লাহৰী/নৱম আধ্যা

ৱিকিউৎসৰ পৰা
[ ৫৯ ]
৯ ৷ আধ্যা ৷
বিৰহ ৷

 বছেৰেকৰ ছটা ঋতুৰ মাজত বসন্ত ঋতুৱেই সবাত্‌কৈ শুৱনি আৰু মনোহৰ। সেই কাৰণে, এই ঋতুকে ঋতুৰাজ বোলা যায়। এই ঋতু ফাগুণ মাহৰপৰা আৰম্ভ হৈ চ'ত মাহৰ সামৰণিলৈকে থাকে। সেই সময়তে প্ৰকৃতি দেবীয়ে নতুন সাজ পিন্ধি মনমোহা শোভা ধৰে। আৰু, ফাগুণ-চ'ত দুমাহ উলাহ মনেৰে নানা তৰহৰ ৰং-ধেমালি দেখুৱাই চ’তৰ শেহত পুৰণি বছৰক বিদায় দিয়াই লৈ যায় আৰু নতুন বছৰক আদৰি পঠিয়ায়গৈ। এই ঋতুত বনৰ চৰাই,পহু আৰু সকলো জীৱ-জন্তু মনৰ আনন্দত উলাহিত হৈ ফুৰে। এই ঋতুত মানুহেও বছৰৰ দুখ-ভাগৰ সকলো পাহৰি মনৰ আনন্দত উধাও হৈ ফুৰে। আৰু, এই ঋতুত গছ-গছনিবোৰে নতুন পাত-চোত্ ধৰি সুন্দৰী স্বভাৱৰ মনমোহা শোভা আৰু মনোহৰ কৰে। এই সময়তে প্ৰকৃতিৰ ৰীতি-নীতি অনুসৰি ফুল-কুঁৱৰীয়েও নিজৰ ফুলনি সজাই জক্‌মকীয়া কৰে।— আজি সেই মনোময় ফাগুণ আৰু চ'তৰ দোমাহী। আজি সেই মনোময় বসন্ত ঋতুৰ ভৰপক্। আজি সেই বসন্ত ঋতুৰ সকলো শোভা যিমান বাঢ়িব পাৰে সিমান বাঢ়িছে। ইচ্ছাময়ৰ ইচ্ছা, প্ৰকৃতিৰ নিৰ্দ্দেশ; স্বভাৱৰ গতিক আৰু কোনে হকা-বধা কৰিব পাৰে ! গতিকে,কীৰ্ত্তিনাথ গোহাঞিৰ পুখুৰীপাৰৰ সুন্দৰ ফুলনিয়েও আজি মনোহৰ শোভা ধৰিছে। পুখুৰীৰ চাৰিও পাৰে নানা তৰহৰ ফুল ফুলি ফুলনি জক্‌মকীয়া হৈছে। জোপাৰ সৰু সৰু [ ৬০ ] ধুনীয়া গছ-গছনিবোৰ নতুন কুঁহিপাত মেলি আৰু ৰঙা ৰঙা পাণৰ মাহীবোৰে কুমলীয়া পাত ধৰি সেই শোভাৰ অনুপম জেউতি চৰাইছে। মাজে মাজে সুমথিৰা টেঙ্গা একোজুপিয়ে দুটি-চাইটি ৰঙা ৰঙা সুম্‌থিৰাৰে সৈতে অতি বিতোপন শোভা ধৰিছে। তাতে, আবেলি-বেলিকা; পছিম ফালৰ ৰঙা ৰ’দ পৰি গছ, ফুল আটাইবোৰ হেঙ্গুলীয়াকৈ জক্‌মকীয়া কৰি তুলিছে। দূৰৈৰপৰা চাই পঠিয়ালে এনে হে লাগে, যেন আন্ধাৰ-পোহৰৰ সন্মিলনত আলৌকিক নিয়মেৰে দীপান্বিতাৰ চাকি হে জলিছে! সৰহ পৰ চাই থাকি আন ফানে চকু ঘুৰালে গোটেইখন ধুঁৱলি-কুঁৱলী যেন