লাহৰী/ত্ৰয়োদশ আধ্যা

ৱিকিউৎসৰ পৰা
[ ৮৮ ]
১৩। আধ্যা ।
ন-পমুৱা মান ।

 সেই দিনা ৰত্নেশ্বৰ ৰাজখোৱাই সঁচাকৈয়ে পামপুৰ পাৰ নোহোৱালৈকে বাহী-গা নুধুলেই। তেওঁ ঘৰলৈ খোজ লওঁতেই বেলি ভাটি দিছিল; বৰনৈ পায়গৈমানে আবেলি হল। ৰত্নেশ্বৰে নৈ-দাঁতীয়া মিৰিগাঁৱত সোমাই গাখীৰ এপোৱামান আৰু কল দুটামান কিনি ললেগৈ; আৰু বৰনৈতে গা ধুই তাকে খাই মাথোন তেওঁ পেটৰ পোৰণি মাৰিলে। তাৰ পাচে কোবাকুবিকৈ খোজ ধৰি তেওঁ সেই দিনাই ঘৰ পালেগৈ। ঘৰত গৈয়ো, দিনদিয়েক তেওঁৰ মনত সমূলি সুখ-শান্তি নোহোৱাত পৰিল । অন্তত, প্ৰতিহিংসাৰ ভাবে মনত ঠাই ললেহি; আৰু দিনে দিনে সেই হিংসা-ভাব ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। সেই দৰেই মাহদিয়েক পাৰ হৈ গল; এদিন সেই প্ৰতিহিংসাৰ প্ৰেৰণাত ৰব নোৱাৰি, তেওঁ এইবুলি অঙ্গীকাৰ কৰিলে যে, যেনে-তেনে উপায়েৰে তেওঁৰ সেই হাবিয়াসৰ ধন লাহৰীক তেওঁ হাত কৰিবই কৰিব। ইয়াকে গুণা-গঁথা কৰি, সেই দিনাই, সিবাৰ তেওঁৰ ঘৰত আলহী থকা পামপুৰীয়া মানুহটিক আনিবলৈ ৰত্নেশ্বৰে মানুহ পাচিলে। বাতৰি পোৱা মাত্ৰকে যথা সময়ত পামপুৰীয়া গৈ উপস্থিত হলত, ৰত্নেশ্বৰে তেওঁক নিজৰ মনৰ কথা ভাঙ্গি কলে। তেওঁ নিজৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে বৰ্ত্তমান যি যি উপায় পাঙ্গিছিল, তাক পামপুৰীয়াৰ আগত এইবুলি কবলৈ ধৰিলে, পামপুৰীয়া তোমাক আজি মই মোৰ মনৰ কথা এটা ভাঙ্গি কওঁ । আমাৰ দেশৰ অৱস্থা দুৰাচাৰ মানহঁতে তিনিবাৰে নিবাৰকৈ যি কৰি ৰৈ গৈছে, সেয়ে আটিছে। ইয়াৰ উপৰি, আমি জনা-শুনা মানুহ হৈ আকৌ [ ৮৯ ] তাহাঁতৰ আদিকা থাকি যোৱা উপদ্ৰৱী মানহঁতক উৎসাহ দিয়াটো যুগুত নহয়। কিন্তু, পামপুৰীয়া মোৰ বৰ্ত্তমান মনৰ উত্তেজনাত, মই সেই কীৰ্ত্তিনাথৰ জীয়েকক বলেৰে আনিব লগীয়া হয় যদিও, যেনে-তেনে উপায়েৰে আনিম বুলি ভীষ্ম-প্ৰতিজ্ঞা কৰিলোঁ। এতিয়া মোৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ হলে, সেই মানহঁতৰ সহায় নললে নচলে। সেই কাৰণে, মই এতিয়া ন-পমুৱা মান কিছুমান গোটাবলৈ যাওঁ; তোমাকো লগতে লৈ যাব খোজোঁ ৷ তোমাক লগত নিয়াৰ আন কোনো অৰ্থ নাই, মাথোন তোমাক চিনাকি কৰি দি, সিহঁতক তোমাৰ লগ লগাই দিম। তুমি আন বিশেষ একো কৰিব নালাগে; মাথোন সিহঁতক কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ জীয়েক লাহৰীক চিনাই দিবাঁগৈ। আমি আজিয়েই ঘৰৰপৰা ওলাওঁ বুলিছোঁ; আশা কৰোঁ, ইয়াত তোমাৰ কোনো আপত্তি নাথাকিব।”

