পৃষ্ঠা:লাহৰী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২২
লাহৰী

দুবাৰ-তিনিবাৰমান লিখা-লিখি কৰি লাহৰীয়ে চিঠিৰ মোল সুন্দৰকৈ বুজি উঠিলে। বাস্তৱতে, চাবলৈ গলে, চিঠিয়ে পৱিত্ৰ প্ৰেমৰ ৰস যিমান উলিয়াব পাৰে, আন একোৱে সিমান নোৱাৰে। যাক প্ৰাণে-প্ৰাণে ভাল পোৱা যায়, তেনে জনলৈ চিঠি লিখি যে কেনে পবিত্ৰ সুখৰ অধিকাৰী হোৱা যায়, যি এবাৰ তেনে সুখৰ মোল পাইছে, তেওঁ হে বুজিছে । কিন্তু, সেই বুলি যেই সেই চিঠিয়েই তেনে সুখ টানিব নোৱাৰে। বৰঞ্চ, পৱিত্ৰ প্ৰেম আৰু পবিত্ৰ ভাবৰ চিঠি নহলে, প্ৰেম-পত্ৰই তাৰ বিপৰীত ফল হে জন্মায়। তেনে চিঠিয়ে বিপদৰ দুৱাৰ সোনকালে মুকলি কৰে। কিন্তু, লাহৰীয়ে কমললৈ লিখা চিঠি! অহঃ, যি কমলৰ মুখৰ দুটি কথা একেলগ কৰি, তাৰপৰা পৱিত্ৰ ভাব লৈ আৰু সঙ্কটত নিৰুপায় হৈ অদৃষ্টক সাক্ষী কৰি চিঠি লিখিবলৈ বহে, তেওঁৰ কাপে মৌ-বৰষায়, তেওঁৰ কাপে বিপদ মাৰ নিয়ায়। ইয়াৰ পাচতো কেইবাখনো চিঠি-পত্ৰ চলোৱা হল; প্ৰত্যেক খনিতে একে পৱিত্ৰ ভাব, পৱিত্ৰ কথা। লাহৰী-কমলে আগত এটা ডাঙৰ ভেটা আৰু অসংখ্য বিপদলৈকো আওকাণ কৰিছিল বুলিও, কোনো এখন চিঠিত কোনো এটি কথা ভ্ৰম বা অজ্ঞান স্বৰূপে লিখা নাছিল। লাহৰী-কমল যেন সেই সময়ত নৈতিক বলেৰে বলী আৰু দৈব জ্ঞানেৰে জ্ঞানী হৈছিল। কিয়নো, যি মুহূৰ্ত্তত কমলৰ মুখৰপৰা লাহৰীৰ আগত সেই শেহৰ কথা কেষাৰি ওলাইছিল, সেই মুহূৰ্ত্তৰেপৰা লাহৰী-কমলে আশা-ভৰসা, বেজাৰ-বিপদ সকলোকে অদৃষ্টৰ ওপৰ নিৰ্ভৰ কৰি নিশ্চিন্ত হল, সেই দিনাৰেপৰা লাহৰীয়ে বৰ্ত্তমান বিপদৰ কথা হে নালাগে, যেই-সেই কথাতে অলপ মন বেয়া লাগিলেই, অকলে অকলে পুখুৰীপাৰলৈ গৈ এটি জোপাৰ মাজত, বহি, চকু মুদি নিয়তিক ভাবিলৈ ধৰেগৈ; মনৰ শান্তি নোপোৱালৈকে লাহৰীৰ সেই আন্তৰিক উপাসনা নেভাগে। এই দৰে ভাবি ভাবি নিয়তিৰ নীতিত লাহৰীৰ বিশ্বাস এনে দৃঢ় হল যে, সেই বিশ্বাসেই