লাহৰী/সপ্তম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা

[ ৪৫ ]

৭। আধ্যা ।
লাহৰী-কমল ৷

 আমি, ছেগ বুজি, আকৌ লাহৰী-কমলৰ ওচৰলৈ যাওঁ। সেই দিনা ফুলনিত লাহৰীয়ে কমলক প্ৰথম অময়া প্ৰেমৰ আবেগেৰে মোহ লগাবৰেপৰা লাহে লাহে দিনো বাঢ়ি আহিছে আৰু তাৰ লগে লগে সেই মোহ ক্ৰমাৎ ডাঠ্ হৈ আহিবলৈ ধৰিছে। লাহৰীয়ে অকল কমলক মোহ লগাই,তেওঁক নিজৰ ইচ্ছা মতে টনাঢিলোৱা কৰি ৰং চোৱা নাই, ⸺লাহৰীয়ে সেই দিনাই নিজৰ ডিঙ্গিতো সেই মোহৰ ফাঁহ লগাই কমলৰ ডিঙ্গিত আঁটি দিছে । সেই গাঁঠি ক্ৰমাৎ দৃঢ় হৈছে বুলিও, সি চোঁচনী-গাঁঠি হে; টানিলেই চোঁচা খায় আৰু এৰি দিলেই ঢিলা হৈ পৰে। এতিয়া দুয়ো ওচৰা-উচৰি হৈ আছেমানে একো বিপদৰ আশঙ্কা নাই। কিন্তু, এটিৰ পৰা আনটিয়ে আঁতৰি যাব লগাত পৰিলে, বা কোনোবা শতুৰুৱে বলেৰে ধৰি দুইকো দুফালে আঁতৰাই নিব লাগিলে, এটিও নাবাঁচে; টেঁটু-চেপা লাগি দুইটি দুফালে হানি হব ! অহঃ শতৰুৱেই হল লাগে, এনে দুটি প্ৰাণীৰ অন্ত পেলাবলৈ নো কাৰোবাৰ সত যাব নে? কাৰ নো এনে শিলাময় হিয়া আছে যে, এনে দুটি সুন্দৰ মূৰ্ত্তিক দেখি অলপো নপমিব ? যি এনে নিকৰুণ কাম কৰিবলৈ আগ বাঢ়িব, সি যে নিয়ন্তাৰ ওচৰত ঘোৰ অপৰাধত অপৰাধী হব । সৃষ্টিকৰ্তাই যে এই দুটি প্ৰাণীক স্ৰজোঁতে বহু পৰিশ্ৰম কৰিলে; আৰু বহু কষ্ট সহিলে ৷ আৰু, শতৰু হবলৈকো, [ ৪৬ ] লাহৰী-কমলে নো কাক কি কৰিছে? ⸺কাক নো কেতিয়া আমনি কৰিছে? লাহৰী-কমলে দেখোন কাৰো ঘৰলৈ নাযায়, কাকো এটা বঢ়া-বচন নোবোলে, কাকো বেজাৰ পোৱা কথা এটি নকয়, কাৰো লগত কন্দল নকৰে, কাৰো কেতিয়াও অহিত নিচিন্তে। বৰঞ্চ, সিবিলাকে দুখীয়াৰ দুখত পুতৌ কৰে, নিচলাৰ শোকত শোক কৰে, বেজাৰ কৰা মানুহৰ লগত বেজাৰ কৰে; আৰু পৰাখিনিত তেনে দুখ, শোক আৰু বেজাৰ গুচাবলৈ হে যত্ন কৰে । তেন্তে নো এই পৃথিবীত লাহৰী-কমলৰ কোন্ শত্ৰু আছে? ⸺নাই, এই জগতত লাহৰী-কমলৰ শত্ৰু নাই ! কমল হেন এটি সুন্দৰ উঘা ভাঙ্গোতাও নাই আৰু সেই উঘাত মেৰ খাই থকা নিৰ্ম্মল প্ৰেমৰ লাহৰী-সূতা ছিঙ্গোতাও নাই। আমি তেন্তে লাহৰী-কমলৰ বিপদৰ ভাবনা এৰি পেলাওঁ। তেওঁবিলাকে নিজৰ ইচ্ছামতে যিমান পাৰে সিমান আগুৱাওক; তেওঁবিলাকে সেই অময়া প্ৰেমৰ মোহ যিমান পাৰে, সিমান ডাঠ্ কৰোক, তাত আমাৰ অকণো ভাবনা নাই ।

