ভূত নে ভ্ৰম/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা
[ ৫২ ]

৫। অঙ্ক।
⸺•⸺
প্ৰথম পট।
(ধৰ্ম্মেশ্বৰৰ ঘৰৰ কাষৰ উলুৱনি চাপৰি)।

ভূতনাথ, মুক্তিনাথ, সোণেশ্বৰ আৰু ফজলুৰ।

ভূতনাথ।—“আমি এইখিনিতে ৰওঁ। মি: ফুকন যাওক, মি: ৰাজখোৱা উলিয়াই আনকগৈ।

মুক্তি।—বাৰু। (প্ৰস্থান)

ফজল।—কিয়, আটাইবিলাক যাওঁচোন। তেওঁৰ ঘৰত বহিবলৈ মুঢ়া-চকীৰ নাটনি নপৰে।

ভুত।—নহয়, তুমি বুজা নাই। অটাইবিলাকক দেখিলে ৰাজখোৱাৰ আইতাকে ভিতৰত কেপ্‌কেপাই উঠিব; ঘাইকৈ মোক দেখিলে।

সোণেশ্বৰ।—কিয়?

ভুত।—মই হেনো তেওঁৰ লৰাটো দেউ-ভূত নমনা কৰি খ্ৰীষ্টান কৰিব খুজিছোঁ।

(ধৰ্ম্মেশ্বৰৰে সৈতে মুক্তিনাথৰ পুনঃ প্ৰৱেশ)

ফজল।—কি ভাই, কি খবৰ?

ধৰ্ম্ম।—খবৰ ভালেই।

সোণ।—পিচে, মৰিশালিত খুঁটি পোতা হল জানো?

ধৰ্ম্ম।—(গহীনাই) ওঁ-ওঁ-ওঁ। দেখিলেই লেখিবা নহয়।

ভুত।—বেচ কথা। বৰ সন্তোষ লগা কথা। Thanks (ধৰ্ম্মেশ্বৰৰ হাতত ধৰি শলাগৰ হাত জোকাৰণি দিয়ে)। [ ৫৩ ] সোণ।—বেচ, ময়ো ধন্যবাদ দিছোঁ। (ধৰ্ম্মক হাতজোকাৰণি দিয়ে)।

মুক্তি।—ইয়াত আৰু পলম কৰাৰ সকাম নাই। যাওঁ, বলাহঁক, আচল ঠাইত উপস্থিত হৈ আলাপ-আলোচনা কৰোঁগৈ।

ভূত।—এৰা, যাওঁতে যাওঁতেও আমি কথা-বাৰ্তা পাতি যাব পাৰিমহঁক। যাওঁতে আমাৰ ভৰিয়ে হে কাম কৰিব, মুখৰ আজৰি থাকিব নহয়। কি বোলাহঁক?

ফজল।—কি বুলিম, হয় বুলিছে। বাঃ! মিষ্টাৰ বৰুৱাৰ কথাৰপৰা ৰস বৈয়েই থাকে; যেনিবা মৌ-চাক্‌ হে!

মুক্তি।—মৰিশালিলৈকে পোনাই যোৱা হওক, দুপৰীয়া খোৱাৰ পৰত উলটি ঘৰ পাবগৈ লাগে। বলাহঁক। (সকলোটিৰ প্ৰস্থান)

দ্বিতীয় পট।
(মৰনৈপাৰ—মৰিশালি)

(ভূতনাথ, মুক্তিনাথ, ধৰ্ম্মেশ্বৰ, ফজলুৰ আৰু সোণেশ্বৰৰ প্ৰৱেশ)

ফজল।—ক’তা ভাই, কেনি? হঁচাকৈয়ে মাৰিলা নে খুঁটিটো? কোনটো? চাওঁ, কবৰৰ ওপৰতে মাৰিলা নে?

ধৰ্ম।—(নিৰ্জ্জু ভাৱে) সৌটো নহয়, যাতে মাৰিছিলোঁ ত’তে আছে। চাই থাকাগৈহঁক।

সোণ।—সৌটো হয়। আহাঁচোঁ, আহাঁচোহঁক চাওঁগৈ, আমি চিন্‌ লগাই দিয়াটো খুঁটিয়েই হয় নে নহয়। চিন্‌ লগাটো নহলে গ্ৰাহ্য নহব

কিন্তু; কাৰ খুঁটি, কোনে পুতিলে, কি ঠিক? [ ৫৪ ]
(আটাই কেইওজন খুঁটিৰ ওচৰলৈ চাপি গৈ খুঁটিটো বেৰি ধৰি চায়)

মুক্তি।—অ, হয়। সেইটোৱেই। আমি চিন্ লগাই দিয়া খুঁটিটোৱেই। সৌটো নহয়, চিন্ ওলাই আছে।

ভূত।—নহব নো কিয়? সেইটো খুঁটিকে, মিঃ ৰাজখোৱাই নুপুতিলে নো আন ক’ৰ খুটি কোনে পুতিবহি?

