লাহৰী/অষ্টম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা

[ ৫২ ]


৮। আধ্যা।
বিয়াৰ মন্ত্ৰণা।
————

  পোন্ধৰ বছৰ পাৰ হৈ লাহৰীৰ বয়স এতিয়া ষোল বছৰত সোমালহি। লাহৰীৰ আৰু এতিয়া আগৰ দৰে গাঁৱৰ লৰা-ছোৱালীৰে সৈতে পুখুৰীপাৰৰ ফুলনিত ফুৰি উমলিবৰ দিন নাই। লাহৰীৰ আৰু এতিয়া তেওঁৰ প্ৰাণৰ প্ৰাণ মৰমৰ কমলৰে সৈতে হাতত ধৰা-ধৰিকৈ ফুলনিৰ মাজে মাজে ফুৰি নানা তৰহৰ নিতে ন-ন কথা পাতি আনন্দ উপভোগ কৰাৰ দিনো নাই। লাহৰী এতিয়া ভিতৰ-বাৰীত ফুলি থকা এপাহী গোন্ধত আমোল্‌মোল্ গোলাপ ফুল। লাহৰী এতিয়া বুলনিঘৰত আৰি থোৱা সজাৰ এটি মইনা পখী। লাহৰী এতিয়া পুখুৰীপাৰৰ ফুলনিত বিৰহিনী ৰাধিকা। কিন্তু, [ ৫৩ ] আনন্দময়ী লাহৰীৰ ইমানতো অপাৰ আনন্দ! দেউতাক আৰু আইতাকে ভাল পোৱা কাম কৰাত লাহৰীৰ অকণো আপত্তি নাই। লাহৰীয়ে ভিতৰ-বাৰীত ফুলিও, যাক গোন্ধ বিলাব লাগে, তাৰেপৰা বিলাইছে। লাহৰীয়ে বুলনিঘৰত আৰি থোৱা সজাৰ মইনা চৰাই হৈয়ো, যাক মইনা-মাত শুনাব লাগে, তাৰেপৰা শুনাইছে। লাহৰীয়ে পুখুৰীপাৰৰ ফুলনিত বিৰহিনী ৰাধিকা হৈয়ো, হৃদয়-মন্দিৰত ধ্যানত প্ৰাণৰ কমল কৃষ্ণ-ধনক লগ পাইছে। লাহৰীক নো তেন্তে আৰু লাগিছে কি? লাহৰীয়ে আৰু ইয়াৰ ওপৰঞ্চি একো নিবিচাৰে। ইয়াকে পালেই লাহৰী সদায় সন্তুষ্ট। লাহৰীয়ে, দেউতাক আৰু আইতাকৰ ইচ্ছা-বিৰোধী হলে, এই ফেৰা সুখৰপৰাও নিজকে নিজে বঞ্চিত কৰিব পাৰে। লাহৰীয়ে, দেউতাক আৰু আইতাকৰ আজ্ঞা পালে,তেওঁবিলাকক সন্তোষ দিবলৈ নিজৰ জীৱন পৰ্য্যন্ত উছৰ্গা কৰিব পাৰে। ইমান দিনে লাহৰীয়ে দেউতাক বা আইতাকৰ এটিমান কথা পেলাইছে বুলি কোনেও কব নোৱাৰে; দেউতাক বা আইতাকে যেতিয়াই যি কয়, লাহৰীয়ে সেই কাম তেতিয়াই হৰিষ্ চিতেৰে কৰে। সৰহ কোৱাৰ সকাম নাই, কোনোবা সৰু পাঠক-পাঠিকাই যদি মাক-বাপেকৰ কথা শুনিবলৈ বা সদায় মাক-বাপেকৰ বাধ্য থাকিবলৈ শিকিব খোজে,তেন্তে তেওঁ লাহৰীৰ চলন-ফুৰণ আৰু আচাৰ-ব্যৱহাৰলৈ একাণপতীয়া হৈ চাওক। অহঃ। সেই বুলি, সেই কমল-গছৰ গাৰপৰা এই লাহৰী-লতাডালি এৰুৱাৰৰ কাৰবাৰ নকৰিবাহঁক। সেই বুলি, সেই লাহৰী-কমল দুটি সুন্দৰ উঘাত মেৰ খাই থকা দুডালি পৱিত্ৰ প্ৰেম-সূতা ছিঙ্গিবলৈ মন নেমেলিবাহঁক । তাৰপৰা যে তোমালোকৰ উদ্দেশ্য সিদ্ধি নহয়; অনাহকত সেই কোমল কমল-গছ জুপি আৰু লাহৰী-লতাডালি নাশ কৰা হব মাথোন, অবাবতে তেনে দুটি সুন্দৰ উঘা ভাঙ্গিব লগাত পৰিব ৷ লাহৰী-লতা বৰ লাজকুৰীয়া; এৰুৱাওঁতে মৰ্ম্মান্তিক বেদনা পালেও তলৰ জিভা ওপৰ নকৰে, নিমাতী ভাৱেই [ ৫৪ ] উৱলি যাব ! সেই দুগছি নিৰ্ম্মল প্ৰণয়-সূতা এগছি হৈ লাহৰী-কমল জীয়াই থাকেমানে অনন্ত; ছিঙ্গিবৰ মনেৰে মাজতে ধৰি টানি নিলে সি ওলাই গৈয়ে খাকিব। গতিকে, সূতাগছ এৰুৱাবলৈ হলে, উঘা দুটি নাভাঙ্গিলে নহব ! এতেকে, এনে নিকৰুণ কাম কৰিবলৈ মন নেমেলিবাহঁক। এনে নিঠুৰ কেতিয়াও নহবাঁহঁক। কেৱে কেতিয়াও এই দুটি প্ৰাণীলৈ ঈৰ্ষা ভাৱে নাচাবাহঁক।