লাগে। তদুপৰি, ৰিবৃৰিবীয়া মলয়া বতাহে গা-মন শাঁত কৰি নিছে। সেই অনুভৱত মন-প্ৰাণ পমি যোৱা দি গৈছে ! গোলাপ, মালতী, যুতি ইত্যাদি ফুলৰ গোন্ধ উৰি বাটৰুৱা মানুহৰো মন-প্ৰাণ শীতল কৰি তুলিছে। পাঠক, এনে সুখৰ সময়ত এই ফুলনিৰ ফুলকুঁৱৰী আমাৰ শান্তিময়ী লাহৰীৰ ফালে চাওক। লাহৰীৰ কি হৈছে?—আজি দেখোন লাহৰীয়ে ফুলনিৰ এনে অনুপম শোভালৈকো পিঠে দিছে। আজি দেখোন এনে নিৰ্মল মলয়া বতাহতো লাহৰীৰ গাত চাটিফুটি লাগিছে। আজি দেখোন বাটৰ মানুহক মুগ্ধ কৰা ফুলৰ গোন্ধেও লাহৰীৰ ওচৰ চাপিব পৰা নাই। লাহৰীয়ে ইফালে-সিফালে হাত-ভৰি মাৰি চাটিফুটি কৰিব লাগিছে! চুলি তুলি মেলি লাহৰী বাউলীটি হৈছে। কান্দোতে কান্দোতে পদুম ফুলৰ পাহি যেন চকুৰ পাহিয়ে কেঁহেৰাজৰ বৰণ ধৰিছে ! আজি নো আনন্দময়ী লাহৰীৰ এনে বিপৰীত দশা কিয়? আন দিন হে লাহৰীয়ে নুফুলা ফুলকো এটি চুমা দি আহেগৈ! আন দিনা যে লাহৰীয়ে ফুলনিত সোমায়েই ফুলৰ ওচৰে ওচৰে গোন্ধ বিচাৰি ফুৰে। আজি দেখোন বতাহী কটকীয়ে যাছি দিয়া গোন্ধকো লাহৰীয়ে নিলগাই পেলাইছে! আজি আৰু লাহৰীৰ মনত একোকে ভাল নালাগে; শোকে, বেজাৰে হেঁচা মাৰি ধৰি লাহৰীক তলৰপৰা ওপৰলৈ মূৰ তুলিব নোৱাৰা কৰিছে। কেতিয়াবা অলপ [ ৬১ ] মূৰ দাঙ্গি চাব খোজোঁতেই চাৰিওফালৰপৰা ফুলবোৰে গছে সৈতে হলাই আনি গাৰ ফালে হেন্দোলিয়াব দেখিলেই লাহৰীক শোকে খুন্দা মাৰি ধৰেহি, চকুৰ পানীয়ে ছাতি ধৰি একোকে নেদেখা কৰে। পাঠক! লাহৰীৰ চাটিফুটি আৰু বিষাদৰ কাৰণ কিবা বুজ পাইছে নে?—আজি লাহৰীৰ এনে কোমল প্ৰাণত বিৰহ-বতাহৰ আঘাত লাগিছে। আজি লাহৰীৰ বহুত দিনৰ আশাৰ বন্তি সেই বতাহত টিমিক্-ঢামাক্‌কৈ নুমাবলৈ ধৰিছে। সেই কাৰণে হে লাহৰীয়ে বিৰহৰ বিষম জঞ্জালত তৰণি নাপাই এনে চাটিফুটি কৰিছে। সেই দেখি হে লাহৰীয়ে জীৱন-বন্তি নুমোৱাৰ আশঙ্কাত বিমোৰ হৈছে।

