সমললৈ যাওক

পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অধ্যায়।


চতুৰ্থ অধ্যায়।

 এতিয়া পোৰ্শ্বিয়াৰ ৰূপ গুণৰ কথা কওঁ। ব্ৰুটচব পত্নী কেটোৰ পুত্ৰী পোৰ্শ্বিয়াৰ যেনে ৰূপ গুণ আছিল, বেচানিওৰ মৰমৰ পাত্ৰী বেলমণ্ট নগৰৰ পোৰ্শ্বিয়াৰ ৰূপ গুণো ঠিক সেই দৰে আছিল।

 পোৰ্শ্বিয়াৰ ওচৰলৈ মৰকোৰ ৰাজকোৱঁৰ অহাত তেওঁক আদৰ সম্ভাষণ অভ্যৰ্থনা কৰি, যি খোটালীত তিনটি পেৰা আছিল, সেই খোটালীলৈ লৈ যোৱা হ’ল। তেতিয়া পোৰ্শ্বিয়াই তেওঁক সেই তিনটিৰ ভিতৰত এটি মনোনীত কৰিবলৈ ক’লে। আগেয়েই কোৱা হৈছে— তিনটিৰ ভিতৰত এটি সোণৰ, এটি ৰূপৰ আৰু এটি সীহৰ। প্ৰত্যেকটিৰ ওপৰত এফাঁকি এফাঁকি সাৰুৱা কথা লেখা আছিল। সোণৰটিৰ ওপৰত আছিল, “Who chooseth me shall gain what many men desire” অৰ্থাৎ যিজন মানুহে মোক মনোনীত কৰে, যি বস্তু বহুতো মানুহৰ বাঞ্ছনীয়, তেওঁ তাকে পাব। ৰূপৰটিত লেখা আছিল, “Who chooseth me shall get as much as he deserves” যিজন মানুহে মোক মনোনীত কৰে, তেওঁ যিমান পাবলগীয়া তাকে পাব। সীহৰটিত লেখা আছিল, “Who chooseth me must give and hazard all he hath” যিজন মানুহে মোক মনোনীত কৰে, তেওঁৰ যথাসৰ্ব্বস্ব, ক্ষতি হওক লাভ হওক বিচাৰ এৰি দি দিবলৈ সাজু হওক। মৰকোৰ ৰাজকোঁৱৰে প্ৰত্যেকটি পেৰাৰ আগত ঠিয় হৈ চিন্তা কৰিবলৈ ধৰিলে।

 পোৰ্শ্বিয়া—ৰাজকোঁৱৰ, ইয়াৰে এটাত মোৰ প্ৰতিমূৰ্ত্তি আছে। আপুনি যদি সেইটোকে মনোনীত কৰে, তেনেহলে আপুনি কৃতকাৰ্য্য হ’ব।”