ভেনিচৰ সাওদ/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ]

চতুৰ্থ অধ্যায়।

 এতিয়া পোৰ্শ্বিয়াৰ ৰূপ গুণৰ কথা কওঁ। ব্ৰুটচব পত্নী কেটোৰ পুত্ৰী পোৰ্শ্বিয়াৰ যেনে ৰূপ গুণ আছিল, বেচানিওৰ মৰমৰ পাত্ৰী বেলমণ্ট নগৰৰ পোৰ্শ্বিয়াৰ ৰূপ গুণো ঠিক সেই দৰে আছিল।

 পোৰ্শ্বিয়াৰ ওচৰলৈ মৰকোৰ ৰাজকোৱঁৰ অহাত তেওঁক আদৰ সম্ভাষণ অভ্যৰ্থনা কৰি, যি খোটালীত তিনটি পেৰা আছিল, সেই খোটালীলৈ লৈ যোৱা হ’ল। তেতিয়া পোৰ্শ্বিয়াই তেওঁক সেই তিনটিৰ ভিতৰত এটি মনোনীত কৰিবলৈ ক'লে। আগেয়েই কোৱা হৈছে— তিনটিৰ ভিতৰত এটি সোণৰ, এটি ৰূপৰ আৰু এটি সীহৰ। প্ৰত্যেকটিৰ ওপৰত এফাঁকি এফাঁকি সাৰুৱা কথা লেখা আছিল। সোণৰটিৰ ওপৰত আছিল, “Who chooseth me shall gain what many men desire” অৰ্থাৎ যিজন মানুহে মোক মনোনীত কৰে, যি বস্তু বহুতো মানুহৰ বাঞ্ছনীয়, তেওঁ তাকে পাব। ৰূপৰটিত লেখা আছিল, “Who chooseth me shall get as much as he deserves” যিজন মানুহে মোক মনোনীত কৰে, তেওঁ যিমান পাবলগীয়া তাকে পাব। সীহৰটিত লেখা আছিল, “Who chooseth me must give and hazard all he hath” যিজন মানুহে মোক মনোনীত কৰে, তেওঁৰ যথাসৰ্বস্ব, ক্ষতি হওক লাভ হওক বিচাৰ এৰি দি দিবলৈ সাজু হওক। মৰকোৰ ৰাজকোঁৱৰে প্ৰত্যেকটি পেৰাৰ আগত ঠিয় হৈ চিন্তা কৰিবলৈ ধৰিলে।

 পোৰ্শ্বিয়া—ৰাজকোঁৱৰ, ইয়াৰে এটাত মোৰ প্ৰতিমূৰ্তি আছে। আপুনি যদি সেইটোকে মনোনীত কৰে, তেনেহলে আপুনি কৃতকাৰ্য্য হ’ব।”
[ ১০ ]  তাৰ পাছত ৰাজকোঁৱৰে আকৌ ভাবিবলৈ ধৰিলে। তেওঁ ভগৱানক চিন্তি আকৌ সেই লেখাবোৰ পঢ়িবলৈ ধৰিলে। প্ৰথমতে সীহৰ পেৰাটোৰ ওপৰত তেওঁৰ চকু পৰিল। ওপৰত যি লেখা অৰ্থাৎ যথাসৰ্বস্ব যে আগ বঢ়াব লাগিব, সেই কথা তেওঁৰ মনঃপুত নহ'ল। তাৰ পাছত ৰূপৰ পেৰাটিৰ ওপৰত তেওঁৰ চকু পৰিল। সেইটিৰ ওপৰৰ লেখা পঢ়ি তেওঁৰ মন নবহিল। সৰ্বশেহত সোণৰ পেৰাটিৰ ওপৰত লেখা চকু ফুৰাই তাৰ কথা ভাবি গুণি চাই তেওঁ পালে যে, যি বস্তুৰ বাবে তেওঁ মৰক্কোৰপৰা ইটালীলৈ আহিছে, সেই ভাবে বিষয় তাত লেখা আছে। “যিজন মানুহে মোক মনোনীত কৰে, বহুতো মানুহৰ যি বস্তু বাঞ্ছনীয়, তেওঁ তাকে পাব।” ইয়াৰ মানে তেওঁ ভাবিলে যে, পোৰ্শ্বিয়াৰ বিষয়েই নিশ্চয় ইয়াত লেখা আছে; কিয়নো, পোৰ্শ্বিয়াকে তো পৃথিবীৰ বহুতো মানুহে বিচাৰে; সেই দেখি সেই পেৰাটিতে তেওঁ হাত দিলে। কিন্তু তেওঁ যি ভাবিছিল সি নহ’ল। তাত পোৰ্শ্বিয়াৰ সুন্দৰ প্ৰতিমূৰ্ত্তিৰ ঠাইত এটা কুৎসিত বিকটাকাৰ প্ৰতিমূৰ্ত্তি পালে আৰু তাৰ লগত কেফাঁকিমান কবিতা পালে, তাৰ মৰ্ম্ম হৈছে এই যে, যি বস্তুৱেই চক্‌মক কৰে সেই বস্তুৱেই যে সোণ হ’ব, তাৰ কোনো মানে নাই। আৰু এনে কেফাঁকিমান লেখা পঢ়ি ৰাজকোৱঁৰে জানিলে যে, তেওঁ অকৃতকাৰ্য্য হ’ল। লাহে লাহে তেওঁ পাৰিষদবৰ্গৰে সৈতে পোৰ্শ্বিয়াৰ পৰা বিদায় লৈ বেলমণ্টৰ সেই প্ৰাসাদ যেন ঘৰ এৰিলে।