ফজল।—হয়তে। তেওঁ নো ইমানটো কথাতে বেইমানি কৰিব নে? কথাত ৰব নোৱাৰিলে চৰম হব বুলি তেওঁ জানো নেজানে? (খুঁটিৰ তললৈ তং কৰি চাই। হেৰাহঁক, হৌধন কাৰ কি আকৌ, মন কৰিছাহঁক নে? এখন পাটৰ চুৰিয়াৰ থোৰতে দেখোন গোঁজটো!

সোণ।—ই,এ! হয়ে কি নহয়। সেইখনচোন মিষ্টাৰ ৰাজখোৱাৰ চুৰিয়া যেন দেখি।

ফজল।—(জুমি-জুমি চাই) নহয় নো কি! হঁচা, হিদিনা তেওঁ মিটিঙ্গলৈ পিন্ধি অহা চুৰিয়াখনেই।

মুক্তি।—হয় নে? চাওঁচোন (হাতলৈ একাঁচল তুলি লৈ চাবলৈ ধৰে)।

ভূত।—অতি আচৰিত কথা!

ধৰ্ম্ম।—আচৰিত হব লগীয়া কথা একো নহয়। সেইখন মোৰে চুৰিয়া সঁচা(লাজত তলমূৰ কৰি ৰয়)

ভূত।—কি। আচল কথাটো কি? ভাঙ্গি কোৱাঁচোন। মি: ৰাজখোৱাই দেখোন মনটি আমোলাই পেলাইছাঁ?

ধৰ্ম্ম।—আচল কথা কবলৈকে লাজ লাগে, মি: বৰুৱ! কালি কথাত বান্ধ খাই আহিলোঁ হয় খুঁটি পুতিবলৈ, আৰু পুতিলোও খুঁটি; কিন্তু গা-মনৰ অস্থিৰতাত নিজৰ চুৰিয়াৰ থোৰটো জপতিয়াই মাটিত লেট্‌খাই থাকোতে তৰ্কিব নোৱাৰি তাৰ ওপৰতে খুঁটিটো পুতিলোঁ! পুতি লৈ মহা বিপদত পৰিছিলোঁ! [ ৫৫ ] মুক্তি।—কিয়? কিয়নো গা-মনৰ অস্থিৰতা ঘটিছিল?

ধৰ্ম্ম।—কিয়, কিনো কম এতিয়া! কবলৈকে লাজ লাগে। মই মাজে- সময়ে কথা-প্ৰসঙ্গত কৈয়ে আহিছোঁ নহয়, বোলো, মনে মানিলেও প্ৰাণে নামানে। নাভাবে বুলিলেও, ভূত বিশ্বাসৰ ভাব আপুনি আহে; কিনো কৰিম এতিয়া।

ভূত।—পিচে? তাৰ পিচে?

ধৰ্ম্ম।—পিচে আৰু কি হব লাগে হল! মৰিশালিত থিয় দিয়া মাত্ৰকে- কি জানো কিয়,—মোৰ বুকুখন ধপ্‌ধপাবলৈ ধৰিলে; চকুৰ আগেদি ফিৰিঙ্গতি উফৰিবলৈ ধৰিলে। গা-মন অস্থিৰ হৈ পৰিল। প্ৰতিজ্ঞা ৰাখিবৰ উদ্দেশ্যে খৰকৈ মৰিশালিটোৰ ওপৰত উঠি খুঁটিটো পুতিলোঁগৈ; কিন্তু মোৰ চুৰিয়াৰ থোৰটো যে খুঁটিৰ তলত পৰি আছিল, মনৰ অস্থিৰতা হেতুকে তালৈ মই তং কৰিবলৈকে নহল। খুঁটি পুতি আঁতৰি আহিবলৈ ধৰোঁ যে, মোৰ চুৰিয়াত ধৰি কিহবাই মোক গাঁতৰ ভিতৰলৈ টানি নিব খোজে! মোৰ চুলিৰ আগে দি ধাতু যোৱা যেন লাগিল। মোৰ গাত তত্ নোহোৱা হল। সেই মুহূৰ্ত্ততে অন্তৰৰ ভূত-বিশ্বাস ডাঠ হৈ উঠিল। মই অস্থিৰ হৈ, “ভূতঔ ! ভূতে ধৰিলে বুলি চিয়ঁৰ- বাখৰ লগাবলৈ ধৰিলোঁ। চিয়ঁৰি চিয়ঁৰি কাৰো মাত নাপালোঁ। পিচে, ভূতৰ হাতৰপৰা আৰু মোৰ নিস্তাৰ নাই যেন ভাবি, অগত্যা চুৰিয়া-ফুটিয়া এৰি, মই ঘৰলৈ পলাই লৰ ধৰিলোঁ।

