পৃষ্ঠা:লাহৰী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৪
লাহৰী


অহঃ, ঔষধটিৰ কেনে গুণ! এপালিতে লাহৰীক সাংঘাতিক ৰোগৰপৰা নিস্তাৰ কৰিলে। তাৰপৰা উঠি আহি, লাহৰীয়ে ঘৰৰপৰা গোপনে লিখাৰ সঁজুলি লৈ, আকৌ সেই জোপাটিৰ মাজত বহি ললেগৈ। ইমান দিনে লাহৰী-কমলে যিবোৰ চিঠি-পত্ৰ চলাইছে, পুথিৰ কলেৱৰ বঢ়াৰ আশঙ্কাত আমি পাঠকক সেইবোৰৰ নকল দিব নোৱাৰিলোঁ । সেই কাৰণে, সিবিলাকে ইতিমধ্যত লিখা চিঠি কেখনিমানকে তাৰ আৰ্হি স্বৰুপে চাওক:-

“শ্ৰীশ্ৰীহৰি শৰণং ।”

কমল !

 ইয়াৰ অলপৰ আগেয়ে মই আকৌ বাউলী হব লগাত পৰিছিলোঁ। মোক ক্ষন্তেকৰ নিমিত্তে তুমি দিয়া জীৱনীমন্ত্ৰৰ বল-শক্তিয়ে এৰি গৈছিল। কিন্তু, তোমাৰ মহামন্ত্ৰৰ কি যে গুণ!—তাক এবাৰ মুখত লৈয়ে মই এতিয়া আকৌ সুস্থিৰ হলোঁ; মই এতিয়া আকৌ আগৰ দৰে থিৰ; মোৰ এৰি যোৱা বল-শক্তিয়ে ঘূৰি আকৌ ভাগে ভাগে মোক বল দিছেহি। নহলে তো মই তোমালৈ ইমান সোনকালে চিঠি লিখিবকে নোৱাৰিলোহেঁতেন। তুমি মোক যেনে শান্ত, ধীৰ আৰু ভাল অৱস্থাত দেখিবলৈ ভাল পোৱা, মই এতিয়া ঠিক তেনেই আছোঁ । এতেকে, মোৰ নিমিত্তে তুমি অকণো চিন্তা নকৰিবাঁ। এতিয়া, তুমিও মোৰ দৰেই সেই মহামন্ত্ৰ সুমৰি সুখে আছাঁ বুলি জানিলেই, তোমাৰ হৈ মোৰ যি এফেৰি চিন্তা আছে, তাকো পাহৰিব পাৰোঁ ৷

 কমল! আজিৰ দিনত যি হৈ গৈছে, তাক মই চিঠিৰে জনাবৰ সকাম নাই, তুমি নিজেই সকলো বুজিছাঁ, আৰু সকলো জানিছাঁ । কিন্তু কমল ! সেই বুলি তুমি কিবা বেজাৰ বা অসন্তোষ কৰিবা নে? মই জানোঁ, তুমি কেতিয়াও বেজাৰ নকৰাঁ । মই জানোঁ, তুমি মোতকৈয়ো থিৰ ৷ কমল ! মই