পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫১
ভূত নে ভ্ৰম


২য়,৷—আৰু নো কি গুণৰ কথা কৈছ?

১ম,৷—ঐ ৰাম ! তেওঁক ভূতেও বাট এৰি দিয়ে নহয়। তেওঁৰ হাতত যে বেৰী-দিয়া লাখুটীডাল দেখিছ, তাতে আছে সোপায়।

২য়,৷—কেনেকৈ, কেনেকৈ? ভাঙ্গি কচোন।

১ম,৷—বাৰু, কওঁ শুন্। বেৰীটোৱেপতি একোফাঁকি মন্ত্ৰ, বুইছ? যি ভূতেই হক, তেওঁ লাখুটীডাল দাঙ্গিলেই চাঁত্‌কৰে আঁতৰ হয়।

২য়,৷—ভালেটি হে! তেওঁ সিদিনাখন আমাৰ গাঁৱত নৰীয়া চাই ৰাতি ঘৰলৈ উলটিছিল, জানিছ? মঙ্গলবাৰ, আঁউসী ৰাতি। এই ঠাইতে কোনোবা খিনিত, ঔগছ এজোপাত এটা ভৰি আৰু বাটৰ সিপাশে পমাগছ এজোপাত আনটো ভৰি দি, কন্ধ্ এটাই তেওঁক আগচি ধৰিছিল। পিচে, তেওঁ হাতৰ লাখুটীডাল টোৱাওঁতেই চাঁত্‌কৰে কন্ধ্‌টো ময়াপী হল।

১ম,৷—(জিকাৰ খাই উঠে) ঔ ৰাম! এই খিনিতে। ইপাশে সৌ জোপা ঔ-গছ; সিপাশে সৌ জোপাচোন পমা গছ ! আমি তং কৰাই নাই। ভাইটি, চাপি আহ। গালৈকে টান পৰিলচোন।

২য়,৷— হয় নে নহয়!(চঁক্ লৈ চাপি যায়)। আৰু হেনো ককাইটি,—

১ম,৷—আৰু? জুৰিছে ইমানেই। তেও বাৰু, কচোন আৰু কি?

২য়,৷—কন্ধ্‌টোৱে হেনো এইখিনিত,ঔ আই, এই খিনিতে!—এই খিনিত ছলিব নোৱাৰি আকৌ আগচি ধৰিলেগৈ। পোনতে সি কলা মেকুৰী এটা হৈ তেওঁৰ আগেদি পাৰ হয়; তাৰ পাচত, আৰু অলপ আগত গৈ, পথালিকোমোৰা এটা হৈ পণ্ডিত-বুঢ়াৰ ঠেংতলে সৰকিবলৈ বাগৰি আহিছিল। এনেতে—