 যেই-সেই কথাতে কমল বৰ থিৰ। পঢ়াশালিত নাম লগাবৰেপৰা কমলে যেনেকৈ এদিনো পঢ়াশালিলৈ যোৱা খতি কৰা নাই, লাহৰীৰ ওচৰত "সদায় আহিম" বুলি কোৱা দিনৰেপৰা লাহৰীহঁতৰ ঘৰলৈকো তেওঁ এদিনো নহাকৈ থকা নাই। লাহৰী-কমলৰ নিতৌ নতুন ভাব,নতুন কথা, নতুন উলাহ। এনে কোমল বয়সত নো লাহৰী-কমলে কেনেকৈ ইমান নতুন ভাব, নতুন কথা লৈ নিতে নিতে নতুন ভাৱে উমলিব জানিছিল, তাক সহজে বুজা টান। তাৰ কাৰণ হৈছে, প্ৰেমে যেই-সেই মানুহৰে মন-প্ৰাণ প্ৰেম-কথা প্ৰেম-ভাবেৰে সাৰুৱা কৰি থয়। যি প্ৰকৃততে আৰু সৰল ভাৱে নিস্বাৰ্থ প্ৰেমত পৰে; সি আৰু তেনে প্ৰেম-কথা প্ৰেম-ভাব বিচাৰিবৰো আৱশ্যক নকৰে আৰু কাৰো ওচৰত তেনে কখা, তেনে ভাব শিকিবও নালাগে । অকৃত্ৰিম আৰু নিস্বাৰ্থ [ ৪৭ ] প্ৰেমৰ এয়ে বিশেষত্ব। যি জনে সঁচাকৈয়ে এনে অময়া-প্ৰেমত পৰে, তেওঁক প্ৰেম-দেবীয়ে জয়ে-জয়ে আদৰেৰে ইয়াকে হে বঁটা দিয়ে। কিন্তু, যি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰেম কৰে, যি ভালপোৱা পাবৰ আশাৰে ভালপোৱা দিয়ে, যি নিজৰ উদ্দেশ্য সিদ্ধিৰ নিমিত্তে সঁচায়-মিছায় বাৰবুৰি কথা জুকিয়াই লয়, বা আনৰপৰা শিকি লয়, তেনে কৃত্ৰিম প্ৰেমিকৰ প্ৰেমালাপ সীমাবদ্ধ। তেনে প্ৰেমিকৰ হিয়া উদং, তেনে প্ৰেম দুদিনীয়া আৰু তাৰ পৰিণাম সততে শোচনীয়। তেনে প্ৰেমক কৃত্ৰিম আৰু স্বাৰ্থপৰ প্ৰেম বোলা যায়। মনৰ মিল আৰু প্ৰাণৰ মিলনে লাহৰী-কমলৰ দিনে দিনে তেনে নতুন ভাব, নতুন কথা, নতুন লাহ-বিলাহ ভাল পৰিমাণে বঢ়াবলৈ ধৰিলে। দিন বাগৰি সপ্তাহত পৰিল, সপ্তাহ বাগৰি মাহত পৰিল, মাহ বাগৰি বছৰত পৰিল; আৰু তেনে বছৰো কেইবাটাও পাৰ হল। এতিয়াও নিতে নিতে নতুন ভাব, নতুন লাহ-বিলাহ! বছৰৰ লগে লগে আমাৰ লাহৰী-কমলৰ বয়সো বাঢ়িল; এতিয়া লাহৰীৰ বয়স পোন্ধৰ বছৰত আৰু কমলৰ বয়স কুৰি বছৰত সোমাইছেহি। আৰু, বয়সৰ লগে লগে প্ৰণয়ৰ মোহ ক্ৰমাৎ ডাঠ্ হবলৈ ধৰিছে। কথা-বাৰ্ত্তা, ভাব-গতি সকলো আগতকৈ ৰসাল আৰু সাৰুৱা হৈ আহিছে। বয়স-বাৰিষা পাই পবিত্ৰ প্ৰেম-নৈৰ মিলন সোঁতে খৰতৰ গতি ধৰিছে।

