পৃষ্ঠা:লাহৰী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২০
লাহৰী

তেওঁৰ সকলো বিপদ গুচোৱা অব্যৰ্থ মহৌষধ হৈ উঠিল। স্বৰূপতে, এই সংসাৰ-সাগৰৰ মাজত অদৃষ্ট-নিৰ্ভৰ একেখনি মাথোন আশা-তৰি। এনে বিশ্বাসে যাৰ হৃদয়ত এবাৰ ঠাই পাইছে, যাৰ হৃদয় এবাৰ এনে নৈতিক পোহৰে উজ্জ্বল কৰিছে, তেওঁ আৰু এই ভয়ঙ্কৰ সংসাৰ-সাগৰৰ বিপদটোলৈ কেৰেপ্ নকৰে। নিলগৰপৰা অনেকে অনেক কব পাৰে, কিন্তু যি এবাৰ চকু মুদি সেই নিয়তিৰ মুৰ্ত্তি হিয়াত থাপনা কৰিছে, যাৰ হৃদয় সেই শিৱ মূৰ্তিয়ে এবাৰ মঙ্গলময় কৰিছে, সি আৰু ইহ-জনমত সেই পৱিত্ৰ নামৰ মহিমা পাহৰিব নোৱাৰে। লাহৰীৰ এই উপাসনা কৰিবলৈ কোনো ঠাইৰ ঠিকনা নাই, সময় নিৰ্দ্ধাৰিত নাই; য'তে যেতিয়াই সুবিধা ঘটে, ত’তে তেতিয়াই তেওঁ উপাসনাত ধৰে ।

 এই দৰে লাহৰী আকৌ বহুত দিনলৈকে নিশ্চিন্ত আছিল। কিন্তু হাঁয়, মানুহৰ মন। একেটি বিশ্বাসে কিমান স্থিৰ ৰাখিব। সেই দিনা ৰাতিপুৱাৰপৰা খোজ-বঢ়াৰ উলহ-মালহ লাগিবৰ দেখি, লাহৰী আকৌ নিৰাশাৰ সোঁতত উটি যাবলৈ ধৰিলে, লাহৰী আকৌ সেই চেঁচুকৰ সোঁঁতত পৰি ঠেৰেঙ্গা লাগিল; লাহৰীৰ হাত-ভৰি অৱশ হৈ পৰিল। লাহৰীৰ সেই দিনাৰ অবস্থা কোৱাতকৈ অনুমানত হে বেচিকৈ বুজা যায়। সেই দিনা তিৰোতা-সমাজত কোনেও লাহৰীৰ তেনে মৰ্ম্মান্তিক বেদনাৰ প্ৰকৃত কাৰণ বুজিব পৰা নাছিল। খোজ-বঢ়া শেষ হোৱাৰ পাচত সকলো ঘৰা-ঘৰি উঠি পল। লাহৰীয়েও লাহেকৈ উঠি তেওঁৰ মহৌষধ সেৱন কৰাৰ ঠাই পুখুৰীপাৰৰ ফালে খোজ ললে। ফুলনিত গৈ এটি জোপাৰ মাজত বহি চকু মুদি সেই বিধানকাৰী বিধাতাক ভাবিবলৈ ধৰিলে। তিনিখনমান তামোল খাবৰ পৰ ধ্যানত বহি, লাহৰীয়ে চকু মেলি চাই দেখে, দেখোন সকলো মঙ্গলময় ৷ সম্পদৰ অমৃতময় আখ্যানে মন-প্ৰাণ যেন শীতল কৰি নিছে ৷ লাহৰীয়ে এই দুখ অনুভৱ কৰি অকলে অকলে হাঁহিবলৈ ধৰিলে ৷