 এই দৰেই আজি দুবছৰ পাৰ হৈ গল। ইমান দিনে লাহৰীয়ে দুখ কাক বোলে, শোক কাক বোলে, একো কব নোৱাৰিছিল। ইমান দিন লাহৰী সকলোৰে ওচৰত আলসুৱা থাকি সকলো কথাতে সুখত আছিল। আজি লাহৰীৰ সেই সুখৰ আগত বিধি-পথালি। আজি লাহৰীৰ সেই সুগম পথত কোনোবা শতুৰুৱে মনে মনে বিঘিনিৰ কাঁইট্ পুতিলেহি৷ আজি লাহৰীৰ নিৰ্ম্মল সূখ-আকাশত লাহে লাহে বিপদ-ডাৱৰে দেখা দিছেহি। লাহৰীয়ে এতিয়াও ওপৰলৈ চকু মেলি চোৱা নাই এথোন; কিন্তু, সৰহ পৰ নাই, অলপতে চাবই লাগিব, অলপতে সেই ডাৱৰৰ ঘোৰ মূৰ্তি দেখা পাব।

 লৰা-ছোৱালী যিমানেই ডাঙৰ হল লাগে, মাক-বাপেকৰ মানত তথাপি কেঁচুৱা। লাহৰীৰ দেউতাক আৰু আইতাকেও সেই বয়সলৈকে লাহৰীক কথা-নজনা কেঁচুৱা ছোৱালীটি যেন ভাবি আছিল। কিন্তু, পাচলৈ সিবিলাকে দেখিলে যে, সেই দৰে সৰু-সৰু বুলি আওকণীয়াকৈ থাকিবৰ আৰু সময় নাই; কোনো এটি সজ পাত্ৰত ছোৱালীটি গতাবৰ সময় পালেহি। কীৰ্ত্তিনাথ গোহাঞিয়ে এই কথা কেইবাদিনৰেপৰা ভাবি আছিল; ভাৰ্য্যাৰে সৈতে আলচ পাতিবলৈ হে আজৰি পোৱা নাছিল। পিচে, এদিন ৰাতি, ভাত পানী খাই লাহৰী শোৱাৰ পাচত, তেওঁ ছেগ বুজি ভাৰ্য্যাক কলে,“শুনিছা নে, আজি মই কেইবাদিনৰেপৰা তোমাক কথা এটা সোধোঁ[ ৫৫ ] সোধোঁকৈ সুধিবলৈ সুবিধা পোৱা নাই। লাহৰী শুলে নে? চোৱাচোন।” এই কথা কৈ তেওঁ তললৈ মূৰ কৰি আকৌ কিবা গুণিবলৈ ধৰিলে। লাহৰী শুলে নে নাই বুলি সোধোঁতেই ঘৈণীয়ে বুজি উঠিলে। তাৰ পাচত, তেওঁ লাহৰীৰ ফালে জুমি চাই, উত্তৰ দিলে, "লাহৰী নো ইমান পৰলৈ সাৰে থাকে নে? শুলে, কি কব খুজিছে কওক।”

