাবিলে যে, জয়ন্তীয়ে নিজে গৈ গোহাঞিদেৱক নুবুজালে আৰু সেই বিষয়ৰ কোনেও জেঙ্গা ভাঙ্গিব নোৱাৰে। এনে ভাবি,তাই শুশ্ৰূষাৰ অৰ্থে মাতি নিয়াৰ ভাৱে গোহাঞিদেৱক তেওঁ আগেয়ে থকা কুঁঠৰীলৈ মাতি নি বহুৱালেগৈ। সেই ছেগতে সুবিধা পাই জয়ন্তীয়ে উৰি যোৱা দি গৈ গোহাঞিদেৱৰ পাৱত পৰি কান্দিবলৈ ধৰিলে; আৰু প্ৰকৃত ঘটনা জানি লৈ তেওঁৰ ভুল-বিশ্বাস এৰিবলৈ কাকৃতি কৰিবলৈ ধৰিলে। পূৰ্ণ গোহাঞিদেৱ বৰ ধীৰ; ধৈৰ্যটো যেন তেওঁৰ আজ্ঞাধীন গুণ। তেওঁ তেতিয়াই স্থিৰ ভাৱে জুয়ন্তীৰ মুখে আদ্যোপান্ত বৰ্ণনা শুনিবলৈ ধৰিলে। কওঁতে কওঁতে, জয়ন্তীয়ে সৰস্বতী যেন মুখেৰে চিঠিৰ কথাবোৰ বৰ্ণাই আৰু অকৃত্ৰিম প্ৰেম বুজাই উঠিল ৷ শুনি শুনি,গোহাঞিদেৱৰ দৃঢ় বিশ্বাস হল যে,সেইবোৰ চিঠিৰ প্ৰকৃত গৰাকী তেওঁৱেই হে; জয়ন্তীয়ে চিঠি তেওঁলৈকে হে লিখছিল, মাজত কু-চক্ৰীয়ে পাই হে এনে দুৰ্ঘটনা ঘটাইছে। ইয়াকে স্থিৰ কৰি, তেওঁ জয়ন্তীক আশ্বাস দি ভিতৰলৈ পঠিয়াই, গাঁও ফুৰিবলৈ ওলাই গল। তেও ধীৰে ধীৰে গৈ বাঁৰী-বাইৰ ভগা-বহাৰ দুৱাৰমুখত থিয়দি ৰল। তাৰেপৰা তেওঁ সঁহাৰি লৈ জানিলে যে, বাঁৰীয়ে এটা মানুহৰে সৈতে কিবা গুপুত আলচ পাতিছে। তেওঁ লাহেকৈ পিছফালে ঘূৰি গৈ ঘৰৰ চুকত কাণ পাতি সিহঁতৰ ভিতৰত হোৱা কথা-বাৰ্ত্তা শুনিবলৈ ধৰিলে।—

 বাঁৰী ।— “এ, সেয়া নহয়, মই অমুকী লাগিলে নো কেই দিনৰ বন! আজি আহি ধমধমনি লগাই দি আজিয়েই গুচি গলগৈ নহয়।”

 ৰত্ন ।— “পিচে,পিচে পূৰ্ণ গোহাঞিয়ে বিয়া নকৰাওঁ বুলি গৈছে নে? ইহঁতে কি কয় পিচে ? নকৈছিলোঁ, ময়ো উভতি বান্দৰ-নচুৱাম্‌হি বুলি !” [ ১৩০ ]  বাঁৰী।—“সেয়ে নহয় নো কি? যি বলেৰে হে পূৰ্ণলৈ লিখা চিঠিবোৰকে তোমালৈ লিখা চিঠি বুলি জয়ন্তীক অবিশ্বাসী কৰালোঁ! এতিয়া আৰু কোন্‌টো লাজেৰে নো সি বিয়া কৰায়? মিছা যদিও, সেই কথা পতিৱাব কেনেকৈ?”