 পামপুৰীয়া—“নহয়, বোপা-দেউতা, মই কিনো-ৰূপে-সৈতে, নোৱাৰিম হবলা? সিহঁতে আকৌ আমাৰ গাওঁ ভাঙ্গি, কিনো-ৰূপে-সৈতে, খাস্তাং কৰিব।”

 ৰত্নেশ্বৰ।—“তুমি সেই কথালৈ একো ভয় নকৰিবাঁ; মই সিহঁতক ঠিক ৰাখিব পাৰিম।”

 পামপুৰীয়া ৷—“বাৰু তেন্তে, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, আপুনি হে জানে। গাওঁ ভাঙ্গিব খুজিলে কিন্তু কিনো-ৰূপে-সৈতে, মই আগধৰি ভাঙ্গিম ৷”

 পামপুৰীয়াক এই প্ৰস্তাৱত মান্তি কৰাই, ৰত্নেশ্বৰে লগত কিছুমান টকা আৰু লগুৱা এটা লৈ, সেই দিনাই দুয়ো ন-পমুৱা মানৰ গাঁৱলৈ যাত্ৰা কৰিলে ৷

 সেই ন-পমুৱা মানবিলাকৰ সম্বন্ধে বহলাই বৰ্ণনা নকৰিলেও হব; অসমত ইহঁতৰ বসতিৰ বিষয়ে ‘মানৰ দিন’ কাহিনী জনাসকলে ভালকৈ [ ৯০ ] জানে। মানৰ সেই উপদ্ৰৱৰ পাচতো, অসমত ৰৈ যোৱা এই ন-পমুৱা মানহঁতে ছেগ বুজি উপদ্ৰৱ কৰে; সেই কাৰণে অনেকে ইহঁতৰ উপদ্ৰৱো মানৰ উপদ্ৰৱৰ লগতে ধৰি থয়। মানে লুট্‌-পাট্‌ কৰি জুৰুলা কৰি থৈ যোৱাৰ পাচতো, ৪|৫ বছৰলৈকে মাজে মাজে ইহঁতৰ উপদ্ৰৱ চলি আছিল। আন কি, ইহঁতৰ উপদ্ৰৱ বাৰেওকালি হয় বুলিলেও বঢ়াই কোৱা নহয়; কিয়নো, ইহঁতে অসমীয়াক অত্যাচাৰ কৰিয়েই জীবিকা চলাইছিল। কোনো মানুহৰ উদগনি পালে যে কথাই নাই। এই দৰেই, অনেক দুষ্ট কুলাঙ্গাৰে দুখীয়া প্ৰজাৰ বয়-বস্তু লুট্‌-পাট্‌ কৰোৱাই সৰ্বনাশ কৰিছিল। আমি যি সময়ৰ কথা কৈছোঁ, সেই সময়ত এই ন-পমুৱা মানবিলাকক য’তে-ত’তে পোৱা গৈছিল। ইহঁতে য'তে জীবিকা উলিয়াবৰ সুবিধা দেখে, সেই ঠাইৰ ওচৰতে গুপ্তভাৱে বসতি কৰিছিল। কিন্তু, ৰত্নেশ্বৰৰ বৰ্তমান উদ্দেশ্য সাধিবৰ নিমিত্তে যেই-সেই মানৰে সৈতে কাম নচলে; গতিকে তেওঁ একেবাৰে ভালেমানলৈ উজাই যাব লগীয়া হল। কিয়নো, আন ঠাইতো তেওঁৰ উদ্দেশ্যৰ উপযুক্ত মান পোৱা যায় নে নাযায়, ৰত্নেশ্বৰে নাজানে। দুবছৰমানৰ আগেয়ে ৰত্নেশ্বৰে ছোৱালী চাবৰ মনেৰে এবাৰ উজনিলৈ গৈছিল ; তেতিয়াই তেওঁ এখন ন-পমুৱা মানৰ গাওঁ দেখি যায়। সেই বাৰ তেওঁ উজাই যোৱাৰ বিষয়েও অলপ কব লগীয়া আছে। কিন্তু, সবিশেষ অলপ পাচে হে কোৱা যাব। ৰত্নেশ্বৰে উজনিত আগেয়ে ছোৱালী খুজিবলৈ যাওঁতে চিনাকী হোৱা মানুহএঘৰতে এৰাতি কটালে। তাৰ পিচদিনা মান-গাঁৱলৈ গৈ চাৰিকুৰিমান মান গোটাই লৈ আনিবলৈ ঠিক কৰিলে। তাৰ পাচত, সিহঁতক ৰত্নেশ্বৰে নিজৰ উদ্দেশ্য ভালকৈ বুজাই দি সুধিলে, “তহঁতে পিচে গাৱঁৰ মানুহক আমনি নকৰ নহয়?”  মানহঁত।-- (এজাকে একেবাৰে) “উঃ নকৰঙ্‌ অ, দৌটা, নকৰঙ্‌ । তুই পাচে আমাক ধন নিদিলে হে বয়া হব।” [ ৯১ ]  ৰত্নেশ্বৰ।—“তহঁতে মোৰ কাম কৰি দিব পাৰিলে মই তিনিকুৰি টকা দিম বুলিছো নহয়।”

