পৃষ্ঠা:লাহৰী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৫
লাহৰী ।


দহ নলমান বাট গৈছে, এনেতে লাহৰীয়ে গছৰ পাতৰ ওলে দি দুটা তৰা জিলিকি থকা দেখিলে। দেখি যাওঁতেই লাহৰীয়ে অলপ চঁক্‌ খাইছিল কিন্তু তালৈ আৰু তেতিয়া তেওঁ কি মন কৰিব! লাহৰীয়ে গছ-লতা ভাঙ্গি আগুৱাবলৈ হে ধৰিলে। কিন্তু, হাঁয়, সেইটো যে বাঘ! লাহৰীয়ে মন নকৰি ভালকে কৰিলে। এই ফুৰে যাওঁতে যাওঁতে তেওঁ আকৌ এখন পথাৰ ওলাল গৈ। মুকলি পাই লাহৰীয়ে আকৌ উধাতু খাই লৰিবলৈ ধৰিলে। লৰি লৰি পথাৰখন পাৰ হওঁ হওঁ হওঁতেই পেটৰ বিষ থমকা খাই পৰি, লাহৰী আকৌ সেই ফালেই মূৰ্ছা যোৱাৰ দৰে হল। এইবাৰ লাহৰী ভালেখিনি পৰলৈকে উঠি নোৱাৰা হৈ পৰি আছিল; কিন্তু মনৰ তেজে গাত বল দিয়াত তেওঁ আকৌ উঠি বাট খেদিবলৈ ধৰিলে। এইবাৰ হাবি নাই। বিৰিণাৰ জোপা গোটাচাৰেক পাৰ হৈয়ে তেওঁ এখন গাওঁ পালেগৈ। সিমানতে লাহৰীৰ গা অলপ গহীন হল, তথাপি ভয় যোৱা নাই। তেতিয়াও বেগাবেগিকৈ তেওঁ উজনিৰ মুখে যাবলৈ ধৰিলে। এই দৰে যাওঁতে যাওঁতে লাহৰী দুখন পথাৰ আৰু তিনিখন গাওঁ পাৰ হৈ গল। তাৰ পাচত, লাহৰীৰ মনৰপৰা ধৰা-পৰাৰ ভয় আঁতৰ হবলৈ ধৰিলে। পাষণ্ডহঁতৰ হাত সাৰিলোঁ বুলি ভাবি লাহৰী এফেৰি উলাহিত হল; আৰু সকলো দুখ-ভাগৰ তেওঁ ক্ষন্তেকৰ নিমিত্তে পাহৰি গল। এই দৰেই আৰু এখনমান তামোল খাবৰ পৰ যাওঁতেই ৰাতিপুৱাই আহিল। লাহৰীয়ে ভাবিলে, বহুত বাট আহিলোঁ। বাস্তৱতে, বহুত বাট যোৱাও হয়। এতিয়া আৰু পাষণ্ডহঁতে তেওঁক নাপায়হি। আৰু অলপ বাট গৈয়ে তেওঁ এখন মুকলি ঠাইত ওলালগৈ। লাহৰীয়ে তাতে এজোপা গছৰ তলত বহি, অলপ জিৰাবৰ মন কৰিলে। বহু ভাগৰেৰে বহি লাহৰীয়ে ভৰিলৈ চা্যচোন, একেবাৰে ৰাঙ্গলী হল! গোৰোৱা ফাটি তেজ ওলাইছে। ভৰিৰ তলুৱাৰ ছাল ছিগি পোৰণিত ভক্‌ভকাইছে। দুইটি ভৰি ভমভমাবলৈ