পৃষ্ঠা:লাহৰী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৬
লাহৰী

মই সহিলোঁৱেই যেনিবা,তোমাৰ সেই আলসুৱা লাহৰীয়ে কৃষ্ণৰাম গোহাঞিৰ ঘৰত বোৱাৰী হৈ, ভূঁই-ৰোৱা, কঠীয়া-তোলা দেখি তুমি নো কেনেকৈ সহিবাঁ? তোমাক মই বহুত কথাত জনা-বুজা গৃহিণী বুলি জানোঁ; আজিনো কিয় এনে অবুজন হৈছাঁ কব পৰা নাই। লাহৰী আৰু কমল দুইৰো প্ৰতি দুইৰো যি মৰম-চেনেহৰ কথা কৈছাঁ, তাৰপৰা আজি তোমাক মই নিচেই আজলী হে বুলিছোঁ; এনে বয়সত যাৰে-তাৰে লগত তেনে ভাব হব পাৰে। নহলেও, লৰা-ছোৱালীৰ কথামতে বাট বুলিবলৈ হলে আমাৰ মান-মৰ্য্যাদাৰ ফালে চকু মুদিব লগাত হে পৰিব।”

 ঘৈণী।-“মই নো আৰু তেন্তে কি কম? আপোনাৰ যি ইচ্ছা তাকে কৰক। কিন্তু, শূলধৰ বৰগোহাঞিৰ পুতেক ধনবৰ পেটুৱালৈ লাহৰীক মোৰ এই প্ৰাণ থাকেমানে কেতিয়াও নিদিওঁ; আপুনি ধুৰুপ্ জানিব।”

 কীৰ্ত্তিনাথ।—“বাৰু, একো কথা নাই, তোমাৰ কথাই কথা। পিচে,ধনবৰৰ বাহিৰে আন এটি লৰা বিচাৰি দিয়াঁ; মই হলে নাপালোঁ। আৰু লাহৰীক যদি এই পামপুৰৰপৰা বাজ কৰি ৰংপুৰ বা আন কোনো দূৰণি ঠাইলৈ দিয়াঁ, তাকে হলেও কোৱাঁ। পামপুৰ পাৰ হলেই, ভাল মানুহৰ ঘৰৰ ৰূপে-গুণে ভাল লৰা পাবলৈ বহুত দুখ কৰিব নালাগিব; ইয়াতে বহি থাকিয়েই মই তাৰ দিহা কৰিব পাৰিম।”

 ঘৈণী।-“তেন্তে মোৰ আৰু কবলৈ একো নাই; আপুনি যেনে ভাল দেখে তাকে কৰক। আৰু, ময়ো আকৌ এবাৰ ভাবি-চিন্তি চাওঁ বাৰু।"