পৃষ্ঠা:লাহৰী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২১
লাহৰী

 আহিনী অহাৰ পাচত লাহৰীয়ে গুণ্-গুণ্‌কৈ কৈ নাম গাই ফুলনিৰ মাজে-মাজে ফুৰিবলৈ ধৰিলে। লাহৰী এতিয়া এনে গহীন, কোনে কব পাৰে যে, এই লাহৰীয়েই এই পুখুৰীপাৰতে অলপৰ আগেয়ে বাউলীটি হৈছিল। পাচে, সন্ধ্যা হবৰ দেখি লাহৰী ঘৰলৈ আহিল। লাহৰীৰ আইতাকেও আজি লাহৰীক এনে স্থিৰ হোৱা দেখি মনে মনে বৰ ৰং পাইছিল। তেওঁ ইটো-সিটোক ফুচ্‌ফুচাই কৈ ফুৰিছিল, “আজি আইদেউৰ মনটি ভাল দেখিছোঁ; তহঁত কোনো ওচৰলৈ নাযাবিহঁক।” আইতাকে আকৌ বাৰ জুমি চাই কলে, “মোৰ পোনাই আখৰ লিখিছে।” এই বুলি তেওঁ বুলনি-ঘৰলৈ ওলাই গল। ইফালে যে লাহৰীয়ে কি আখৰ লিখিছে তাক তেওঁ হে জানে। লাহৰীয়ে কিতাপ চাই আখৰ লিখা ভাওটিৰে আগতে কিতাপ এটি মেলি লৈ মনে মনে কমললৈ চিঠি লিখিবলৈ ধৰিছে। চিঠি লিখিবলৈ বুলি হাতত কাপ লোৱা লাহৰীৰ এয়ে প্ৰথম। সেই দিনা চিঠিত অইন বিশেষ কথা একো লিখা নাই, কেৱল আগ-ৰাতি দেউতাক আৰু আইতাকে কি মন্ত্ৰণা কৰিছিল, তাকে হে লিখিলে। লিখিলে বুলি, কমলৰ উৎপত্তিৰ কথা যি শুনিলে, তাক একোকে নিলিখিলে। কিয়নো, লাহৰীয়ে তেনে কথা লিখি কমলৰ মনত দুখ দিয়ক অন্ত, নিজৰ মনৰ দুখৰ কথা লিখিও কমলৰ মনত দুখ দিব নোখোজে। কেতিয়াবা অগত্যা একেষাৰ লিখিব লগাত পৰিলেও, তাক আন সন্তোষৰ ভাবেৰে তেওঁ ঢাকি পঠিয়ায় ।

 পিচদিনা ৰাতিপুৱাই আহিনীয়ে চিঠি লৈ কমলক দিলেগৈ। কমলে তেতিয়াই উত্তৰ নিদি আহিনীক অলপ পাচত আহিবলৈ কৈ পঠিয়ালে। কমলেও, এনে চিঠি লিখিবলৈ কাপ লোৱা আজিয়েই প্ৰথম। তথাপি,কমল এতিয়া লৰা নহয়। সৰু কালতে কমলৰ তীক্ষ্ণ বুদ্ধিৰ বিশেষ চিনাকি পোৱা গৈছিল। চিঠিৰ উত্তৰ তেওঁ এনে মৌ-বৰষাকৈ লিখিলে যে লাহৰীয়ে পঢ়ি দুখ, বেজাৰ, বিপদ সকলো পাহৰি গল ৷ তাৰ পাচত, আৰু