 মৰক্কোৰ ৰাজকোঁৱৰৰ বিদায়ৰ পিছত এৰেগোণৰ ৰাজকোঁৱৰৰ পাল আহিল। পোৰ্শ্বিয়াই মৰক্কোৰ কোৱঁৰক যেনেকৈ কৈছিল, তেওঁকো ক’লে যে, যি পেৰাটিৰ ভিতৰত তেওঁৰ প্ৰতিমূৰ্ত্তি আছে, সেই পেৰাটি উলিয়াই দিব পাৰিলে তেওঁৰে সৈতে কোঁৱৰৰ তেতিয়াই বিয়া হ’ব।
[ ১১ ]  তেতিয়া এৰেগোণৰ কোৱঁৰে ক'লে, “মই যে তিনিটা বিষয় মানিবলৈ বাধ্য মই জানো। প্ৰথম হৈছে—যি পেৰাটিত মই হাত দি মনোনীত কৰোঁ, সেই বিষয় কাকো নকবলৈ। দ্বিতীয় হৈছে—মই যদি আচল পেৰাটিত হাত দিব নোৱাৰোঁ, কাকো আকৌ বিয়া নকৰিবলৈ। তৃতীয় হৈছে—মই অকৃতকাৰ্য্য হোৱাৰ পাছতেই ইয়াৰপৰা তৎক্ষণাৎ যাবলৈ।”

 তেতিয়াই তেওঁ পেৰাৰ ওপৰৰ লেখা চাই বহুতো ভাবি চিন্তি তিনিউটা পেৰাৰ ওপৰৰ লেখা পঢ়ি ৰূপৰ পেৰাটা মনোনীত কৰিলে। তাত তেওঁ পোৰ্শ্বিয়া দেবীৰ নয়ন আৰু মনোমুগ্ধকাৰী প্ৰতিমূৰ্ত্তিৰ ঠাইত এটা আকৰা বলিয়াৰ প্ৰতিমূৰ্ত্তি পালে আৰু তাৰ লগত তাৰে উপযোগী কবিতা এটিও পালে।

 ইয়াৰ পিছত তেওঁ নিৰাশ হৈ তৎক্ষণাৎ পোৰ্শ্বিয়াৰ প্ৰাসাদ এৰি গ'ল।

 এই ৰাজকোঁৱৰে ঘৰ এৰাৰ পাছতেই লিগিৰাই আহি বাতৰি দিলে যে, ভেনিচ দেশৰপৰা এটি দূত আহি এজন ভদ্ৰলোক অহাৰ বাৰ্তা দিছে আৰু সেই বাৰ্তাৰ লগে লগে বহুতো মূল্যবান বস্তুও সেই দূতে আনিছে।

 এই কথা শুনি নেৰীচাই প্ৰাৰ্থনা কৰিলে যেন ভেনিচৰ পৰা অহা এই ভদ্ৰলোকজন বেচানিৱেই হয়।