 পূৰ্ণ গোহাঞিদেৱে আৰু সহিব নোৱাৰিলে। তেওঁ ইয়াতকৈ আৰু নিজ কাণে শুনা প্ৰমাণ অধিক নিবিচাৰিলে। তেওঁ তেতিয়াই উলটি আহি সকলো বৃত্তান্ত জয়ন্তীৰ আইতাকত জনালে। জয়ন্তীৰ আইতাক বিধবা বুলিও, সেই চুবুৰিৰ ভিতৰত এগৰাকী ক্ষমতা থকা ভগা-বিষয়ানী আছিল। সেই গুপ্ত চক্ৰান্তৰ সম্ভেদ্ পোৱা মাত্ৰকে তেওঁ পাঁচোটামান মানুহ পাচি বাঁৰীক আৰু বাঁৰীত চাপি থকা মানুহটোক ধৰাই অনালে। মানুহটোক তিনটা লগুৱাই বাহিৰতে ধৰি ৰাখিলে; বাঁৰীক পোনেই নি বিষয়ানীৰ আগত থিয় কৰোৱা হল। কাৰ্য্যৰ গতি-গোত্ৰলৈ মন কৰিয়েই চতুৰা বাঁৰী বাইৰ গা বাজিল! তাই, কোনেও একো সুধিবলৈ নৌ পাওঁতেই, নিজে নিজে ঘটনাটোৰ আদ্যোপান্ত বৰ্ণাবলৈ ধৰিলে। তাই বিষয়ানীৰে পাৱত পৰি কান্দি কান্দি এই বুলি সৈ ললে যে, এই বিষয়ত তাই নথৈ অপৰাধ কৰিছে সঁচা, কিন্তু যাৰ উদগনিত তাই এনে কাম কৰিবলৈ আগ বাঢ়িছিল, সি তাতোকৈ অপৰাধী নহয় জানো? তাই আৰু কলে যে, সি তাইত চাপি সদায় পোহ-পাল কৰি থাকিবলৈ বুলি আজি ইমান দিন তাইৰে সৈতে গৃহবাস কৰি আছে; সেই কাৰণে হে তাৰ গুপুত উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে, জয়ন্তীয়ে পূৰ্ণ গোহাঞিদেৱলৈ লিখা চিঠিবোৰ যোৰহাটলৈ যোৱা মানুহৰ হাতত দিবলৈ নিওঁ বুলি তাই চপনীয়া মতাটোক দিছিল গৈ; বাৰীৰ কথা শুনি চাৰিওফালৰপৰ ডেকা, বুঢ়া সকলোটি চাপিলহি। সেই সকলোৰে মাজে দি বাট লৈ পূৰ্ণ গোহাঞিদেৱে শাহুৱেকত সেৱা জনাই ক্ষমা মাগিলে গৈ। বিষয়ানীয়েও অতি সন্তোষেৰে ভাবী-জোঁৱায়েকক আশ্বাস দি শান্ত কৰিলে। ইফালে, বাহিৰত ডবা-চৰ, [ ১৩১ ]

 

গেমেহা-ভুকু, কাণ-মোচৰা, নাক-টনা, শিলৰ খুন্দা ইত্যাদিৰে সৈতে চুবুৰীয়াই সেই চপনীয়া মতাক আধামৰা কৰিব লাগিছে। শেহত, তাৰ চিয়ঁৰ সহিব নোৱাৰি হাতত বন্তি লৈ গোহাঞিদেৱ আৰু জনচাৰেক মানুহে বাহিৰলৈ আহি দেখেচোন, সেইটো ৰত্নেশ্বৰ বৰমতা ! ছোৱালী বাছোঁতে বাছোঁতে এঙ্গাৰ-কলী, নাক-খাঁৰী, ফেঁচামুই, এলাইজাঁপৰী বাঁৰীত চপনীয়া চাপি লোকৰ পৱিত্ৰ প্ৰেমত বিঘিনি ঘটাবলৈ ৰত্নেশ্বৰ ধুনীয়া ডেকাই বাঁৰী-বাইৰ এৰাবাৰী ৰখীয়া হৈছেহি ! গোহাঞিদেৱ বৰ মৰমিয়াল মানুহ; তেওঁ ৰত্নেশ্বৰক সিমান জলপানেৰেই তুষ্ট হবলৈ দি,তাৰপৰা মুক্তি দিয়ালে ।

 আগেয়ে জয়ন্তীৰ বিয়াৰ আয়োজন লাহে লাহে হে চলিছিল। বিয়াৰ দিন ফাগুণ বা বহাগত হে স্থিৰ হৈছিল। কিন্তু, ৰত্নেশ্বৰৰ ধূৰ্ত্তালিয়ে জয়ন্তী আৰু পূৰ্ণ গোহাঞিদেৱৰ বাহ্যিক আৰু আন্তৰিক সম্বন্ধ আগতকৈও দৃঢ়তৰ কৰিলে। পূৰ্ণ গোহাঞিদেৱ তাত থাকোঁতেই, ইফালে বিষয়ানীয়ে গাঁৱৰ জনচাৰেক ভদ্ৰলোকক যোৰহাটলৈ পঠিয়াই আঘোণতে বিয়া পাতিবলৈ বুলি গোহাঞিদেৱৰ ঘৰৰপৰা সম্মতি অনালে। অদৃষ্টৰ গুণত বিধবা বুলিও বিয়ানীৰ অৱস্থা বৰ টনকিয়াল আছিল। তেওঁ নিজে সকলো খৰছ-পাটি দি ছোৱালী বিয়া দিবলৈ সাজু হোৱাত, যথাসমত দৰা-ঘৰীয়া সকলোটি চাপিকুচি বিষয়ানীৰ ঘৰৰ কাষত যুগুত কৰি থোৱা বাহৰত উপস্থিত হলহি। মহা আড়ম্বৰেৰে বিয়াৰ কাৰ্য্য আৰম্ভ হ'ল ৷ওচৰ-চুবুৰীয়া ভাল-ভদ্ৰ, সৰু-বৰ অলেখ মানুহে বিয়াত যোগ দিলেহি;নানা তৰহৰ গান-বাজনা, নাচ-ধেমালিৰে সৈতে পূৰ্ণ গোহাঞিদেৱৰে সৈতে জয়ন্তী আইদেউৰ সাদিনীয়া গুভবিবাহ সম্পাদিত হৈ গল। তাৰ পাচত, এগষমান মিতিৰৰ ঘৰতে মহা সন্তোষেৰে থাকি, দৰাঘৰীয়াসকল বৰ-কন্যাৰে সৈতে মহা ধুম্‌ধামেৰে ঘৰলৈ উলটিল। ৰত্নেশ্বৰ ধুনীয়া ডেকা বাঁৰী-বাইৰ ভগা-বহাতে ঘুনীয়া হৈ পৰি থাকিল ৷