 এই দৰে সদায় পৱিত্ৰ প্ৰেম-নৈৰ নিৰ্ম্মল পানীৰ সোঁতত ভাহিবলৈ পাই লাহৰী-কমলৰ সুন্দৰ মূৰ্ত্তি দিনে দিনে দুগুণ জেউতিৰে ফুলি আহিবলৈ ধৰিলে। ইটিৰ ৰূপত সিটিয়ে, সিটিৰ ৰূপত ইটিয়ে মোহ গৈ বিভোল হবলৈ ধৰিলে। আন কি, এই দুটি প্ৰাণীক একেলগে দেখিলে, ছমহীয়া ৰোগীয়েও বিষম ৰোগৰ মৰ্ম্মান্তিক যন্ত্ৰণা পাহৰি এবাৰ মূৰ দাঙ্গি চাব খুজিব। দুইটিকে পুখুৰীপাৰৰ জোপাৰ মাজত বহি প্ৰেমালাপ কৰা দেখিলে, মহা প্ৰেমিক ডালৰ কপৌ-কপৌৱনীয়েও নিজৰ প্ৰেমক হেয় জ্ঞান কৰি ঈৰ্ষা [ ৪৮ ] ভাৱে চাব। ইমান দিনে নো কত প্ৰকাৰৰ কত প্ৰেমালাপ হৈ গল, তাৰ সীমা-সংখ্যা নাই। মুঠতে, কবলৈ গলে, লাহৰী-কমলৰ অন্তৰৰ প্ৰেম-নিজৰা পৃথিবীৰ নাগফুটা নিজৰাৰ দৰে অক্ষয়। আন কি, সেইবাবে আজৰিৰ অভাৱত কমলে ইমান দিনেও লাহৰীক নিজৰ ঘৰৰ কথা আৰু বিপদৰ কাহিনীও ভালকৈ ভাঙ্গিপাতি কবলৈ ছেগ পোৱা নাই। ইয়াৰ ভিতৰতে এদিন লাহৰী-কমল দুয়ো আন দিনৰ দৰে পুখুৰী-পাৰত ফুলনিৰ মাজে মাজে ফুৰি কথা পাতি ফুৰিছে, এনেতে গাঁৱৰ আন লৰা-ছোৱালী আহি উপস্থিত। লাহৰী-কমল পুখুৰীৰ সিপাৰে আছিল। তেওঁবিলাকে লৰা-ছোৱালীবিলাকৰ ওচৰলৈ ঘূৰি আহোঁতে পুখুৰীৰ মাজত ফুলি থকা পদুম এপাহীত লাহৰীৰ চকু পৰিল। লৰাবিলাকৰ ওচৰ চাপিলত লাহৰীয়ে ফুলপাহ আনি দিবলৈ ইটো-সিটোক খাটনি কৰিবলৈ ধৰিলে। সিহঁতৰ ভিতৰতে আমাৰ ধনবৰো আছিল। ধনবৰে তেওঁৰ গাত এনেটি কামৰ ভাৰ পৰে বুলি, ছেগ বুজি, নুশুনাৰ ভাৱ জুৰি, আঁতৰি আঁতৰি পুখুৰীৰ সিপাৰ পালেগৈ। বাকী লৰাবিলাকৰ ভিতৰত কোনোৱে “সাঁতৰিব নেজানোঁ”, কোনোৱে ‘চুৰিয়া তিতিব’, কোনোৱে ‘গধূলি পানীত তিতিলে আইয়ে খং কৰিব’ এনেবোৰ আপত্তি কৰি কোনো ফুল আনিবলৈ নোলাল। পিচে, লাহৰীয়ে অসন্তোষ মনেৰে কমলৰ ফালে চালে। কমলে ততালিকে গাৰ চোলাটি সোলোকাই লাহৰীৰ হাতত দি, সাঁতৰ মেলি গৈ, এটি কলিৰে সৈতে ফুলপাহ ছিঙ্গি লৈ, আকৌ এহতীয়া সাঁতৰ দি পাৰ উঠিলহি; আৰু হাঁহি হাঁহি ফুলপাহ কলিটিৰে সৈতে লাহৰীৰ হাতত দিলেহি। পিচ-মূহূৰ্ততে লাহৰী-কমল আনন্দত সেই ফুলৰ দৰেই ফুলি উঠিল! কমলে আজি “কছাৰি-ৰণত” জিকি অহা হলেও ইমান আনন্দ আৰু গৌৰৱ ৱোধ নকৰিলেহেঁতেন কি জানি। লাহৰীৰ অপাঙ্গত আনন্দাশ্ৰু চল্‌চলীয়া হৈ উঠিল! কমলৰো সেই একে আবেগতে মন-প্ৰাণ বিগলি পৰিল! কিন্তু, কমল আৰু সৰহ পৰ ৰব নোৱাৰিলে, বেগাবেগিকৈ [ ৪৯ ] তিতা কাপোৰ সলাবলৈ ঘৰলৈ যাব লগা হল। কমল ঘৰলৈ গল, কিন্তু তেওঁৰ চেনেহৰ চিন্, —তেওঁ পৰম উলাহেৰে পানীৰপৰা তুলি আনি দিয়া কমল-কলি-ফুল লাহৰীৰ হাততে ৰল। লাহৰীয়ে চকুৰে দেখালৈকে পিচৰপৰা কমলক একেঠৰে চাই আছিল; নেদেখা হলত, হাতৰ ফুল-কলিকে ঘনে ঘনে সুঙ্গিবলৈ ধৰিলে। কলিটি আৰু ফুলটি তেওঁ যিমান বাৰ সুঙ্গে, সিমানবাৰ কমলৰ সৌৰভে লাহৰীৰ হিয়া আমোলমোল্ কৰে; কলিটিক যিমানবাৰ তেওঁ চুমা দিয়ে, সিমানবাৰ কমলৰ ভাবেৰে লাহৰীৰ অন্তৰ ভৰপূৰ হয়। আজি ফুলটিৰ ভাগ্য যে, কমলৰ কোমল হাতেৰে ছিঙ্গা পৰিল; নহলে লাহৰীৰ জেতুলীপকা যেন ওঁঠৰ অমিয়া পান কৰিবলৈ সি নাপালেহেঁতেন। কলিটিৰ সৌভাগ্য যে, আজি সি লাহৰীৰ হাতত কমলৰ উপহাৰ হবলৈ পালে; নহলে এই জন্মত তাৰ ইমান গৌৰৱ নাবাঢ়িলেহেঁতেন। দেহি ঐ, লাহৰীয়ে যেন ফুলটি হাতৰপৰা নেৰিবই! পদুম কলিটি যেন লাহৰীৰ অন্তৰঙ্গ হে, —সি আঁতৰিলেই যেন বুকুৰ উত্তমাঙ্গ সৰি পৰে! সঁচাকৈয়ে, পিচদিনা আকৌ কমলৰে সৈতে মিলন নোহোৱালৈকে পদুম কলিটি লাহৰীৰ বুকুৰ ধন হৈয়ে আছিল। বুকুতে ফুলি তাৰ এপাহি সৰিলেই যেন লাহৰীৰ হিয়াৰ এচিকটা এৰাই যায়! পাহীটি লেৰেলিলে যেন লাহৰীৰ প্ৰাণটিও অন্তৰতে শুকাই যায়!

