নথকাকৈ মেৰালে! এতিয়া গছ বা লতাত ধৰি আঁজুৰিলেও বান্ধ এৰুৱাবৰ সাধ্য নাই। কমল-গছ যে আন আম-কঁঠাল গছৰ দৰে টান নহয়,—নিচেই কোমল; লাহৰী-লতাই পাই হে মট্মটীয়াকৈ থৈছে। এই লতাডালি এৰুৱাব খোজোঁতেই কোমল পানী-গছ থুনুৰাই ভাগিব! আৰু, লতাডালিও আন লেটেকা লতাৰ দৰে নহয়; পানীত থকা লাহৰী-লতা, নিচেই কোমল কোমল কমল-গছ পাই হে লাহৰী-লতাই মেৰাবকে পাৰিছে; এৰুৱাৰ খোজোঁতেই লতা উৱঁলি যাব!
পোন্ধৰ বছৰ পাৰ হৈ লাহৰীৰ বয়স এতিয়া ষোল বছৰত সোমালহি। লাহৰীৰ আৰু এতিয়া আগৰ দৰে গাঁৱৰ লৰা-ছোৱালীৰে সৈতে পুখুৰীপাৰৰ ফুলনিত ফুৰি উমলিবৰ দিন নাই। লাহৰীৰ আৰু এতিয়া তেওঁৰ প্ৰাণৰ প্ৰাণ মৰমৰ কমলৰে সৈতে হাতত ধৰা-ধৰিকৈ ফুলনিৰ মাজে মাজে ফুৰি নানা তৰহৰ নিতে ন-ন কথা পাতি আনন্দ উপভোগ কৰাৰ দিনো নাই। লাহৰী এতিয়া ভিতৰ-বাৰীত ফুলি থকা এপাহী গোন্ধত আমোল্মোল্ গোলাপ ফুল। লাহৰী এতিয়া বুলনিঘৰত আৰি থোৱা সজাৰ এটি মইনা পখী। লাহৰী এতিয়া পুখুৰীপাৰৰ ফুলনিত বিৰহিনী ৰাধিকা। কিন্তু,