পৃষ্ঠা:লাহৰী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২। আধ্যা।
——⸺⸺——
চিঠি-পত্ৰ।

 সেই দিনা লাহৰীক অকলশৰে পুখুৰীপাৰৰ ফুলনিত বাউলী অৱস্থাত এৰি অহাৰেপৰা সিদিনা আকৌ খোজা-বঢ়া কৰিবলৈ অহা তিৰোতাৰ মেলত ছয়াঁময়াকৈ দেখালৈকে ভালেখিনি কথা কব লগীয়া আছে। কমলে সেই দিনা লাহৰীক সঁচাকৈয়ে জিৰণিৰ ঔষধ হে দি আহিল । আমি সেই দিনাই কৈ আহিছোঁ যে, কমলে শেহত কোৱা কথা কেইষাৰি লাহৰীৰ মনত বৰকৈ লাগিল। লাহৰীয়ে লিখা-পঢ়া জানে বুলিও, চিঠিৰ মহিমা তেওঁ বুজা নাছিল। সেই দিনা কমলে কওঁতে হে তেওঁ এই নতুন উপায়ৰ মোল পালে। লাহৰীয়ে সেই দিনাই আৰু এটি মহৌষধ লাভ কৰিলে। তেওঁ যদিও অনেক পুথি-পাঁজিত ঈশ্বৰৰ লীলা-খেলা আৰু মহিমাৰ কথা পঢ়িছে, যদিও দেউতাকৰ লগত তেওঁ সদায় পুজা-সেৱা আদিত লাগি থাকে, তথাপি ইমান দিনলৈকে সঙ্কটৰ সময়ত ‘ঈশ্বৰ’ সুমৰণৰ যে কি প্ৰতিকাৰ তেওঁ তাৰ মহিমা বুজা নাছিল। সেইদিনা কমলে নিচেই শেহত কৈ গৈছিল, “ঈশ্বৰ আছে, তেওঁ যি কৰে”। সেই মুহূৰ্ত্তৰেপৰা সেই কথাকিটি লাহৰীৰ কোমল হিয়াত দৃঢ়ৰূপে লিখা ৰল। অহঃ, কমলৰ মুখৰ এই কথাই লাহৰীক কিমান শান্তি দিয়ে ! কমলে যি কথা কয়, সি লাহৰীৰ অন্তৰত কিমান দকৈ বহে! সেই দিনা ইমান বাউলী হৈছিল যে, তেওঁ ফুটাই কথা এষাৰিকে কব নোৱাৰিলে।