 মানহঁত।—“বাৰু, অ দৌটা, তোৰ কাম কৰি দিম দে, তই ভয় নকৰিবি।”

 ৰত্নেশ্বৰ।—“আৰু এটা কথা। মই তহঁতৰ লগত নাযাওঁ। (পামপুৰীয়াক দেখুৱাই) তহঁতে এই মানুটিয়ে যি কয়, তাকে শুনিব লাগিব। এওঁ হে সেই ছোৱালীজনী দেখুৱাই দিবগৈ।”

 মানহঁত।—“হুনিম দে অ, দৌটা, হুনিম। তই একো ভয় নকৰিবি দে। আমি জানোং, এওঁৰ কথা মতে চলিম।”

 ৰত্নেশ্বৰ।—“বাৰু তেন্তে, তহঁত কাইলৈ ৰাতিপুৱাই আটাইবোৰ ওলাই আহিবিহঁক। এতিয়া ঘৰাঘৰি যাগৈহঁক দেই।” যাবলৈ কোৱা মাত্ৰকে মানহঁত দিহাদিহি ঘৰলৈ গল। ৰত্নেশ্বৰেও পামপুৰীয়াৰে সৈতে আলহী থকা ঠাইলৈ উভতি আহিল।

 সেই দিন সেই আলহী-বহাতে শুদাই-নিকাই এমুঠি খাই লৈ, পামপুৰীয়াৰে সৈতে ৰত্নেশ্বৰে কোবাকুবিকৈ ঘৰলৈ ওলটা-যাত্ৰা কৰিলে। বাটে-বাটে দুইৰো মাজত অনেক কথা-বতৰা হল। মানহঁতক লগাই, কেনেকৈ ঘৰ-বেৰা দি, লাহৰীক ধৰি লৈ, একেদিনাই বৰনৈ পাৰ হৈ, ক’তো এখন্তেকে নোৰোৱা-নিজিৰোৱাকৈ ৰত্নেশ্বৰৰ ঘৰ পাবগৈ লাগিব; লাহৰীক নি পোনেই তেওঁৰ আগত থিয় কৰাব, মানহঁতক তাতে আৰু দিনদিয়েক ৰাখি, আগন্তুক খেদি অহা মানুহক কেনেকৈ ওফৰাই পঠিয়াব ইত্যাদি লানি-নিছিগা আলাপ-আলোচনাৰে সৈতে বাটকুৰি বাই সেই একেদিনাই দুয়ো ৰত্নেশ্বৰৰ ঘৰ পালেহি।