ফজল।—(সোণেশ্বৰৰ গাত হাত দি) ডিয়েৰ, গমি চোৱাঁচোন, মনত পৰিছে নে সেই দিন মৰনৈৰ কিনাৰত আমাৰ দশাও এনে নহৈছিল নে। মিষ্টাৰ ৰাজখোৱাৰেই যদি এনেটো ভ্ৰম ঘটিল, আমাক নো তেন্তে তেওঁ দুষিব কি বুলি? [ ৫৬ ] সোণ।—(চকুৰ টিপ্‌ মাৰি) বাজে কথা নুলিয়াবাচোন। মনে মনে থাকাঁ তুমি।

মুক্তি।—সেইটো দোষ ধৰিব লগীয়া কথা নহয়, শোধন কৰিব লগীয়া বিষয় হে। সৰল বিশ্বাসৰ ওপৰত কাম কৰি ঘাটি খালেও তাত মূল্য থাকে, আৰু কৰ্ত্তা জন শলাগৰ পাত্ৰ হয়। মিষ্টাৰ ৰাজখোৱাৰ সম্পৰ্কেও সেয়ে কথা।

ভূত।—দেখিলা বন্ধুসকল! ভূত-বিশ্বাসৰ কুফল আমাৰ নিজৰ গাতে কেনেকৈ ফলিয়াইছে। ই আমাৰ বৰ্তমান উচ্চশিক্ষাৰ ভ্ৰান্তি-দোষ দেখুৱা নাই, দেখুৱাইছে আমাৰ শিশুশিক্ষাৰ ভ্ৰম-দোষ। সৰুতে আমি নিজৰ পিতৃ-মাতৃ আৰু সমাজৰ বুঢ়া-মেথাৰপৰা ভূতৰ যি বিবৰণ পাই আহিছিলোঁ, তাৰেই বিবৃতি আমাৰ স্বভাৱত এনে ভাৱে মিলি গৈছে যে, আজি সি আন্তৰিক-বৃত্তিৰ দৰে আমাৰ ওপৰত প্ৰভূত্ব চলাইছে। ইয়াতকৈ বেচি সাংঘাতিক সামাজিক দোষ আৰু কি হব পাৰে! কিন্তু, ধুৰুপ বুজিবাহঁক “Good cometh out of evil” অৰ্থাৎ, আপদে সম্পদ মিলায়। আমাৰ মিষ্টাৰ ৰাজখোৱা এজনৰ পটন্তৰেৰে আমি এশ জনৰ মনৰ ভ্ৰান্তি গুচাবলৈ চল পামহঁক। বিশেষতঃ, আমাৰ সংস্কাৰ-সমিতিৰ উদ্দেশ্যও সেয়েই। সেই ভ্ৰান্তি গুচাবলৈ আজিৰপৰা আমাৰ সংকল্প দৃঢ়তৰ হল। ৰাজখোৱাদেৱৰ জ্বলন্ত পটন্তৰে ৰাইজক পোহৰাই দেখুৱাব যে, ভূত বুলি একো এটা নাই, সি ভ্ৰম হে। সেই ভ্ৰমে কাছুটি হেৰুৱায়।

মুক্তি।—নিশ্চয় ভ্ৰম; ভূত নহয়, ভ্ৰম মাথোন। মই তাৰ জ্বলন্ত পটন্তৰৰে সৈতে আজি বৰচহকী হলোঁ। এই পটন্তৰ ঘৰে ঘৰে বিলাই ফুৰিম।

ধৰ্ম্ম।—মোৰ অন্তৰৰপৰাও ভূত-বিশ্বাসৰ ভ্ৰম বা কু-প্ৰবৃত্তি আজিৰপৰা সম্পূৰ্ণ আঁতৰ হল। যাতে সেই ভ্ৰম-প্ৰমাদত আৰু নপৰোঁ, তাৰ নিমিত্তে আজিৰপৰা মন ডাঠি ফুৰিম। [ ৫৭ ] সোণ।— মোৰ অন্তৰৰ ভাবো সেয়ে। ভূত বুলি যে একো এটা নাই, সি যে কেৱল ভ্ৰম হে, তাত আৰু আজিৰপৰা মোৰ সন্দেহ নাইকিয়া হল। মিষ্টাৰ ৰাজখোৱাৰ পটন্তৰ দি, আন-আনৰ অন্তৰৰপৰাও ভূত-ভ্ৰম গুচাবলৈ পাৰ্য্যমানে যত্ন কৰিম।