 পাঠক! লাহৰীৰ পোন্ধৰ বছৰ পাৰ হৈ যাওঁতেই আগৰ দৰে আৰু বাহিৰত ওলাই ফুৰিবলৈ আইতাকে তেওঁক ভিতৰি হাক দিলে। তেতিয়াৰেপৰা পুখুৰীপাৰৰ ফুলনিত ফুৰিবলৈ গাৱঁৰ লৰা ছোৱালীবিলাকো আহিবলৈ এৰিলে। গতিকে, লাহৰীৰ মৰমৰ কমলো নহাত পৰিল। কিন্তু, সেই বাবে লাহৰীৰ একো বেজাৰ-অসন্তোষৰ কথা নাছিল। কিয়নো, লাহৰীয়ে জানিছিল যে, আইতাকে লাহৰীৰ বয়স চাই হে বাহিৰলৈ ওলাব দিয়া নাই । তাৰ পাছতো ভালেমান দিনলৈকে লাহৰীৰ একো বেজাৰ নাছিল। কিয়নো,লাহৰীয়ে যি উদ্দেশে বাহিৰলৈ ওলাব লগাত পৰে, সেই উদ্দেশ্য ঘৰৰ ভিতৰত থাকিলেও সিদ্ধি হয়। কমলে সৰুৰেপৰা কীৰ্ত্তিনাথ গোহাঞিৰ ভিতৰলৈকে যায়, ভিতৰতে থাকেগৈ। লাহৰীৰ আইতাকেও কমলক এনে মৰম কৰিছিল যে, পাচলৈ কমলে জলপান খাবলৈ লাজ কৰক অন্ত, ভোক লাগিলেই নিজৰ মাকক খোজাদি খুজি খাবলৈ ধৰিলে। কমলেও লাহৰীৰ আইতাকক “আইতা” বুলিয়েই মাতিছিল; আৰু লাহৰীৰে সৈতে কমলে আইতাকৰ ওচৰত সততে ধেমালি কৰি থাকে। গতিকে, তেতিয়া লাহৰীৰ একো অভাৱ নাছিল। আজি দিনচাৰেকৰপৰা মাখোন দেউতাকৰ আজ্ঞামতে লাহৰীৰ আইতাকে কমলক ভিতৰ সোমাবলৈ হাক দিছে। তেওঁ লাহৰীকো কৈ দিছে, [ ৬২ ] কমলৰে সৈতে আগৰ দৰে কথাবাৰ্ত্তা নাপাতিবলৈ। পাঠক, ইয়াতকৈ নো আৰু লাহৰীক বেজাৰৰ কি ডাঙৰ কাৰণে পাব পাৰে! সেই আদেশ শুনা মাত্ৰকে লাহৰীক চাৰিওফালৰপৰা শোক, বেজাৰ আৰু বিপদৰ ভয়ঙ্কৰ মূৰ্ত্তিয়ে দেখা দিলেহি। সেই মুহূৰ্ত্তৰেপৰা আৰু দিনক দিনে লাহৰীৰ শোক, বেজাৰ আৰু বিপদ বাঢ়ি হে আহিবলৈ ধৰিছে। যি লাহৰীয়ে কমলক সদায় চকুৰ আগতে পাবলৈ বিচাৰে, যি লাহৰীয়ে কমলক নেদেখাকৈ থাকিলে এপৰ বেলিকে এবছৰ যেন অনুভৱ কৰে, আজি ছদিন কমলক নেদেখাকৈ তেওঁ কেনেকৈ আছে! পঢ়াশালি ভাগিবৰ সময় হলেই, লাহৰীক বেজাৰে হেঁচি ধৰেহি, চকুৰ পানীয়ে বাট নেদেখা কৰে; আন উপায় নাপাই বাৰীৰ পিচফালে গৈ লাহৰীয়ে হেঁপাহ পলুৱাই কান্দি হে তৰণি পায়; তাৰ পাচত আৰু ঘৰত থাকিব নোৱাৰি পুখুৰীপাৰৰ ফুলনিত শোক-বেজাৰৰ দুৱাৰ মেলি দি একেবাৰে বাউলীটি হৈ বহি থাকেগৈ। হাঁয়, কালৰ কি বিচিত্ৰ গতি ! যি ফুলনি লাহৰীৰ সুখৰ ঠাই, সেই ফুলনি আজি এনে দুখৰ কাৰণ হৈ উঠিল; সেই ফুলনিত লাহৰী আজি এনে বাউলী হব লগাত পৰিল। কিন্তু অকল সেয়ে নহয়, বিপদৰ উপৰি আৰু বিপদ !