পৃষ্ঠা:লাহৰী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৫
লাহৰী


অলপ পৰ চকু মুদি ঈশ্বৰক চিন্তিলেই আকৌ সুস্থিৰ হওঁ। কোনোবাই যেন মোক কাণে কাণে কৈ যায়হি যে, আমি ভয় কৰাৰ সকাম নাই । আমাৰ ঈশ্বৰ সহায়। সি যি হওক, কমল! মোৰ ই প্ৰাণে তোমাত বাজে আন কাকো নাজানে। এই জগতত মোৰ নিজৰ প্ৰাণতকৈয়ো ভাল পোৱা প্ৰাণীৰ ভিতৰত তুমিয়েই প্ৰথম। তোমাৰ পাচত হে মোৰ মৰমৰ আইতা আৰু দেউতা। কমল! এই পৃথিবীত মই যিমান দিন জীয়াই থাকোঁ, তোমাৰ প্ৰতি মোৰ ভালপোৱা অটল। মোন এই সময়ৰ জীৱনৰ ধৰণী সেই দীনবন্ধুৰ চৰণত খাটিছোঁ, যেন জন্মে-জন্মে মই তোমাৰেই হে সঙ্গিনী হবলৈ পাওঁ। এতিয়া, কমল! তুমিও যেন মোৰ দৰেই খিৰ থাকিবাঁ, ইয়াকে হে আশা কৰিলোঁ। ইতি  মৰমৰ,——লাহৰী।

    

লাহৰি!

 তোমাৰ চেনেহী চিঠিখনি পঢ়ি মোৰ হিয়াত আনন্দ উপচি পৰিছে, অন্তৰত ভাব নধৰা হৈছে। কিন্তু লাহৰি, কিনো কম, মোৰ ভাব আছে,ভাষা নাই, প্ৰকাশ কৰিবৰ উপায় নাপাওঁ। তোমাৰ দৰে খোৰতে এপাচী ভাব একঠা কথাৰে আখৈ-ফুটাবলৈ আই-সৰস্বতীয়ে মোৰ কাপ-কণ্ঠত খিত্ নিদিয়েচোন। মই অতি অভাজন, তাতে দুৰ্ভগীয়া। মোৰ সুখ-দুখলৈ মই নাভাবোঁ, কেনেবাকৈ মই হেতু হৈ তোমাৰ সুখ-শান্তি ভাঙ্গো বুলিহে সদায় ভয় কৰোঁ । সি যি হওক, লাহৰি, তুমি সকলো আশা-ভাৰসা অন্তৰ্য্যামী পৰমেশ্বৰৰ চৰণত নিৰ্ভৰ কৰি নিশ্চিত আছাঁ বুলি জানি, ময়ো এফেৰি নিশ্চিন্ত আছে। আগন্তুক আপদ-সাগৰৰপৰা কোন্ পাকে কেতিয়া কিভাৱে আমি পাৰ পামহঁক,সেইটো নেদেখাজনেহে দেখিছে ৷ আজিলৈ ইমানতে দেই,লাহৰি ৷ ইতি—

 মৰমৰ,—কমল।