পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ভেনিচৰ সাওদ।

“আপুনি এতিয়াই পেৰা মনোনীত নকৰিব, দুদিনমানৰ পাছত কৰিব; কি জানি আপোনাক হেৰুৱাওঁ, ভয় হয়। কিন্তু মোৰ কিবা এটা কথাৰ গুণে মনত হৈছে, আপোনাক নেহেৰুৱাওঁ। মোৰ ইচ্ছা আপুনি দুমাহমান থাকে, তাৰ পাছত হে পেৰাত হাত দিয়ে। আপোনাক পেৰাৰ গুপ্ত কথা কবলৈকো মন যায়, কিন্তু কব যে নোৱাৰি, মোৰ যে কোৱাৰ হুকুম নাই। আপোনাক সহায় কৰিবৰ বাবে আপোনাক কৈ দি পাপ কৰিবলৈকো ইচ্ছা গৈছে, কিন্তু সি হব নোৱাৰে।” পোৰ্শ্বিয়াই ইত্যাদি নানান্‌ কাকুতি মিনতি কৰিলে। বেচানিওৰ ইচ্ছা সোনকালে পেৰা মনোনীত কৰে। তেওঁ একো উপায় নেপাই বেচানিওৰ মততে মত দিলে।

 নানান্‌ চিন্তা ভাৱনাৰ পাছত প্ৰত্যেক পেৰাৰ আগত ঠিয় হৈ শেহত বেচানিৱে সীহৰ পেৰাটিত হাত দিলে। সেই পেৰাটিত পোৰ্শ্বিয়া-ৰত্ন যে পেৰা খোলাজনেই লাভ কৰিব, এই কথাৰে সুন্দৰ কবিতা এটি লেখা কাকত এখনও তাৰ লগতে পালে। পোৰ্শ্বিয়া যে বেচানিওৰ আৰু বেচানিও যে পোৰ্শ্বিয়াৰ ইয়াৰপৰা সঠিক জনা হ’ল।

 ইপিনে গ্ৰেটিয়ানোৱে যে সময়ৰ অপব্যৱহাৰ কৰিছিল এনে নহয়। যেতিয়া নিৰ্ধাৰিতৰূপে জনা গ’ল যে, বেচানিও আৰু পোৰ্শ্বিয়াৰ মিলন নিশ্চিত, তেতিয়া গ্ৰেটিয়ানো আৰু নেৰীচা দুয়ো তেওঁলোকক সেৱা কৰি আনন্দ আৰু শুভ ইচ্ছা প্ৰকাশ কৰিলে গৈ। পাছত গ্ৰেটিয়ানোৱে মাত লগালে, “ডাঙৰীয়া বেচানিও আৰু ডাঙৰীয়ানী, আপোনাসকলে মোৰ শুভ ইচ্ছা জানক। মোৰ কেৱল এটা হাবিলাস আছে, পূৰাব যেন; আপোনাসকলৰ বিয়াৰ সময়ত মোৰা যেন বিয়াখন হয়।”

 বেচা—“যদি তোমাৰ বিয়া কৰাবৰ তিৰুতা তুমি পোৱা, নিশ্চয় হব।”