ফজল।—হঁচাকৈ কৈছোঁ, মোৰ মনৰপৰাও আজি ভূত-বিশ্বাসৰ ডাৱৰ গোটেই বখলা বৰষি অন্ত পৰিল। মই এতিয়া বৰ মুকলি পাইছোঁ। আজিৰপৰা আৰু ভূত-বিশ্বাসৰ সন্দেহে মোক টলাব নোৱাৰে। হঁচাকৈয়ে, মই আজি হে খাতংকৈ বুজিলো, ভূত নহয় ভ্ৰম হে।

(হঠাৎ এটা বেজ আৰু এটা কানীয়াৰ প্ৰৱেশ)

বেজ।—ডেকাদেউসকল! তোমোলাকৰ কথন-মথন আঁৰে-আঁৰে সকলো শুনিলোঁ। তেন্তে, আমাৰ জীবিকা উপায় নো চিন্তিলাহঁক কি? ভূত খেদিবলৈ বেজ নেলাগিলেচোন আমি নিগমে মৰিলোঁ!

কানীয়া।—এৰা, ভূত নামানিলে আমি নো তৰিম কেনেকৈ পিচে? ভূত- পূজাৰ লাচতে কানীয়া-ভকতক নুপূজিলে, আমাৰ টিকিৰা পোৰাৰো আধ্যা পৰিব দেখেন?

ভূতনাথ।—আধ্যা পৰিবই লাগিব। সদ্যহতে, তোমালোক কানীয়া অংক বেজবিলাকে নিজৰ কু-অভ্যাস এৰি, ৰাইজক সু-অভ্যাস দেখুৱাবলৈ ধৰাহঁক। তাৰ পাচত, আমাৰ লগতে অজলা ৰাইজক এই বুজনি দি ফুৰিবাহঁক যে, সংসাৰত ভূত বুলি একো এটা নাই;—ভূত নহয় ভ্ৰম হে।

কানীয়া।—কি নো বলিয়াৰ দৰে বকিছাঁ, বপা! কানীয়াই নো কানি এৰিব পাৰে নে? ভূতৰ কথা এৰিছোঁ বাৰু, কানি এৰিম কেনেকৈ? কানি নেপালে থিতাতে নমৰিম নে? [ ৫৮ ] মুক্তি।—নমৰাঁ। ভূতৰ ভ্ৰম এৰিব পাৰিলে কানিও এৰিব পাৰিবাহঁক; সকলো অভ্যাসৰ তল। ভূত নপতিয়াবলৈ শিকোৱাৰ লগতে কানি এৰিবলৈকে শিকাম।

বেজ।— বুজিলোঁ। বাৰু, কানীয়া-ভকতৰ হৈ যি হয় কৰিবাহঁক, পিচে আমাৰ দশা কি হব?

ধৰ্ম।—তোমালোকৰো সু-দশা মিলিব। তাৰো এটা সহজ উপায় কৰা যাব। বেজে কেনেকৈ ব্যাধি চাব লাগে, তাৰো সু- দিহা দিয়া হব।

সোণ।—এটা এটাকৈ হে। পোনেই ভূত-ভ্ৰম গুচোৱা, তাৰ পাচত কানি এৰুৱা, তাৰৰ পাচত বেজ-বিধি শিকোৱা। ইত্যাদি।

ফজল।—হঁচা। একেলগে একে হময়তে কেবাটাও কামত ধৰিলে এটাও হুকলমে হিদ্ধি নহব।

মুক্তি।—আহ্মদ চাহাবে ভাল কৈছাঁ, এবাৰত এটাকৈ হে ধৰা উচিত। তেহে নিয়াৰিকৈ কাৰ্য সমাধা কৰিব পৰা যাব।

ভূত।—সেয়ে হয়। ইয়াৰ পাচত আমি এটা কাৰ্যক্ৰম্ বান্ধি লমহঁক। সেইমতে কাম কৰি গৈ থকা হব। আজিৰপৰা এই কানীয়া ভকত আৰু বেজ জনো আমাৰ লগৰীয়া হল। ইবিলাকৰ জীবিকাৰ অৰ্থেও অনতিপলমে এটা সু-ব্যৱস্থা কৰা যাব। সদ্যহতে, ভূত-ভ্ৰম নিৰাকৰণ কৰাটোকেই আমাৰ সমিতিৰ মহাব্ৰত মানি শিৰত ললোঁহঁক।—প্ৰতিজ্ঞা পালন, নাইবা শৰীৰ পতন। জয়, সংস্কাৰ-সমিতিৰ জয়!

সকলোৱে।—(সমস্বৰে) জয়, সংস্কাৰ-সমিতিৰ জয়!

যৱনিকাপাত।