পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ভেনিচৰ সাওদ।

 তাৰ পাছত ৰাজকোঁৱৰে আকৌ ভাবিবলৈ ধৰিলে। তেওঁ ভগৱানক চিন্তি আকৌ সেই লেখাবোৰ পঢ়িবলৈ ধৰিলে। প্ৰথমতে সীহৰ পেৰাটোৰ ওপৰত তেওঁৰ চকু পৰিল। ওপৰত যি লেখা অৰ্থাৎ যথাসৰ্বস্ব যে আগ বঢ়াব লাগিব, সেই কথা তেওঁৰ মনঃপুত নহ’ল। তাৰ পাছত ৰূপৰ পেৰাটিৰ ওপৰত তেওঁৰ চকু পৰিল। সেইটিৰ ওপৰৰ লেখা পঢ়ি তেওঁৰ মন নবহিল। সৰ্বশেহত সোণৰ পেৰাটিৰ ওপৰত লেখা চকু ফুৰাই তাৰ কথা ভাবি গুণি চাই তেওঁ পালে যে, যি বস্তুৰ বাবে তেওঁ মৰক্কোৰপৰা ইটালীলৈ আহিছে, সেই তাৰে বিষয় তাত লেখা আছে। “যিজন মানুহে মোক মনোনীত কৰে, বহুতো মানুহৰ যি বস্তু বাঞ্ছনীয়, তেওঁ তাকে পাব।” ইয়াৰ মানে তেওঁ ভাবিলে যে, পোৰ্শ্বিয়াৰ বিষয়েই নিশ্চয় ইয়াত লেখা আছে; কিয়নো, পোৰ্শ্বিয়াকেতো পৃথিবীৰ বহুতো মানুহে বিচাৰে; সেই দেখি সেই পেৰাটিতে তেওঁ হাত দিলে। কিন্তু তেওঁ যি ভাবিছিল সি নহ’ল। তাত পোৰ্শ্বিয়াৰ সুন্দৰ প্ৰতিমূৰ্ত্তিৰ ঠাইত এটা কুৎসিত বিকটাকাৰ প্ৰতিমূৰ্ত্তি পালে আৰু তাৰ লগত কেফাঁকিমান কবিতা পালে, তাৰ মৰ্ম্ম হৈছে এই যে, যি বস্তুৱেই চক্‌মক কৰে সেই বস্তুৱেই যে সোণ হ’ব, তাৰ কোনো মানে নাই। আৰু এনে কেফাঁকিমান লেখা পঢ়ি ৰাজকোৱঁৰে জানিলে যে, তেওঁ অকৃতকাৰ্য্য হ’ল। লাহে লাহে তেওঁ পাৰিষদবৰ্গৰে সৈতে পোৰ্শ্বিয়াৰ পৰা বিদায় লৈ বেলমণ্টৰ সেই প্ৰাসাদ যেন ঘৰ এৰিলে।

 মৰক্কোৰ ৰাজকোৱঁৰৰ বিদায়ৰ পিছত এৰেগোণৰ ৰাজকোৱঁৰৰ পাল আহিল। পোৰ্শ্বিয়াই মৰক্কোৰ কোৱঁৰক যেনেকৈ কৈছিল, তেওঁকো ক’লে যে, যি পেৰাটিৰ ভিতৰত তেওঁৰ প্ৰতিমূৰ্ত্তি আছে, সেই পেৰাটি উলিয়াই দিব পাৰিলে তেওঁৰে সৈতে কোৱঁৰৰ তেতিয়াই বিয়া হ’ব।