—লাহৰীৰ দেউতাক আৰু আইতাকে সেই দিনা বিয়াৰ মন্ত্ৰণা কৰোঁতে লাহৰী টোপনি যোৱা নাছিল; দেউতাকে নো কি কথা কয়, তাকে শুনিবৰ মনেৰে মিছাকৈয়ে তেওঁ টোপনিৰ ভাও জুৰি আছিল। লাহৰীয়ে সেই দিনাৰ ৰাতিৰ মন্ত্ৰণা সকলো শুনিলে; শুনি, লাহৰীয়ে যাচি কিল খোৱৰ দৰে আপোনা-আপুনি বিপদৰ উপৰি বিপদ চপাই ললে! আগেয়ে বিৰহ-চেপাত তৰণি নাপাই চাটিফুটিকে কৰিব পাৰিছিল, এতিয়া নিশাৰ চেঁচুক সোঁতত উটি ঠেৰেঙ্গা লাগি লাহৰী একেবাৰে জঠৰ হৈ পৰিল। বিপদ অকলে কেতিয়াও নাহে হয়, কিন্তু সুকোমল লাহৰীৰ পক্ষে সেই নিয়ম লৰিব লাগিছিল! লাহৰীয়ে ইমান দিনলৈকে বিপদৰ ছঁয়াটোকো দেখা নাছিল । প্ৰথম বাৰ তাৰ আভাস পাওঁতেই যে লাহৰী [ ৬৩ ] আশঙ্কাতে একেবাৰে অস্থিৰ হৈছিল; আজি বিপদৰ উপৰি ভয়ঙ্কৰ বিপদ উপস্থিত! ইমানত নো লাহৰীয়ে কেনেকৈ স্থিৰ থাকে ! লাহৰীৰ কুমলীয়া হিয়াই যে এতিয়া ছিঁৰাল-ফটা দিব! এতিয়া নো বাৰু লাহৰীৰ সৰল হৃদয়-পটৰপৰা কমল ছবিটি এৰুৱাই অনা সস্তৱ নে? এই ছবিটি যে লাহৰীৰ নিৰ্ম্মল হিয়াত থাপনা কৰা আজি ভালেমান দিন হল। তাতে বহুত দিন থাকি থাকি যে ছবিটিও লাহৰীৰ হিয়াত লিপিতখাই লাগি ধৰিল। এতিয়া আৰু সি লাহৰীৰ নিজৰ গাৰ অঙ্গ হোৱাদি হল। এতিয়া ছবিটি টানি এৰুৱাব খুজিলে যে লাহৰীৰ কুমলীয়া হিয়া ফাটি-ছিটি যাব। অহঃ, লাহৰীয়ে সেই ৰাতি নিজ কাণে বিপদৰ কথা শুনিবলৈ পালে! ছবিটি এৰুৱাওঁতে যে দুখ পাব আৰু লগতে হিয়া বিদৰি যাব, লাহৰীয়ে আজি সেই ভাবনাত কন্দা নাই; এৰুৱাওঁতে যে ছবিটিও ফাটি-ছিটি নাশ পাব, সেই ভয়ে হে লাহৰীক এনে বাউলী কৰি তুলিছে। সেই কাৰণে হে আজি বসন্ত ঋতুৰ ভৰপকৰ দিনা আদৰৰ ফুলনিত ফুলি থকা ফুলবোৰৰ প্ৰতিও লাহৰীৰ এনে বিৰাগ ভাব উপস্থিত !

