পৃষ্ঠা:লাহৰী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯২
লাহৰী


উৱলি যাব ! সেই দুগছি নিৰ্ম্মল প্ৰণয়-সূতা এগছি হৈ লাহৰী-কমল জীয়াই থাকেমানে অনন্ত; ছিঙ্গিবৰ মনেৰে মাজতে ধৰি টানি নিলে সি ওলাই গৈয়ে খাকিব। গতিকে, সূতাগছ এৰুৱাবলৈ হলে, উঘা দুটি নাভাঙ্গিলে নহব ! এতেকে, এনে নিকৰুণ কাম কৰিবলৈ মন নেমেলিবাহঁক। এনে নিঠুৰ কেতিয়াও নহবাঁহঁক। কেৱে কেতিয়াও এই দুটি প্ৰাণীলৈ ঈৰ্ষা ভাৱে নাচাবাহঁক।

 এই দৰেই আজি দুবছৰ পাৰ হৈ গল। ইমান দিনে লাহৰীয়ে দুখ কাক বোলে, শোক কাক বোলে, একো কব নোৱাৰিছিল। ইমান দিন লাহৰী সকলোৰে ওচৰত আলসুৱা থাকি সকলো কথাতে সুখত আছিল। আজি লাহৰীৰ সেই সুখৰ আগত বিধি-পথালি। আজি লাহৰীৰ সেই সুগম পথত কোনোবা শতুৰুৱে মনে মনে বিঘিনিৰ কাঁইট্ পুতিলেহি৷ আজি লাহৰীৰ নিৰ্ম্মল সূখ-আকাশত লাহে লাহে বিপদ-ডাৱৰে দেখা দিছেহি। লাহৰীয়ে এতিয়াও ওপৰলৈ চকু মেলি চোৱা নাই এথোন; কিন্তু, সৰহ পৰ নাই, অলপতে চাবই লাগিব, অলপতে সেই ডাৱৰৰ ঘোৰ মূৰ্তি দেখা পাব।

 লৰা-ছোৱালী যিমানেই ডাঙৰ হল লাগে, মাক-বাপেকৰ মানত তথাপি কেঁচুৱা। লাহৰীৰ দেউতাক আৰু আইতাকেও সেই বয়সলৈকে লাহৰীক কথা-নজনা কেঁচুৱা ছোৱালীটি যেন ভাবি আছিল। কিন্তু, পাচলৈ সিবিলাকে দেখিলে যে, সেই দৰে সৰু-সৰু বুলি আওকণীয়াকৈ থাকিবৰ আৰু সময় নাই; কোনো এটি সজ পাত্ৰত ছোৱালীটি গতাবৰ সময় পালেহি। কীৰ্ত্তিনাথ গোহাঞিয়ে এই কথা কেইবাদিনৰেপৰা ভাবি আছিল; ভাৰ্য্যাৰে সৈতে আলচ পাতিবলৈ হে আজৰি পোৱা নাছিল। পিচে, এদিন ৰাতি, ভাত পানী খাই লাহৰী শোৱাৰ পাচত, তেওঁ ছেগ বুজি ভাৰ্য্যাক কলে,“শুনিছা নে, আজি মই কেইবাদিনৰেপৰা তোমাক কথা এটা সোধোঁ-