 কীৰ্তিনাথ। — “কি কব খুজিছোঁ, — বোলোঁ, এতিয়াও আওকণীয়া হৈ বহিয়ে থাকাঁ নে? ছোৱালীটি বিয়া দিয়াৰ বিষয়ে এটা উপায় কৰিব লাগিল নহয়? ষোল বছৰ হলহি। এতিয়া নিটাল মাৰি বহি থাকিলে আৰু গা নৰয়। ভাল লৰা এটি বিচাৰিব লাগিল। মই আজি তিন দিনমানৰপৰা ভাবি আছোঁ; একো স্থিৰ হে কৰিব পৰা নাই। তুমি নো কি উপায় কৰিব খোজাঁ, কোৱাচোন বাৰু।”

 ঘৈণী। — “মই হে উপায় কৰিব লাগে! মই অপোনাতকৈ বহুত দেখিছোঁ, বহুত শুনিছোঁ আৰু সৰহ কথা জানোঁ নহয়? সেই কাৰণে, আপুনি একো স্থিৰ কৰিব নোৱাৰাত হবলা মই স্থিৰ কৰিব লাগে, নহয়? ময়ো আজি ভালেমান দিনৰেপৰা এই কথা মনতে পাঙ্গি আছোঁ; আপোনাক কোৱা হে নাই। তাৰ পাচত, এদিন কমল ⸺

  কীৰ্তিনাথ -— "কি! কমলকে বিচাৰি পালাঁগৈ হবলা? বৰ ভাল উপায়কে কৰিলাঁ। কমলৰ আঁতি-গুৰিৰ কথা নাজানা হবলা? সেই দিন কৃষ্ণৰাম গোহাঞিক মতাই আনি নো মই কি সুধিছিলোঁ? কমল আমাৰ কোনো বিষয়াৰ ঘৰৰ লৰা নহয়; কৃষ্ণৰাম গোহাঞিৰ তোলনীয়া লৰা হে। কমল নো আচল ক'ৰ লৰা, কৃষ্ণৰাম গোহাঞিয়েও ভালকৈ কব নোৱাৰে। তেওঁ অনুমানত যিমানৰেপৰা কব পাৰে, তাৰপৰা আঁতিগুৰি একো ঠিক কৰিব নোৱাৰি। তধাপি, তেওঁ অনুমানত উজনিৰ কোনোবা বিষয়াৰ লৰা বুলি কয়। কমলৰ ৰূপ, গুণ, স্বভাৱ-চৰিত্ৰ আদিলৈ চাই আমিও তাকে [ ৫৬ ] ভাবোঁ। কিন্তু, তাৰপৰা কি হব? মানুহে বুলিব কি? তদুপৰি, কমল হেনো কাঠ এভালৰ ওপৰত উঠি বৰনৈৰ মাজে মাজে উটি আহিছিল। এনে লৰাৰে সৈতে নো সম্বন্ধ ঘটাব পাৰি নে? কেৱল লোক-হাঁহিয়াত হে হব। কিনো বোলে, ‘উটি অহা লৰা।’ কমল সঁচাকৈয়ে উটি অহা লৰা। কমলৰ ৰূপ-গুণ স্বভাৱ-চৰিত্ৰ দেখি মোৰো তোমাৰ দৰেই ভাব হৈছিল। সঁচা কথা কবলৈ গলে, কমলৰ দৰে লৰাৰ শাহু-শহুৰ হবলৈ পোৱা বৰ ভাগ্যৰ কথা। মই সেই কাৰণেই কৃষ্ণৰাম গোহাঞিক মতাই আনি তলে তলে সকলো কথাৰ সম্ভেদ্ ললোঁ। কিন্তু কি কৰিবাঁ, লোক নিন্দা সহাটো বৰ টান কথা। বিশেষতঃ, মতা মানুহৰ ৰূপ লৈ ভাবিবৰ সকাম কি? এতিয়া আমি যি কথাৰ আলচ পাতিব খুজিছোঁ, তালৈ হলে প্ৰথমে মানুহৰ আঁতিগুৰি বিচাৰিব লাগে, তাৰ পাচত তাৰ বৰ্ত্তমান অৱস্থালৈ চাব লাগে, লগতে লৰাটিৰ স্বভাৱ-চৰিত্ৰলৈকো ভালকৈ মন কৰিব লাগে। এতিয়া সৰহ কথা চোবাবৰ সকাম নাই। মোৰ মনেৰে হলে, আমাৰ শূলধৰ বৰগোহাঞিৰ পুতেকটিকে ঠিক কৰোঁ। নহলেতো আৰু নাই। আৰু নো ক’তা? আন লৰা কাকো নেদেখোঁ দেখোন। তুমি নো কেনে দেখা? লৰাটি দেখিবলৈ যেনে কি নহওক, তাৰ স্বভাৱ-চৰিত্ৰ বৰ বেয়া নহয় বুলি মোৰ বিশ্বাস।”

