পৃষ্ঠা:লাহৰী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯১
লাহৰী ।


আনন্দময়ী লাহৰীৰ ইমানতো অপাৰ আনন্দ! দেউতাক আৰু আইতাকে ভাল পোৱা কাম কৰাত লাহৰীৰ অকণো আপত্তি নাই। লাহৰীয়ে ভিতৰ-বাৰীত ফুলিও, যাক গোন্ধ বিলাব লাগে, তাৰেপৰা বিলাইছে। লাহৰীয়ে বুলনিঘৰত আৰি থোৱা সজাৰ মইনা চৰাই হৈয়ো, যাক মইনা-মাত শুনাব লাগে, তাৰেপৰা শুনাইছে। লাহৰীয়ে পুখুৰীপাৰৰ ফুলনিত বিৰহিনী ৰাধিকা হৈয়ো, হৃদয়-মন্দিৰত ধ্যানত প্ৰাণৰ কমল কৃষ্ণ-ধনক লগ পাইছে। লাহৰীক নো তেন্তে আৰু লাগিছে কি? লাহৰীয়ে আৰু ইয়াৰ ওপৰঞ্চি একো নিবিচাৰে। ইয়াকে পালেই লাহৰী সদায় সন্তুষ্ট। লাহৰীয়ে, দেউতাক আৰু আইতাকৰ ইচ্ছা-বিৰোধী হলে, এই ফেৰা সুখৰপৰাও নিজকে নিজে বঞ্চিত কৰিব পাৰে। লাহৰীয়ে, দেউতাক আৰু আইতাকৰ আজ্ঞা পালে,তেওঁবিলাকক সন্তোষ দিবলৈ নিজৰ জীৱন পৰ্য্যন্ত উছৰ্গা কৰিব পাৰে। ইমান দিনে লাহৰীয়ে দেউতাক বা আইতাকৰ এটিমান কথা পেলাইছে বুলি কোনেও কব নোৱাৰে; দেউতাক বা আইতাকে যেতিয়াই যি কয়, লাহৰীয়ে সেই কাম তেতিয়াই হৰিষ্ চিতেৰে কৰে। সৰহ কোৱাৰ সকাম নাই, কোনোবা সৰু পাঠক-পাঠিকাই যদি মাক-বাপেকৰ কথা শুনিবলৈ বা সদায় মাক-বাপেকৰ বাধ্য থাকিবলৈ শিকিব খোজে,তেন্তে তেওঁ লাহৰীৰ চলন-ফুৰণ আৰু আচাৰ-ব্যৱহাৰলৈ একাণপতীয়া হৈ চাওক। অহঃ। সেই বুলি, সেই কমল-গছৰ গাৰপৰা এই লাহৰী-লতাডালি এৰুৱাৰৰ কাৰবাৰ নকৰিবাহঁক। সেই বুলি, সেই লাহৰী-কমল দুটি সুন্দৰ উঘাত মেৰ খাই থকা দুডালি পৱিত্ৰ প্ৰেম-সূতা ছিঙ্গিবলৈ মন নেমেলিবাহঁক । তাৰপৰা যে তোমালোকৰ উদ্দেশ্য সিদ্ধি নহয়; অনাহকত সেই কোমল কমল-গছ জুপি আৰু লাহৰী-লতাডালি নাশ কৰা হব মাথোন, অবাবতে তেনে দুটি সুন্দৰ উঘা ভাঙ্গিব লগাত পৰিব ৷ লাহৰী-লতা বৰ লাজকুৰীয়া; এৰুৱাওঁতে মৰ্ম্মান্তিক বেদনা পালেও তলৰ জিভা ওপৰ নকৰে, নিমাতী ভাৱেই