পৃষ্ঠা:লাহৰী.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৭
লাহৰী


অতি চেনেহেৰে সমিধান দিলে, “থাক্‌হি আই, আজি হে নালাগে ৷ দহ দিনো থাক্‌হি।” এই বুলি, বুঢ়ীয়ে লাহৰীক লগত লৈ ভিতৰ সোমালেগৈ।

 ইফালে ৰাতিপুৱা এডাঁৰ বেলি উঠালৈকে মানহঁত আটাইবিলাক শুয়ে আছে। তাৰ পাচত, পামপুৰীয়াই উঠি চকু-মূৰ মোহাৰি চায়, দেখোন লাহৰী নাই ! তেওঁ মান গোটাচেৰেকক জগোৱাই দি এই কথা কোৱা মাত্ৰকে আটাইবিলাকে কোঢ়াল কৰি হুল-স্থুল লগাবলৈ ধৰিলে। কিছুমান পৰ ইটোৱে-সিটোক দায় দিয়া-দিয়ি কৰি, আটাইবিলাকে চাৰিওফালে পিঁয়াপি দি আকৌ বিচাৰিবলৈ ধৰিলে। ধোদ পাষণ্ডহঁতে এতিয়া আৰু লাহৰীক ক’ত পায়! লাহৰী যে এতিয়া বুঢ়া-বুঢ়ীৰ বুকুত! চাৰিওফালে বিয়াকুল হৈ দুপৰীয়ালৈকে বিচাৰি নাপাই, আকৌ আটাইবিলাক আগৰ ঠাইতে গোট খালেহি। তাৰ পাচত, সিহঁতে কি কৰিব কি নকৰিব বিবুদ্ধি হৈ পামপুৰীয়াক বুধি সুধিলে। পামপুৰীয়াই আৰু আন উপায় কি দিব! ৰত্নেশ্বৰক এই ঘটনাৰ কথা জনাবলৈকে তেওঁ স্থিৰ কৰিলে। সদৌশেহত পামপুৰীয়াৰ কথা মতেই মানহঁত লঘোনে-ভোকে ৰত্নেশ্বৰৰ ঘৰলৈ যাবলৈকে ওলাল। ৰত্নেশ্বৰৰ ঘৰৰ ওচৰ পাই, পামপুৰীয়াই মানহঁতক জোপা এটাৰ ওচৰতে থাকিবলৈ দি, তেওঁ ৰত্নেশ্বৰক মাতি আনিবলৈ গল। কিন্তু পামপুৰীয়াই ঘৰ পাই দেখেগৈ দেখোন ৰত্নেশ্বৰৰ ঘৰ-দুৱাৰ বন্ধা । ওচৰ-চুবুৰীয়াক সোধাত জনা গল যে, দহ দিনমানৰেপৰা তেওঁ ঘৰত নাই। পামপুৰীয়াই ভাবিলে যে, ৰত্নেশ্বৰে টকা দিয়াৰ ভয়ত হে পলাইছে ৷ এই ভাবি, ভয়ত তেৱোঁ পলাবৰ উপায় ভাবিবলৈ ধৰিলে ৷ কিন্তু, মানহঁত সেই পাকত সিমান অজলা নহয় ৷ সিহঁতে পামপুৰীয়াৰ পিচে পিচে তিনটা মানুহৰ চোৰাংকৈ পঠিয়াই দিছিল ৷ পামপুৰীয়াই ইফালে-সিফালে চাই বেগাবেগিকৈ পলাবৰ উপক্ৰম কৰোঁতেই, মানহঁতে বুজিব পাৰিলে ৷ সিহঁতে একে খেদাই গৈ তেওঁক ধৰি