 এই দৰে বাউলীটি হৈ কান্দি কান্দি দেখোন লাহৰী হঠাতে আকৌ সেই পোনেই টলকা মাৰি ৰল; আৰু তাৰ পাচত, কি জানো, কি কথা মনত লৈ গিৰিপ্ কৰে উঠি থিয় হল। অলপ পৰ ইফাল-সিফালকৈ চাই, তাৰ পাচত হাত দুখনি বুকুৰ উপৰ পাতি লৈ দেখোন লাহৰীয়ে মিচিকিয়া হাঁহি মাৰি লাহে লাহে খোজ লৰাবলৈ ধৰিলে। চঁক খাই লৰ ধৰাৰ দৰে তাৰপৰা লাহৰীয়ে লৰি গৈ ফুলি থকা ফুল কেইজুপিৰ কাষ চাপিলেগৈ। তাৰ পাচত,আগৰ দৰেই প্ৰত্যেক জুপি ফুলৰে এপাহি-দুপাহিকৈ ফুলকলিয়ে সৈতে ছিঙ্গি আনি লাহৰী এটি জোপাৰ আৰত বহিলগৈ; তাতে দুধাৰি মালা গাঁথি লৈ লাহৰীয়ে এধাৰি আপুনি পিন্ধিলে;ইধাৰি দুই হাতে মানুহক পিন্ধাই দিবলৈ ধৰাদি ধৰি, ইফালে-সিফালে চাই, আতুৰ হৈ কবলৈ ধৰিলে, “কমল, [ ৬৪ ] কমল, মোৰ প্ৰাণেশ্বৰ কমল,-ক’তা?” এই বুলি লাহৰী আকৌ ঠৰ্ হৈ ৰ’ল।—অহঃ,লাহৰী আজি একেবাৰে উন্মাদিনী। তাৰ পাচত, লাহৰীয়ে “এইয়া মোৰ কমল, মোৰ প্ৰাণনাথ! পিন্ধাঁ, পিন্ধাঁ।” এই বুলি মালাধাৰ আপোনাৰ কণ্ঠতে আপুনি পিন্ধি ললে। অলপ পৰ থাকি দেখোন লাহৰীয়ে আকৌ কণ্ঠৰপৰা মালাধাৰি হাতত লৈ, আগৰ দৰে মানুহক পিন্ধাবলৈ লোৱাদি লৈ বিয়াকুল হৈ আকৌ কবলৈ ধৰিলে, “কমল, কমল, তুমি মোক বধিব খুজিছাঁ ? কমল, মোৰ প্ৰাণেশ্বৰ, তুমি আকৌ আঁতৰিলা? অ, নহয় কমল, পিন্ধাঁ, পিন্ধাঁ; মোৰে শপত, কমল, পিন্ধাঁ,পিন্ধা।” এই বুলি বিতত্ হৈ থাকোঁতেই কমলে আচম্বিতে আহি মূৰ পাতি মালাধাৰি পিন্ধি ললে। বিধাতাৰ কি অলৌকিক মহিমা ! কমলৰ নাম লওঁতেই কমল উপস্থিত ! লাহৰীৰে কিবা আকৰ্ষণী গুণ নে সৰল কমলেই সৰ্ব্বজান? কিন্তু হাঁয়, কমলে যে নিশ্চিত হৈ ঘৰত বহি থাকিব পাৰিছিল, এনে নহয়। লাহৰীৰ দৰেই কমলৰো কোমল হিয়া সেই একেটা বিৰহৰ চেপনিয়েই পেপুৱা লগাইছিল। বিৰহৰ বিষম চেপনি সহিব নোৱাৰি তেওঁ য'তে ত’তে চট্‌ফটাই ফুৰিব লগাত পৰিছিল। ভিতৰলৈ সোমাবলৈ মানা কৰি দিয়াৰ কাৰণে, কমলে কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰলৈ যাবলৈকে এৰিলে। এতিয়া কীৰ্ত্তিনাথ গোহাঞিৰ পিচবাৰীৰ ওচৰৰ বাটেদি অনাই বনাই ফুৰোঁতে লাহৰীৰ মাত শুনি একে লৰে আহি তেওঁ সেই মালাধাৰি পিন্ধি লৈছেহি। লাহৰী একেই উন্মাদিনী, তাতে কমলক দেখা পাই বাউলীটি হল! লাহৰীয়ে একে লৰে গৈ কমলৰ ডিঙ্গিত সাবটি ধৰি কবলৈ ধৰিলে, “কমল, মোৰ প্ৰাণেশ্বৰ তুমি ইমান পৰ কলৈ গৈছিলাঁ ? মই তোমালৈ বাটচাই কেতিয়াবাৰেপৰা ইয়াতে বহি আছোঁ নহয়, তুমি কলৈ গৈছিলাঁ?” লাহৰীৰ তেনে আতুৰ অৱস্থা দেখি বিমোৰ কমল আৰু বিমোৰ হৈ পৰিল। অন্তত, কমলেও উন্মাদৰ দৰে খল্-খল্‌কৰে হাঁহিবলৈ ধৰিলে। [ ৬৫ ] বাতুল হলেও, মুহূৰ্ত্তলৈ মাথোন; কমলে ততালিকে আকৌ স্থিৰ হৈ কবলৈ ধৰিলে,“লাহৰি, লাহৰি, স্থিৰ হোৱাঁ। এতিয়া ব্যাকুল হলে কি হব! মোৰ বহুত কথা সুধিব লগীয়া আছে। মই আৰু ইয়াত সৰহ পৰ থাকিব নোৱাৰিম; আইতাই দেখিলে তোমাক আকৌ খং কৰিব।” লাহৰীয়ে অলপ পৰ টলকা মাৰি থাকি কমলৰ কথা বুজিব পাৰিলে; বুজিলে, কিন্তু,তেতিয়াও ভালকৈ কথা পাতিব পৰা হোৱা নাই। তথাপি, কমল যে ফুলনিত সৰহ পৰ ৰব নোৱাৰিব, সেই কথা লাহৰীয়ে ভালকৈ বুজি উঠিলে । সেই কাৰণে, পাৰ্য্যমানে ধৈৰ্য্য ধৰি, ভগা-ভগা মাতেৰে লাহৰীয়ে কবলৈ ধৰিলে,“কমল, মোৰ প্ৰাণ, মই থিৰ হৈছোঁ, মোক নো কি কথা সুধিব খুজিছা সোধাঁ। মোৰো বহুত কথা কবলগীয়া আছে। পিচে, কমল, এই অলপ সময়ৰ ভিতৰত কিনো কম !”

 কমল।—“এৰা, এনে অৱস্থাত আমাৰ একো কোৱা নহব। বাৰু, মই এটা উপায় দিওঁ;—তুমি যদি উপায় কৰিব পাৰাঁ, তেন্তে চিঠিৰেই মোক সকলো কথা জানিবলৈ দি থাকিব পাৰিবাঁ।”

 লাহৰী।—“এৰা, হয়, ঠিক, বৰ ভাল উপায়, এই পাৰিম- ”

 কমল।— (ইফালে সিফালে চাই) “বাৰু, তেন্তে মই যাওঁ এতিয়া, লাহৰি। মোৰে শপত, তুমি এই দৰে বাউলীটি হৈ নাথাকিবাঁ দেই। নিয়তিৰ নীতি অবশ্য ফলিয়াব।

 এই কেইষাৰ কথা কৈয়ে কমল লৰালৰিকৈ আঁতৰ হল। কমলৰ শেহৰ কথাকিটি লাহৰীৰ মনত বৰকৈ লাগিল; তাকে তেওঁ টলকা মাৰি গুণিবলৈ ধৰিলে।