উভতি বল, মই হলেও তোৰ লগত উভতি যাওঁ ৷—কি বোল? পলমে বিঘিনি মিলাব এতিয়া !
২য়,৷—এৰা, বিবুদ্ধি ! মই হলে উভতিব নোৱাৰোঁ ককাইটি, মোৰ ছোৱালীটী যায়-যায়!
১ম,৷—মোৰ লৰাটোৰ অৱস্থাও যে তেনেকুৱাই। লৰাৰ যি কি নহওক, শুদা হাতে উলটিব লাগিলে, সিজনীৰপৰা ৰইখা পোৱাই টান হৈছে নহয়। নিৰুপায় !
(ভূতনাথৰ প্ৰৱেশ)।
২য়,৷—কোন্ হে সেইটি? অ, আমাৰ বপা। বপা, কোন্ ফালে বা যায়?
ভুত৷—আহিছোঁ এই ফালেই। সম্প্ৰতি তহঁতৰ ওচৰলৈকে ।
১ম,৷— কিয়, বুপাটি, আমি কিবা লেঠা লগালোঁ নে কি?
ভূত। এৰা, লগাইছ তো। পিচে, লেঠা বাহিৰত নহয়, ভিতৰত হে। তহঁত দুয়ো ইয়াত যিবোৰ কথা-বাৰ্ত্তা পাতি আছিলি, মই সৌ জোপাটোৰ আৰৰপৰা আটাইবোৰ শুনি আছিলোঁ। তহঁতৰ ভিতৰত যি লেঠা লাগিছে, তাকে ভাঙ্গি দিবলৈ বুলি হে চাপিছোঁহি।
১ম,৷— ভাল, বুপাটি। কিবা লেঠা দেখিছা যদি, যেনেকৈ ভাঙ্গিব পাৰাঁ, ভাঙ্গি দিয়াঁ । আমি মান্তি আছোঁ ৷
ভূত। বাৰু, তহঁতে আৰু আগুৱাবও নালাগে, পিচুৱাবও নালাগে। দুয়ো মোৰ লগত মই অহা মাজবাট ধৰি আহহঁক। মই নিৰলে তহঁতৰ ভিতৰুৱা লেঠা ভাঙ্গি দি সকলে অপায় খণ্ডাই দিওঁগৈ আহহঁক।
১ম,৷—ভাল, বলা, আগ হোৱাঁ । পিছে, সেই ফালে হাঁহ কিনিবলৈ পোৱা হব জানো ?