পৃষ্ঠা:লাহৰী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৩
লাহৰী।

সোধোঁকৈ সুধিবলৈ সুবিধা পোৱা নাই। লাহৰী শুলে নে? চোৱাচোন।” এই কথা কৈ তেওঁ তললৈ মূৰ কৰি আকৌ কিবা গুণিবলৈ ধৰিলে। লাহৰী শুলে নে নাই বুলি সোধোঁতেই ঘৈণীয়ে বুজি উঠিলে। তাৰ পাচত, তেওঁ লাহৰীৰ ফালে জুমি চাই, উত্তৰ দিলে, "লাহৰী নো ইমান পৰলৈ সাৰে থাকে নে? শুলে, কি কব খুজিছে কওক।”

 কীৰ্তিনাথ। — “কি কব খুজিছোঁ, — বোলোঁ, এতিয়াও আওকণীয়া হৈ বহিয়ে থাকাঁ নে? ছোৱালীটি বিয়া দিয়াৰ বিষয়ে এটা উপায় কৰিব লাগিল নহয়? ষোল বছৰ হলহি। এতিয়া নিটাল মাৰি বহি থাকিলে আৰু গা নৰয়। ভাল লৰা এটি বিচাৰিব লাগিল। মই আজি তিন দিনমানৰপৰা ভাবি আছোঁ; একো স্থিৰ হে কৰিব পৰা নাই। তুমি নো কি উপায় কৰিব খোজাঁ, কোৱাচোন বাৰু।”

 ঘৈণী। — “মই হে উপায় কৰিব লাগে! মই অপোনাতকৈ বহুত দেখিছোঁ, বহুত শুনিছোঁ আৰু সৰহ কথা জানোঁ নহয়? সেই কাৰণে, আপুনি একো স্থিৰ কৰিব নোৱাৰাত হবলা মই স্থিৰ কৰিব লাগে, নহয়? ময়ো আজি ভালেমান দিনৰেপৰা এই কথা মনতে পাঙ্গি আছোঁ; আপোনাক কোৱা হে নাই। তাৰ পাচত, এদিন কমল ⸺

  কীৰ্তিনাথ -— "কি! কমলকে বিচাৰি পালাঁগৈ হবলা? বৰ ভাল উপায়কে কৰিলাঁ। কমলৰ আঁতি-গুৰিৰ কথা নাজানা হবলা? সেই দিন কৃষ্ণৰাম গোহাঞিক মতাই আনি নো মই কি সুধিছিলোঁ? কমল আমাৰ কোনো বিষয়াৰ ঘৰৰ লৰা নহয়; কৃষ্ণৰাম গোহাঞিৰ তোলনীয়া লৰা হে। কমল নো আচল ক'ৰ লৰা, কৃষ্ণৰাম গোহাঞিয়েও ভালকৈ কব নোৱাৰে। তেওঁ অনুমানত যিমানৰেপৰা কব পাৰে, তাৰপৰা আঁতিগুৰি একো ঠিক কৰিব নোৱাৰি। তধাপি, তেওঁ অনুমানত উজনিৰ কোনোবা বিষয়াৰ লৰা বুলি কয়। কমলৰ ৰূপ, গুণ, স্বভাৱ-চৰিত্ৰ আদিলৈ চাই আমিও তাকে