সমললৈ যাওক

পৃষ্ঠা:লাহৰী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৪
লাহৰী


ভাবোঁ। কিন্তু, তাৰপৰা কি হব? মানুহে বুলিব কি? তদুপৰি, কমল হেনো কাঠ এভালৰ ওপৰত উঠি বৰনৈৰ মাজে মাজে উটি আহিছিল। এনে লৰাৰে সৈতে নো সম্বন্ধ ঘটাব পাৰি নে? কেৱল লোক-হাঁহিয়াত হে হব। কিনো বোলে, ‘উটি অহা লৰা।’ কমল সঁচাকৈয়ে উটি অহা লৰা। কমলৰ ৰূপ-গুণ স্বভাৱ-চৰিত্ৰ দেখি মোৰো তোমাৰ দৰেই ভাব হৈছিল। সঁচা কথা কবলৈ গলে, কমলৰ দৰে লৰাৰ শাহু-শহুৰ হবলৈ পোৱা বৰ ভাগ্যৰ কথা। মই সেই কাৰণেই কৃষ্ণৰাম গোহাঞিক মতাই আনি তলে তলে সকলো কথাৰ সম্ভেদ্ ললোঁ। কিন্তু কি কৰিবাঁ, লোক নিন্দা সহাটো বৰ টান কথা। বিশেষতঃ, মতা মানুহৰ ৰূপ লৈ ভাবিবৰ সকাম কি? এতিয়া আমি যি কথাৰ আলচ পাতিব খুজিছোঁ, তালৈ হলে প্ৰথমে মানুহৰ আঁতিগুৰি বিচাৰিব লাগে, তাৰ পাচত তাৰ বৰ্ত্তমান অৱস্থালৈ চাব লাগে, লগতে লৰাটিৰ স্বভাৱ-চৰিত্ৰলৈকো ভালকৈ মন কৰিব লাগে। এতিয়া সৰহ কথা চোবাবৰ সকাম নাই। মোৰ মনেৰে হলে, আমাৰ শূলধৰ বৰগোহাঞিৰ পুতেকটিকে ঠিক কৰোঁ। নহলেতো আৰু নাই। আৰু নো ক’তা? আন লৰা কাকো নেদেখোঁ দেখোন। তুমি নো কেনে দেখা? লৰাটি দেখিবলৈ যেনে কি নহওক, তাৰ স্বভাৱ-চৰিত্ৰ বৰ বেয়া নহয় বুলি মোৰ বিশ্বাস।”

 ঘৈণী।—“আপুনি হে বৰ ভাল উপায় কৰিলে। অ, বাছোঁতে বাছোঁতে গেলা-বৰালিত হাত পৰিলগৈ! সেই নাকটো এঠাইত, মুখখন এঠাইত,পেটুৱা ফেঁচাটোলৈ দি, মোৰ আইক জীয়া-জুইত পুৰি খাব খুজিছে নে? মই জীয়াই থাকোঁতে তেনে কথা কেতিয়াও হব নোৱাৰে। এ, হে, এনে নো ভাল স্বভাৱৰ লৰাটি বিচাৰি পালেগৈ; তেওঁৰ প্ৰতাপত গাঁৱৰ বোৱাৰী জীয়াৰী হে জানিবা ওলাব নোৱাৰে। আজি ৰাতিপুৱাও পূৰণৰ ঘৈণীয়েক তেওঁৰ গুণৰ কথা যি হয় কৈ গৈছেহি। আপুনি বাহিৰত ফুৰিও এইবোৰ