 ঘৈণী।—“আপুনি হে বৰ ভাল উপায় কৰিলে। অ, বাছোঁতে বাছোঁতে গেলা-বৰালিত হাত পৰিলগৈ! সেই নাকটো এঠাইত, মুখখন এঠাইত,পেটুৱা ফেঁচাটোলৈ দি, মোৰ আইক জীয়া-জুইত পুৰি খাব খুজিছে নে? মই জীয়াই থাকোঁতে তেনে কথা কেতিয়াও হব নোৱাৰে। এ, হে, এনে নো ভাল স্বভাৱৰ লৰাটি বিচাৰি পালেগৈ; তেওঁৰ প্ৰতাপত গাঁৱৰ বোৱাৰী জীয়াৰী হে জানিবা ওলাব নোৱাৰে। আজি ৰাতিপুৱাও পূৰণৰ ঘৈণীয়েক তেওঁৰ গুণৰ কথা যি হয় কৈ গৈছেহি। আপুনি বাহিৰত ফুৰিও এইবোৰ [ ৫৭ ] কথাৰ সম্ভেদ নাপায়! ঘৰতে বুঢ়ী হলেও, মই সেই ফেঁচাটোলৈ মোৰ লাহৰীক কেতিয়াও নিদিওঁ। আৰু, কমলৰ কথা যে কৈছিলোঁ, কমল যে অকল দেখিবলৈকে শুৱনি এনে নহয়, তেনে স্বভাৱৰ লৰা মই আজিলৈকে কতো দেখা নাই। কমলৰ আঁতিগুৰিৰ কথা যে কৈছে, সেইটো সঁচা হব পাৰে; কিন্তু, মই সিদিনা লাহৰীৰ মুখে শুনিলো, কমল বোলে মৰাণ-বুঢ়াগোহাঞি ফৈদৰ শান্তিৰাম গোহাঞি বৰুৱাৰ পুতেক। তেওঁ ৰুচিনাথ বুঢ়াগোহাঞিৰ অত্যাচাৰত ৰব নোৱাৰি নাৱেৰে ভটীয়াই আহিছিল; পিচে হেনো নাও বুৰি কোন্ কলৈ গল ঠিক নাইকিয়া হল। এতেকে, লোকে যেই বোলক লাগে, আমিতো নিজে কমল সজ বংশৰ লৰা বুলি জানোঁ। তদুপৰি, কমলৰ প্ৰতি লাহৰীৰ কেনে ভাব হৈ উঠিছে, অপুনি একো বুজ নাপায়;মই ভালেমান দিনৰেপৰা মন কৰি আহিছোঁ। সৰুৰেপৰা দুইলৈ দুইৰো এনে আদৰ, এনে মৰম এনে চেনেহ যে, এটিৰ সলনি যেন আনটিয়ে মৰিব পাৰে। সিদিনা আপোনাৰ কথা মতেই লাহৰীক কমলৰে সৈতে কথা-বাৰ্ত্তা পাতিবলৈ হাক দিছোঁ। তাৰেপৰা ছোৱালীটিয়ে ভাত-পানী ভালকৈ খাবলৈ এৰিছে; সদায় শোক কৰি কৰি শুকাই গৈছে। এনে স্থলত কমলত বাজে আন কাৰোবাক পাত্ৰ স্থিৰ কৰিলে বৰ বিপদৰ আশঙ্কা। আমি লোকৰ—”