 দূতে বেচানিও অহাৰ বাতৰিকেই আনিলে।

 পোৰ্শ্বিয়াই বেচানিওক দেখি তেওঁৰ সুখৰ অন্ত নোহোৱা হ'ল। তেওঁৰ ভয় হ’ল—যদিব বেচানিৱে পেৰা মনোনীত কৰোতে ভুল পেৰাত হাত দিয়ে আৰু সেই বাবেই পোৰ্শ্বিয়াৰ সুখৰ অন্ত হয়। পোৰ্শ্বিয়াই বেচানিওক নানান্‌ কাকুতি মিনতি কৰিবলৈ ধৰিলে-[ ১২ ] “আপুনি এতিয়াই পেৰা মনোনীত নকৰিব, দুদিনমানৰ পাছত কৰিব; কি জানি আপোনাক হেৰুৱাওঁ, ভয় হয়। কিন্তু মোৰ কিবা এটা কথাৰ গুণে মনত হৈছে, আপোনাক নেহেৰুৱাওঁ। মোৰ ইচ্ছা আপুনি দুমাহমান থাকে, তাৰ পাছত হে পেৰাত হাত দিয়ে। আপোনাক পেৰাৰ গুপ্ত কথা কবলৈকো মন যায়, কিন্তু কব যে নোৱাৰি, মোৰ যে কোৱাৰ হুকুম নাই। আপোনাক সহায় কৰিবৰ বাবে আপোনাক কৈ দি পাপ কৰিবলৈকো ইচ্ছা গৈছে, কিন্তু সি হব নোৱাৰে।” পোৰ্শ্বিয়াই ইত্যাদি নানান্‌ কাকুতি মিনতি কৰিলে। বেচানিওৰ ইচ্ছা সোনকালে পেৰা মনোনীত কৰে। তেওঁ একো উপায় নেপাই বেচানিওৰ মততে মত দিলে।

 নানান্‌ চিন্তা ভাৱনাৰ পাছত প্ৰত্যেক পেৰাৰ আগত ঠিয় হৈ শেহত বেচানিৱে সীহৰ পেৰাটিত হাত দিলে। সেই পেৰাটিত পোৰ্শ্বিয়া-ৰত্ন যে পেৰা খোলাজনেই লাভ কৰিব, এই কথাৰে সুন্দৰ কবিতা এটি লেখা কাকত এখনও তাৰ লগতে পালে। পোৰ্শ্বিয়া যে বেচানিওৰ আৰু বেচানিও যে পোৰ্শ্বিয়াৰ ইয়াৰপৰা সঠিক জনা হল।

 ইপিনে গ্ৰেটিয়ানোৱে যে সময়ৰ অপব্যৱহাৰ কৰিছিল এনে নহয়। যেতিয়া নিৰ্ধাৰিতৰূপে জনা গ'ল যে, বেচানিও আৰু পোৰ্শ্বিয়াৰ মিলন নিশ্চিত, তেতিয়া গ্ৰেটিয়ানো আৰু নেৰীচা দুয়ো তেওঁলোকক সেৱা কৰি আনন্দ আৰু শুভ ইচ্ছা প্ৰকাশ কৰিলে গৈ। পাছত গ্ৰেটিয়ানোৱে মাত লগালে, “ডাঙৰীয়া বেচানিও আৰু ডাঙৰীয়ানী, আপোনাসকলে মোৰ শুভ ইচ্ছা জানক। মোৰ কেৱল এটা হাবিলাস আছে, পূৰাব যেন; আপোনাসকলৰ বিয়াৰ সময়ত মোৰা যেন বিয়াখন হয়।”

 বেচা—“যদি তোমাৰ বিয়া কৰাবৰ তিৰুতা তুমি পোৱা, নিশ্চয় হব।”
[ ১৩ ]  গ্ৰেটিয়ানো—ডাঙৰীয়াৰ যহতে এজনী পোৱা হৈছে দিয়ক। আপোনাৰ চকুত যেনেকৈ “ডাঙৰীয়ানী পৰিল, সেইদৰে মোৰ চকুত লগৰিয়ানী নেৰীচাৰ সুন্দৰ মুখ পৰিল। আপোনাৰ কপাল যেনেকৈ তিনিটা পেৰাৰ ওপৰত নিৰ্ভৰ কৰি আছিল, মোৰো ঠিক সেইৰূপ। আপোনাৰ কৃতকাৰ্য্য হোৱাৰ ওপৰত আমাৰ কৃতকাৰ্য্যই নিৰ্ভৰ কৰিছিল। আপুনি ডাঙৰীয়ানীক লভিলে ময়ো নেৰীচাক লভিম, এইয়ে, আমাৰ চুক্তি আছিল। এতিয়া আমিও কৃতকাৰ্য্য হ'লোঁ।”

 পোৰ্শ্বিয়া—“সঁচা নে নেৰীচা?”

 নেৰী—“আইদেও হয়।”

 বেচা—“গ্ৰেটিয়ানো, তুমি সঁচা কৈছা তো? নাইবা এনেয়ে নেৰীচাৰে সৈতে ধেমালি কৰিছা?”

 গ্ৰেটি—“সত্যে কৈছো, ডাঙৰীয়া।”

 বেচানিও আৰু পোৰ্শ্বিয়াৰ অনুমতিক্ৰমে গ্ৰেটিয়ানো আৰু নেৰীচাৰো বিয়া ধাৰ্য্য হ’ল। চাৰিওজনে নানা কথা পাতি আনন্দ কৰিবলৈ ধৰিলে।

⸻:o:⸻