 পিচদিনা আবেলিপৰত ফুলপাহ আঁচলৰ আগত মেলি লৈ পুখুৰীপাৰত লাহৰী বহি আছে, এনেতে পিচফালৰপৰা কোনোবাই মনে-মনে লাহৰীৰ চকু দুটি মুদাই ধৰিলেহি। লাহৰী পোনেই উচাপ্ খাই উঠিছিল, পিচে পিচমুহূৰ্ততে সেই মনচোৰৰ আঙ্গুলি কিটিৰ পৰশন অনুভৱ কৰি, লাহৰীয়ে আনন্দত খল্‌খলাই হাঁহি উঠি কবলৈ ধৰিলে, “বুজিছোঁ, কমল, কমল”৷ কমলে চাঁত্‌কৰে হাত-এৰা দি সুধিলে, “কেনেকৈ বুজিলাঁ মই বুলি লাহৰী?” [ ৫০ ]  লাহৰী।—এনেকৈয়ে বুজিলোঁ। আঙুলিকিটিৰ উমানতে ধৰিলোঁ। দেখা পোৱা হলে নাই, দেই।

 কমল।—উমানতে নো কেনেকৈ ধৰিলাঁ মই বুলি?

 লাহৰী।—তেনেকৈয়ে ধৰিলোঁ। তোমাৰ আঙ্গুলিকিটি চুই মই উমানতে কব পাৰোঁ নহয়, তুমি বুলি।

 কমল।—(অলপ পৰ লাহৰীৰ মুখলৈ মোহ লাগি চাই থাকি) ময়ো বুজোঁ, লাহৰি, তোমাৰ মুখখনি চায়ে তোমাৰ অন্তৰখনি বুজোঁ! পিচে, তুমিচোন কালিৰ সেই লেৰেলা ফুলপাহকে লৈ আছাঁ? নতুন এপাহ লাগে নেকি? আনি দিম নে?

 লাহৰী।—নালাগে কমল, নালাগে আনিবগৈ।

 সেই বুলি কমলৰ মুখলৈ চাওঁতেই লাহৰীৰ চকু চল্‌চলীয়া হৈ উঠিল। নিমিষতে দুগালে দুধাৰি মুকুতা-পানী ববলৈ ধৰিলে। কমলে দেখি বিতত্ হৈ সুধিলে, “কিয়, লাহৰি! কিয় কান্দিছাঁ?” লাহৰীয়ে ততালিকে উত্তৰ দিলে, “নাই কন্দা, কমল! এনেয়ে চকু-পানী ওলায় দেখোন?” কমলে আকৌ সুধিলে,“এইটো ফুল লেৰেলিছে; আন এটা আনি দিওঁ, দেই?” লাহৰীয়ে উত্তৰ দিলে, “নালাগে, কমল, আবেলি-বেলিকা তোমাক এইদৰে তিতি জুৰুলি হোৱা দেখিবলৈ মই ভাল নাপাওঁ। এই লেৰেলা ফুলটিয়েই তুমি নহালৈকে মোৰ মানত সৌ নতুনকৈ ফুলি থকা কেইটাতকৈয়ো তেজা হে আছিল। অ, কমল, তুমি নো এনেকৈ সাঁতৰিবলৈ কেতিয়া শিকিলাঁ?

