পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫৪
ভূত নে ভ্ৰম

ভূত।— হাঁহ নিকিনাকৈ আৰু বেজ নলগোৱাকৈয়ে তহঁতৰ নৰীয়া ভালকৈ দিওঁগৈ, আহচোনহঁক বাৰু। তহঁতে মিছাতে, ভ্ৰমত পৰি হেবাথৰি খাই ফুৰিব নালাগিব আৰু; মোৰ বুজনি মানি চলিবিহঁক মাথোন। ভূত বুলি একো এটা নাই; সেইটো মনৰ ভ্ৰম হে।

২য়,।— অঃ, তেনেহলেচোন ভালেই। বাৰু, বলাঁ, বলাঁ বপা, বলাঁ।

(তিনিওৰো প্ৰস্থান।)


তৃতীয় পট।
(মৰনৈপাৰৰ মৰিশালি)
⸺•⸺
(ধৰ্ম্মেশ্বৰ অকলশৰে)

ধৰ্মেশ্বৰ।—(গাত আঁঠুলৈকে পৰা এটা দীঘল এঙাচোলা, কঁকালত তললৈ ফেৰমেলা থোৰেৰে পাটৰ চুৰিয়া, ভৰিত জোতা-মোজা, এহাতে এটা জোঙ্গাল বাঁহৰ খুটি, ইহাতে এডাল টাঙ্গোন) উঃ কি জয়াল ঠাই। চাৰিওপিনে ঘোপ্‌মৰা আন্ধাৰ। এনে ক্ষণত এনে ঠাইলৈ মানুহৰ যে সমাগম নায়েই, দেৱতাৰৰ দৃষ্টি নপৰে। ভালেতো হে মানুহে ভয় কৰে। ভূত নাই বুলি অন্তৰত মোৰ বিশ্বাস যদিও, মনে নামানে, বুকু কঁপি উঠে। উঃ! কি ভয়ঙ্কৰ দৃশ্য! অন্তৰত কি উগুলথুগুল ভাব! কি যে বিষম বিশ্বাস! ভূতৰ ভয় মোৰ অন্তৰত ইমান দকৈ বহি গৈছে যে, তাক যুক্তিৰে সৈতে ৰুকি উলিয়াব নোৱাৰি। সৰুৰেপৰা শুনি থকাৰ ফলত, ভূত-বিশ্বাস এতিয়া এটা মোৰ স্বাভাৱিক প্ৰবৃত্তি হৈ পৰিছে। ইয়াৰ স্থিতি যুক্তিৰ অতীত। মোৰ নিজৰ বিশ্বাস, ভূত নাই। লোককো বুজাওঁ ভূত নাই। কিন্তু, সময়ত নিজৰ সেই ধ্ৰুব বিশ্বাস তল পৰে,