গ্ৰেটিয়ানো—ডাঙৰীয়াৰ যহতে এজনী পোৱা হৈছে দিয়ক। আপোনাৰ চকুত যেনেকৈ “ডাঙৰীয়ানী পৰিল, সেইদৰে মোৰ চকুত লগৰিয়ানী নেৰীচাৰ সুন্দৰ মুখ পৰিল। আপোনাৰ কপাল যেনেকৈ তিনিটা পেৰাৰ ওপৰত নিৰ্ভৰ কৰি আছিল, মোৰো ঠিক সেইৰূপ। আপোনাৰ কৃতকাৰ্য্য হোৱাৰ ওপৰত আমাৰ কৃতকাৰ্য্যই নিৰ্ভৰ কৰিছিল। আপুনি ডাঙৰীয়ানীক লভিলে ময়ো নেৰীচাক লভিম, এইয়ে, আমাৰ চুক্তি আছিল। এতিয়া আমিও কৃতকাৰ্য্য হ'লোঁ।”
পোৰ্শ্বিয়া—“সঁচা নে নেৰীচা?”
নেৰী—“আইদেও হয়।”
বেচা—“গ্ৰেটিয়ানো, তুমি সঁচা কৈছা তো? নাইবা এনেয়ে নেৰীচাৰে সৈতে ধেমালি কৰিছা?”
গ্ৰেটি—“সত্যে কৈছো, ডাঙৰীয়া।”
বেচানিও আৰু পোৰ্শ্বিয়াৰ অনুমতিক্ৰমে গ্ৰেটিয়ানো আৰু নেৰীচাৰো বিয়া ধাৰ্য্য হ’ল। চাৰিওজনে নানান্ কথা পাতি আনন্দ কৰিবলৈ ধৰিলে।
⸻:o:⸻
পঞ্চম অধ্যায়।
ভেনিচত যি ৰাতি বেচানিৱে বৰ ভোজ দি তাৰ পাছ দিনা গ্ৰেটিয়ানোক লৈ বেলমণ্টলৈ আহে, সেই ৰাতি ইহুদী শ্বাইলক বুঢ়াই বজ্ৰাঘাতৰ সমান কষ্ট এটি পায়।
শ্বাইলক বুঢ়া যদিও খ্ৰীষ্টানসকলৰ ঘৃণাৰ পাত্ৰ আছিল, যদিও সি ধৰুৱাক বেছি সুতত ধন ধাৰলৈ দি ধৰুৱাৰ সৰ্ব্বনাশ কৰিছিল, তথাপি