ভেনিচৰ সাওদ/তৃতীয় অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ]

তৃতীয় অধ্যায়।

 পোৰ্শ্বিয়াৰ অগাধ সম্পত্তি। তেওঁ অতুল ঐশ্বৰ্য্যৰ অধিকাৰিণী। এই ঐশ্বৰ্য্যৰ আৰু তাৰ লগত পোৰ্শ্বিয়াক নিজৰ কৰিবৰ নিমিত্তে পৃথিবীৰ নানান দেশৰপৰা নানা ডেকা পোৰ্শ্বিয়াৰ প্ৰাসাদত গোট খাইছিল। মৰোকোৰ ৰজা, ইংলণ্ড, জৰ্ম্মেনী, ফ্ৰান্স, স্কটল্যাণ্ড আদি নানান দেশৰ মানুহ আহি পোৰ্শ্বিয়াৰ ওচৰ চাপিছিল। কিন্তু—এই “কিন্তু” আৰু “যদি” এই দুটা কথা পৃথিবীৰ বহুতো অনৰ্থৰ মূল। পোৰ্শ্বিয়াৰ বিয়াৰ বিষয়তো এই “কিন্তু” আহি তেওঁক অতি বিৰক্ত আৰু দুখ দিছিল। [  ] তেওঁৰ সহচৰী নেৰীচাই তেওঁৰ মনৰ ভাৱ বেছকৈ বুজিছিল। পোৰ্শ্বিয়াই কোনো দৰাকে ইচ্ছা কৰি মনোনীত কৰিব নোৱাৰে— কিয়নো, তেওঁৰ পিতৃয়ে মৃত্যুৰ সময়ত এই দৰা মনোনীত কৰা বিষয়ত তেওঁক এটি বন্ধবস্তৰ ভিতৰত পেলাই থৈ গৈছিল। সেই বন্ধবন্তৰ বশবৰ্তী হৈয়েই তেওঁ বিয়া কৰাব লাগিছিল। তেওঁৰ পিতৃয়ে এটি সোণ, এটি ৰূপৰ, এটি সীহৰ সৰু পেৰাত তেওঁৰ অভিপ্ৰায় কবিতাত লেখি থৈ গৈছিল আৰু এটিত পোৰ্শ্বিয়াৰ প্ৰতিমূৰ্তি আছিল—যি জন পুৰুষেই ঠিক পেৰাটো মুকলি কৰিব, তাতে সেই অভিপ্ৰায় কবিতাত লেখা দেখি পোৰ্শ্বিয়াৰ প্ৰতিমূৰ্ত্তি আছে নে নাই দেখি বুজ পাব, পোৰ্শ্বিয়াক পাব নে নেপাব।

 নেৰীচা পোৰ্শ্বিয়াৰ সহচৰী আৰু শুভাকাঙ্ক্ষীণী। পোৰ্শ্বিয়াই এদিন বেজাৰ কৰি এই চুক্তিৰ কথা কোৱা শুনি নেৰীচাই তেওঁৰ মনত সান্ত্বনা দিবৰ বাবে কলে, “আইদেও, আপনি কিয় মনত বেজাৰ কৰিছে? সঁচা, আপুনি কোনো পুৰুষক ইচ্ছা মতে বিয়া কৰাবও নোৱাৰে আৰু নকৰাওঁ বুলিও কব নোৱাৰে। কিন্তু সেইগুণে আপুনি দুখ নকৰিব, আপোনাৰ দেৱতাক পাপশূন্য মহৎ লোক আছিল আৰু এনে মানুহৰ মৃত্যুকালৰ ইচ্ছা সদাই সৎ হয়। তেখেতে যেতিয়া এনে চুক্তি কৰি থৈ গৈছে, আপুনি সঁচাকৈয়ে জানিব আপুনি যি পুৰুষক ভাল পায়, তেওঁৱেই হে ঠিক সেই পেৰাটি মেলি আপোনাক আপোন কৰিব। ইয়াৰ অন্যথা কেতিয়াও নহয়।”

 এনে আশ্বাস বাক্যৰ পাছত নেৰীচাই পোৰ্শ্বিয়াক শুধিলে, “আইদেও, এতিয়া যি কেজন পুৰুষ আপোনাৰ পাণিগ্ৰহণেচ্ছু হৈ আহিছে, আপোনাৰ তেওঁলোকক কেনে লাগে?”

 পোৰ্শ্বিয়া—“এটা এটাকৈ তুমি নাম কৈ যোৱাচোন, প্ৰতি নামৰ [  ] পাছত মোৰপৰা তেওঁলোকৰ গুণ বৰ্ণনা শুনিবা, তেতিয়াই জানিবা কাক কিমান ভাল পাওঁ।”

 নেৰীচাই এটি এটিকৈ নাম কৈ যাবলৈ ধৰিলে আৰু পোৰ্শ্বিয়াই প্ৰত্যেকজনৰ গুণ বৰ্ণনা কৰি যাবলৈ ধৰিলে। কব নেলাগে যে তাৰ এজনকো পোৰ্শ্বিয়াৰ ভাল নেলাগে, তেওঁলোক গলেই তেওঁ ৰক্ষা পায়।

 পোৰ্শ্বিয়া—“মই যদি বুঢ়ীও হৈ যাওঁ, মোৰ সতীত্ব কেতিয়াও নেযায়, আৰু মোক যি বিয়া কৰাব, পিতৃৰ ইচ্ছানুৰূপেই হে বিয়া কৰাব, আন কোনোৰূপে মই বিবাহত সম্মত নহওঁ।”।

 নেৰীচা—“আপোনাৰ মনত নাই নে, আইদেও, আপোনাৰ দেৱতা ডাঙৰীয়াৰ জীবিতাৱস্থাত মাৰ্কইচ্ অৱ মফেৰাৰ লগত ভেনিচৰপৰা অহা সেই বিদ্বান আৰু বীৰ পুৰুষটিক?”