  সেই প্ৰশ্ন শুনি কমলে অলপ জিকাৰ খাই উঠি লাহৰীৰ মুখৰ ফালে চাই ঠৰ্ হৈ ৰল; আৰু পিচ-মুহূৰ্ত্ততে বিষাদ ডাৱৰে কমলৰ মুখ-চন্দ্ৰ ঢাকি পেলালে! সেই মুহূৰ্ত্তৰ কাৰণে ফুলনিত লাহৰী-পোহৰ নাইকিয়া হল! তাৰ পাচত, কমলে লাহৰীক বিচূৰ্ত্তি হোৱা যেন দেখি,এটি দীঘল হুমুনিয়াহ [ ৫১ ] কাঢ়ি কবলৈ ধৰিলে, “লাহৰি! এই সাঁতৰ মই আমাৰ আগৰ ঘৰতে শিকা; ইয়াকে নজনা হলে, মই সেই বৰনৈত নাও বুৰি তললৈ যোৱাৰ পৰা আকৌ ওলাব নোৱাৰিলোহেঁতেন। আৰু লাহৰি। এই সাঁতৰ নজনাহলে, কালি তোমাক পুখুৰীৰ মাজৰপৰা পদুম ফুল-কলি আনি দি, আজি মোৰ সকলো দুখ পাহৰিব পৰা অতুল সুখৰ গৰাকী হব নোৱাৰিলোঁহেঁতেন।” এই কথা কৈয়ে কমল আকৌ হাঁহিমুৱা হল। তাৰ পাচত, লাহে লাহে কমলে হৈ-যোৱা ঘটনাৰ গুৰিৰেপৰা কবলৈ লাগিলে, লাহৰীয়ে কমলৰ মুখলৈ চাই একান্ত মনেৰে শুনিবলৈ লাগিলে। প্ৰথমে কমলৰ দেউতাক, আইতাক আৰু তেওঁৰ লৰাকালৰ কথা কৈ যাওঁতে লাহৰীয়ে আনন্দ মিচিকি মিচিকি হাঁহি আছিল। তাৰ পাচত, বুঢ়াগোহাঞি ডাঙৰীয়াৰ অত্যাচাৰৰেপৰা কমল পামপুৰলৈ অহালৈকে, এই ডোখৰ বৰ্ণাওঁতে লাহৰীয়ে চকু-লো টুকি তত্ নাপাইছিল। বিবৃতি ওৰ পৰিলত, লাহৰীয়ে কমলৰ হাতখনি নিজৰ দুই হাতৰ মাজত সুমাই লৈ মোহাৰি মোহাৰি কবলৈ ধৰিলে, “কমল! এতিয়াৰপৰা আৰু তুমি সেইবোৰ কথা মনত পেলাই বেজাৰ নকৰিবাঁ দেই; মোৰে শপত, কমল, বেজাৰ নকৰিবাঁ দেই। কমল! তোমাক বেজাৰ কৰা দেখিলে মোৰো দেখোন বেজাৰ লাগে! কমল! মোৰ কথাত পতিয়ন যোৱাঁ, যদি, মই সঁচা কথা কৈছোঁ।”

  কমল।—“লাহৰি! তোমাৰ কথাত পতিয়ন যোৱাৰ কথা কৈছা নে? তোমাৰ কথা নপতিয়াবলৈ মই ন কৈ শিকিলে হে হব! মোৰ কথাও যদি পতিওঁৱা, লাহৰি! মই সঁচাকৈয়ে কৈছোঁ, তোমাৰে সৈতে প্ৰথম কথা-পাতিবৰ দিনৰেপৰা মই সকলো বেজাৰ পাহৰিলোঁ।” কমলৰ সেই কথাত উৰুলীকৃত হৈ দুয়ো হাঁহিবলৈ ধৰিলে। তাৰ পাচত, তাৰপৰা উঠি দুয়ো ফুলনিৰ মাজে মাজে ফুৰিবলৈ ধৰিলে। অহঃ, লাহৰী-কমল বৰ দৃঢ়ৰূপে বান্ধ খালে। কমল-গছ পাই লাহৰী-লতাই একাঙ্গুল ফাঁক [ ৫২ ] নথকাকৈ মেৰালে! এতিয়া গছ বা লতাত ধৰি আঁজুৰিলেও বান্ধ এৰুৱাবৰ সাধ্য নাই। কমল-গছ যে আন আম-কঁঠাল গছৰ দৰে টান নহয়,—নিচেই কোমল; লাহৰী-লতাই পাই হে মট্‌মটীয়াকৈ থৈছে। এই লতাডালি এৰুৱাব খোজোঁতেই কোমল পানী-গছ থুনুৰাই ভাগিব! আৰু, লতাডালিও আন লেটেকা লতাৰ দৰে নহয়; পানীত থকা লাহৰী-লতা, নিচেই কোমল কোমল কমল-গছ পাই হে লাহৰী-লতাই মেৰাবকে পাৰিছে; এৰুৱাৰ খোজোঁতেই লতা উৱঁলি যাব!