 কীৰ্ত্তিনাথ -“স্থিৰ হোৱাঁ, অলপ দকৈ আকৌ এবাৰ ভাবি চোৱা ৷ তোমালোকে, তিৰোতা মানুহ বুলিয়েই নে কি, বাহিৰৰ গঞ্জনালৈ সিমান নাভাবাঁ । তুমি কমলৰ কথা যিবোৰ কৈছাঁ, সেইবোৰ সঁচা হবও পাৰে। কিন্তু তাক কোনে পতিয়াব? সঙ্কলোৱে মুখে মুখে কব,বোলে, সেই অমুকৰ ঘৰৰ ছোৱালীৰী নাম-গুৰি-নজনা উটি-অহা তোলনীয়া লৰা এটালৈ দিলে! তদুপৰি, গাঁৱৰ সৰু-বৰ সকলোৱে নিন্দাব । কোনো মানুহৰ সবাহ-বিয়া আদিলৈ গলেও, নাম-গুৰি নথকা লৰা বুলি পিচৰ শাৰীত হে ঠাই দিব ৷ তেতিয়া নো মই কেনেকৈ সহিম? বাৰু,সেইটো মোৰ দুখ, [ ৫৮ ] মই সহিলোঁৱেই যেনিবা,তোমাৰ সেই আলসুৱা লাহৰীয়ে কৃষ্ণৰাম গোহাঞিৰ ঘৰত বোৱাৰী হৈ, ভূঁই-ৰোৱা, কঠীয়া-তোলা দেখি তুমি নো কেনেকৈ সহিবাঁ? তোমাক মই বহুত কথাত জনা-বুজা গৃহিণী বুলি জানোঁ; আজিনো কিয় এনে অবুজন হৈছাঁ কব পৰা নাই। লাহৰী আৰু কমল দুইৰো প্ৰতি দুইৰো যি মৰম-চেনেহৰ কথা কৈছাঁ, তাৰপৰা আজি তোমাক মই নিচেই আজলী হে বুলিছোঁ; এনে বয়সত যাৰে-তাৰে লগত তেনে ভাব হব পাৰে। নহলেও, লৰা-ছোৱালীৰ কথামতে বাট বুলিবলৈ হলে আমাৰ মান-মৰ্য্যাদাৰ ফালে চকু মুদিব লগাত হে পৰিব।”

 ঘৈণী।-“মই নো আৰু তেন্তে কি কম? আপোনাৰ যি ইচ্ছা তাকে কৰক। কিন্তু, শূলধৰ বৰগোহাঞিৰ পুতেক ধনবৰ পেটুৱালৈ লাহৰীক মোৰ এই প্ৰাণ থাকেমানে কেতিয়াও নিদিওঁ; আপুনি ধুৰুপ্ জানিব।”

 কীৰ্ত্তিনাথ।—“বাৰু, একো কথা নাই, তোমাৰ কথাই কথা। পিচে,ধনবৰৰ বাহিৰে আন এটি লৰা বিচাৰি দিয়াঁ; মই হলে নাপালোঁ। আৰু লাহৰীক যদি এই পামপুৰৰপৰা বাজ কৰি ৰংপুৰ বা আন কোনো দূৰণি ঠাইলৈ দিয়াঁ, তাকে হলেও কোৱাঁ। পামপুৰ পাৰ হলেই, ভাল মানুহৰ ঘৰৰ ৰূপে-গুণে ভাল লৰা পাবলৈ বহুত দুখ কৰিব নালাগিব; ইয়াতে বহি থাকিয়েই মই তাৰ দিহা কৰিব পাৰিম।”

 ঘৈণী।-“তেন্তে মোৰ আৰু কবলৈ একো নাই; আপুনি যেনে ভাল দেখে তাকে কৰক। আৰু, ময়ো আকৌ এবাৰ ভাবি-চিন্তি চাওঁ বাৰু।"