পৃষ্ঠা:লাহৰী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৫
লাহৰী

কথাৰ সম্ভেদ নাপায়! ঘৰতে বুঢ়ী হলেও, মই সেই ফেঁচাটোলৈ মোৰ লাহৰীক কেতিয়াও নিদিওঁ। আৰু, কমলৰ কথা যে কৈছিলোঁ, কমল যে অকল দেখিবলৈকে শুৱনি এনে নহয়, তেনে স্বভাৱৰ লৰা মই আজিলৈকে কতো দেখা নাই। কমলৰ আঁতিগুৰিৰ কথা যে কৈছে, সেইটো সঁচা হব পাৰে; কিন্তু, মই সিদিনা লাহৰীৰ মুখে শুনিলো, কমল বোলে মৰাণ-বুঢ়াগোহাঞি ফৈদৰ শান্তিৰাম গোহাঞি বৰুৱাৰ পুতেক। তেওঁ ৰুচিনাথ বুঢ়াগোহাঞিৰ অত্যাচাৰত ৰব নোৱাৰি নাৱেৰে ভটীয়াই আহিছিল; পিচে হেনো নাও বুৰি কোন্ কলৈ গল ঠিক নাইকিয়া হল। এতেকে, লোকে যেই বোলক লাগে, আমিতো নিজে কমল সজ বংশৰ লৰা বুলি জানোঁ। তদুপৰি, কমলৰ প্ৰতি লাহৰীৰ কেনে ভাব হৈ উঠিছে, অপুনি একো বুজ নাপায়;মই ভালেমান দিনৰেপৰা মন কৰি আহিছোঁ। সৰুৰেপৰা দুইলৈ দুইৰো এনে আদৰ, এনে মৰম এনে চেনেহ যে, এটিৰ সলনি যেন আনটিয়ে মৰিব পাৰে। সিদিনা আপোনাৰ কথা মতেই লাহৰীক কমলৰে সৈতে কথা-বাৰ্ত্তা পাতিবলৈ হাক দিছোঁ। তাৰেপৰা ছোৱালীটিয়ে ভাত-পানী ভালকৈ খাবলৈ এৰিছে; সদায় শোক কৰি কৰি শুকাই গৈছে। এনে স্থলত কমলত বাজে আন কাৰোবাক পাত্ৰ স্থিৰ কৰিলে বৰ বিপদৰ আশঙ্কা। আমি লোকৰ—”

 কীৰ্ত্তিনাথ -“স্থিৰ হোৱাঁ, অলপ দকৈ আকৌ এবাৰ ভাবি চোৱা ৷ তোমালোকে, তিৰোতা মানুহ বুলিয়েই নে কি, বাহিৰৰ গঞ্জনালৈ সিমান নাভাবাঁ । তুমি কমলৰ কথা যিবোৰ কৈছাঁ, সেইবোৰ সঁচা হবও পাৰে। কিন্তু তাক কোনে পতিয়াব? সঙ্কলোৱে মুখে মুখে কব,বোলে, সেই অমুকৰ ঘৰৰ ছোৱালীৰী নাম-গুৰি-নজনা উটি-অহা তোলনীয়া লৰা এটালৈ দিলে! তদুপৰি, গাঁৱৰ সৰু-বৰ সকলোৱে নিন্দাব । কোনো মানুহৰ সবাহ-বিয়া আদিলৈ গলেও, নাম-গুৰি নথকা লৰা বুলি পিচৰ শাৰীত হে ঠাই দিব ৷ তেতিয়া নো মই কেনেকৈ সহিম? বাৰু,সেইটো মোৰ দুখ,