পৃষ্ঠা:লাহৰী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২০
লাহৰী ৷


কিন্তু, তেনে বাউলী অৱস্থাতো কমলৰ কথা কেইটিয়ে লাহৰীক কিমান গুণ দিলে! এই সংসাৰত যি যাক প্ৰাণে-প্ৰাণে ভাল পায়, তেওঁৰ প্ৰাণত তেওঁৰ কথা প্ৰাণে-প্ৰাণে লাগি যায়। প্ৰিয়জনৰ মুখৰ মধুৰ কথাই উতলা হিয়াক চেঁচা কৰে। ই স্বাভাৱিক নীতি। লাহৰীয়ে সেই দিনা তেওঁৰ প্ৰাণৰ প্ৰাণ কমলৰ মুখৰপৰা সেই দুষাৰি কথাতে দুটি মহৌষধ পাই আকৌ ভালেমান দিনলৈকে স্থিৰে ৰব পৰা হল । আহিনীয়ে লাহৰীক কেঁচুৱাৰেপৰা কোলাত লৈ ডাঙৰ কৰিছিল। সৰুৰেপৰা লাহৰীক তাই বৰ মৰম কৰিছিল। আগেৰেপৰা লাহৰীয়ে যেনে কাম ভাল পায়, আহিনীয়ে তেনে কাম মৰি-পৰি কৰে। সেই দিনা পুখুৰীপাৰৰপৰা আহিয়েই লাহৰীয়ে মনে মনে আহিনীক লগত লৈ আকৌ পুখুৰীপাৰৰ ফুলনিলৈ গল । ফুলনিত গৈ লাহৰীয়ে আহিনীক লাহে-ধীৰে কবলৈ ধৰিলে, “আহিনী বাই,তোক আৰু মই ইমান দিনে কোনো কথা এই দৰে গুপুতে কব লগাত পৰা নাই। আজি তই মোৰ বৰ কাম এটা কৰি দিব লাগে। পাৰিবি নে নোৱাৰ আগেয়ে ক।”

  আহিনী।—“আইদেউ! মই নো আপোনাৰ কথা কেতিয়া নুশুনোঁ ! আপোনাৰ কথাত যদি মই মৰিবলৈকো যাব লাগে, তেও আগ বাঢ়িম ।”

 লাহৰী।—“আহিনী। তই যে মোক বৰ ভাল পাৱ, মই আগৰেপৰা জানোঁ।। সেই দেখি হে তোক আজি মোৰ এনে গুপুত কথাৰো ভাগ দিবলৈ মাতি আনিছোঁ। এতিয়া কথা হৈছে কি, তই কোনেও নজনাকৈ মোৰ চিঠি কমললৈ আৰু কমলৰ চিঠি মোলৈ নিয়া-অনা কৰিব লাগিব। পাৰিবি নে নোৱাৰ, ক এতিয়া।”

 আহিনী।—“বাৰু, আইদেউ, কৰিব লাগে।”

 লাহৰী৷— “আহিনী। তই নো মোক কিমান ভাল পাৱ, আজি ভালকৈ বুজিলোঁ। বাৰু, এতিয়া যা। মই অলপ পাচে যাম।”