ভেনিচৰ সাওদ/পঞ্চম অধ্যায়
[ ১৩ ]
পঞ্চম অধ্যায়।
ভেনিচত যি ৰাতি বেচানিৱে বৰ ভোজ দি তাৰ পাছ দিনা গ্ৰেটিয়ানোক লৈ বেলমণ্টলৈ আহে, সেই ৰাতি ইহুদী শ্বাইলক বুঢ়াই বজ্ৰাঘাতৰ সমান কষ্ট এটি পায়।
শ্বাইলক বুঢ়া যদিও খ্ৰীষ্টানসকলৰ ঘৃণাৰ পাত্ৰ আছিল, যদিও সি ধৰুৱাক বেছি সুতত ধন ধাৰলৈ দি ধৰুৱাৰ সৰ্ব্বনাশ কৰিছিল, তথাপি [ ১৪ ] মানুহৰ আন আন যিবোৰ গুণ থকা উচিত, সেইবোৰ যে তাৰ গাত নাছিল এনে নহয়। শ্বাইলকৰ জেচীকা নামেৰে এজনী পৰমাসুন্দৰী কন্যা আছিল। এই জেচীকা আৰু লোৰ পেৰাৰ বাহিৰে শ্বাইলকে এই পৃথিবীত আন একো নেজানিছিল। তাৰ সকলো মৰম, সকলো চেনেহ, সকলো প্ৰীতি এই জেচীকাতে লিপ্ত আছিল। টকাৰ বাহিৰে জেচীকাই শ্বাইলকৰ সৰ্বস্ব। কিন্তু জেচীকাই শ্বাইলকৰ অৰ্থলোভী স্বভাৱ কেতিয়াও ভাল নেপাইছিল।
আৰু এটি কথা—শ্বাইলকৰ প্ৰধান শত্ৰু খ্ৰীষ্টান; সেই খৃষ্টান ধৰ্ম্ম অৱলম্বন কৰা এজন ডেকাই জেচীকাৰ প্ৰণয়াভিলাষী আছিল আৰু জেচীকাই খ্ৰীষ্টানৰ প্ৰণয় উপেক্ষা নকৰি প্ৰণয়ৰ সম্পূৰ্ণ প্ৰতিদান কৰিছিল। ডেকাজনৰ নাম লৰেঞ্জো। শ্বাইলকৰ ঘৰত তেওঁলোকৰ মনস্কাম সিদ্ধি নহয় জানি ( কিয়নো, শ্বাইলকে মৰিলেও খ্ৰীষ্টান এটাৰ লগত নিজৰ জীয়েকক কেতিয়াও বিয়া নিদিয়ে ঠিক জানি ) তেওঁলোক দুয়ো এন্ধাৰ নিশা এদিন পলাই যাবলৈ মনস্থ কৰিলে। যি ৰাতি শ্বাইলকে ভোজ খাবলৈ গৈছিল, সেই ৰাতিয়েই তেওঁলোকে পলাবলৈ থিৰ কৰিলে। সেই দিনা বাটত চং উলিউৱাৰ ভাও কৰি গ্ৰেটিয়ানো, চেলাৰিনো, চালানিও আদি বন্ধুৰ সাহায্যত লৰেঞ্জোই সেই ৰাতিয়েই সেই কাৰ্য্য সুকলমে সমাধা কৰিলে।
সেই দিনাই শ্বাইলকৰ লগুৱা লন্স্লট্ গবোৱেও তাৰ কাম এৰি দি বেচানিওৰ লগুৱা কামত সোমাল।
শ্বাইলকৰ দুৰ্দ্দিন। সেই ৰাতিয়েই জেচীকাই লৰাৰ সাজ পিন্ধি সেই ভাৱৰীয়াহঁতৰ ভিতৰত লুকাই থাকি শ্বাইলকৰ বহুতো অলঙ্কাৰ-পাতি ৰূপ-বান লৈ লৰেঞ্জোৰে সৈতে বেলমণ্ট পালে গৈ।
শ্বাইলকৰ হাঁহাকাৰ লাগিল! বিনা মেঘে বজ্ৰাঘাত! জেচীকা গ’ল, [ ১৫ ] টকা গ’ল! খ্ৰীষ্টানক শাও দিয়া আৰু নিজৰ হিয়া ভুকুৱাৰ বাহিৰে বুঢ়াৰ আৰু একো নৰ’ল।
⸻:o:⸻