 পোৰ্শ্বিয়া—“এৰা, এৰা, বেচানিও, সেয়ে তেওঁৰ নাম আছিল।”

 নেৰীচা—“আইদেও, মই যিমান মানুহ দেখিছোঁ, সকলোতকৈ সেই তেওঁৱেই সুন্দৰী এজনা লভিবৰ উপযুক্ত পাত্ৰ।”

 পোৰ্শ্বিয়া–“মোৰ তেওঁক বেছ সুন্দৰকৈ মনত আছে আৰু তেওঁ তোমাৰ প্ৰশংসাৰ যোগ্য পাত্ৰ।”

 এনেকৈ কথা কৈ থাকোতেই এটা লিগিৰা আহি বাতৰি দিলে যে, যি চাৰিজন পুৰুষ তাত সেই সময়ত আছিল, তেওঁলোকে পোৰ্শ্বিয়াৰপৰা বিদায় লবলৈ প্ৰতীক্ষা কৰি আছে; আৰু মৰকোৰ ৰাজকোৱঁৰে তেওঁৰ আগমন জনাবলৈ এজন দূত পঠাইছে, লিগিৰাই ইয়াকো কলে।

 পোৰ্শ্বিয়া --“এই চাৰিজনক যি উল্লাসেৰে বিদায় দিওঁ, তেনে উৎফুল্ল হৃদয়েৰে যদি এই পঞ্চমজনক অভ্যৰ্থনা কৰিব পাৰোঁ, তেনেহলে তেওঁৰ অহাত আনন্দ লভিম। তেওঁ যদিও ঋষিতুল্য মানুহ হয় আৰু তেওঁৰ [  ] বৰণ ভূতৰ দৰে হয়, মোক বিয়া কৰাতকৈ তেওঁ যেন আমাৰ পাদুৰীৰ আগত যেনেকৈ আমি অপৰাধ স্বীকাৰ কৰোঁ, সেই দৰে মোৰ “কন্‌ফেশ্যন” ⁕ শুনে।”

 এণ্টোনিওৰপৰা সেইৰূপ অঙ্গীকাৰ-পত্ৰ পাই শ্বাইলকে বেচানিওক টকা দিলে। বেচানিও বেলমণ্টলৈ যাবলৈ ওলোৱা দেখি গ্ৰেটিয়ানেও লগ ধৰিলে। প্ৰথম বেচানিওই গ্ৰেটিয়ানক লৈ যাবলৈ ইচ্ছা নকৰিছিল। তেওঁ কৈছিল, “গ্ৰেটিয়ানো, তুমি যাব খুজিছা, যাবা, বেছ কথা; কিন্তু এটি কথা তোমাক কওঁ,—তোমাৰ আনন্দ, চিয়ঁৰ-বাখৰ, ৰং-ধেমালি আমাৰ ভাল লাগে আৰু তোমাক সেইবোৰে শুৱায়ও; কিন্তু আমাৰ যিবোৰ ভাল লাগে, আন মানুহৰ সেইবোৰ ভাল নেলাগিবও পাৰে। সেই দেখি মোৰ অলপ ভয়ো লাগে—যি বস্তু বিচাৰি তালৈ যাবলৈ ওলাইছোঁ, জানোছা তাকে হেৰুৱাওঁ।”

 গ্ৰেটিয়ানোৱে উত্তৰ দিলে—“চিনিয়ৰ বেচানিও, সত্যে সত্যে কৈছোঁ, মই তাত এনে নকৰোঁ; কিন্তু আজিৰ বাদ দিব, আজি মই যি কৰোঁ, তাক কিন্তু বেলমণ্টত মোৰ ব্যৱহাৰৰ চানেকী বুলি নলব।”— এইটো সেই দিনা ৰাতি ভোজৰ কথা।

⸻:o:⸻


 কন্‌ফেশ্যন— ৰোমান কেথলিক সম্প্ৰদায়ৰ মানুহে পাদুৰীৰ আগত কোনো নিৰ্দ্ধাৰিত সময়ত তেওঁলোকৰ পাপ, দোষ, অপৰাধৰ কথা কৈ পাদুৰীৰপৰা ক্ষমা লৈ পুণ্য সঞ্চয় কৰে আৰু পাপ ধৌত কৰে। ইয়াৰে নাম কন্‌ফেশ্যন। দেখিবলৈ গুৱনি নহলে যে বিয়া কৰাবলৈ পোৰ্শ্বিয়াৰ মন নাই, ইয়াৰে সেইটো প্ৰকাশ পায়।