পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
চতুৰ্থ অধ্যায়।

 তেতিয়া এৰেগোণৰ কোৱঁৰে ক’লে, “মই যে তিনিটা বিষয় মানিবলৈ বাধ্য মই জানো। প্ৰথম হৈছে—যি পেৰাটিত মই হাত দি মনোনীত কৰোঁ, সেই বিষয় কাকো নকবলৈ। দ্বিতীয় হৈছে—মই যদি আচল পেৰাটিত হাত দিব নোৱাৰোঁ, কাকো আকৌ বিয়া নকৰিবলৈ। তৃতীয় হৈছে—মই অকৃতকাৰ্য্য হোৱাৰ পাছতেই ইয়াৰপৰা তৎক্ষণাৎ যাবলৈ।”

 তেতিয়াই তেওঁ পেৰাৰ ওপৰৰ লেখা চাই বহুতো ভাবি চিন্তি তিনিউটা পেৰাৰ ওপৰৰ লেখা পঢ়ি ৰূপৰ পেৰাটা মনোনীত কৰিলে। তাত তেওঁ পোৰ্শ্বিয়া দেবীৰ নয়ন আৰু মনোমুগ্ধকাৰী প্ৰতিমূৰ্ত্তিৰ ঠাইত এটা আকৰা বলিয়াৰ প্ৰতিমূৰ্ত্তি পালে আৰু তাৰ লগত তাৰে উপযোগী কবিতা এটিও পালে।

 ইয়াৰ পিছত তেওঁ নিৰাশ হৈ তৎক্ষণাৎ পোৰ্শ্বিয়াৰ প্ৰাসাদ এৰি গ’ল।

 এই ৰাজকোঁৱৰে ঘৰ এৰাৰ পাছতেই লিগিৰাই আহি বাতৰি দিলে যে, ভেনিচ দেশৰপৰা এটি দূত আহি এজন ভদ্ৰলোক অহাৰ বাৰ্ত্তা দিছে আৰু সেই বাৰ্ত্তাৰ লগে লগে বহুতো মূল্যবান বস্তুও সেই দূতে আনিছে।

 এই কথা শুনি নেৰীচাই প্ৰাৰ্থনা কৰিলে যেন ভেনিচৰ পৰা অহা এই ভদ্ৰলোকজন বেচানিৱেই হয়।

 দূতে বেচানিও অহাৰ বাতৰিকেই আনিলে।

 পোৰ্শ্বিয়াই বেচানিওক দেখি তেওঁৰ সুখৰ অন্ত নোহোৱা হ’ল। তেওঁৰ ভয় হ’ল—যদিব বেচানিৱে পেৰা মনোনীত কৰোঁতে ভুল পেৰাত হাত দিয়ে আৰু সেই বাবেই পোৰ্শ্বিয়াৰ সুখৰ অন্ত হয়। পোৰ্শ্বিয়াই বেচানিওক নানান্‌ কাকুতি মিনতি কৰিবলৈ ধৰিলে--