পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫৫
ভূত নে ভ্ৰম।

আন্তৰিক অনুভূতি (instinct) ওপৰ উঠে। নিজৰ যুক্তি এতিয়া নিজতে খটাব নোৱাৰা হৈছোঁচোন। ইঃ! গাটো কেনেকৈ জিকাৰি উঠে! পিৰ পিৰকৈ গাৰ নোমবোৰ কেনেকৈ শিয়ঁৰি উঠিছে! উঃ, হাত-ভৰিবোৰচোন অৱশ হৈ যোৱা যেন লাগিছে! কি কৰোঁ? ভাবিবৰ আৰু সময় নাই। অনা-গুণাকৈ থাকোঁতে, উদ্দেশ্য সিদ্ধি নহবগৈ যেন দেখিছোঁ। যি আছে কপালত, যাওঁ, এটা মৰিশালি ভেঁটিৰ ওপৰত খুঁটিটো মাৰি থৈ পলাওঁ। কোনোমতে তাকে কৰি উলটিব পাৰিলেই ৰক্ষা। আৰু পলম কৰিবৰ সকাম নাই। খুঁটিটো পুতিবই লাগিব; নহলে কাইলৈ সিবিলাকৰ আগত কোন্ সতে মুখ দেখুৱাম। সৌটো কেঁচা ভেটি। তাৰ ওপৰত খুঁটিটো মাৰিবলৈকে অঙ্গীকাৰ কৰিছিলোঁ। যাওঁ, (থৰক্‌বৰক্‌কৈ গৈ মৰিশালি-ভেঁটিৰ ওপৰত থিয় হৈ, চকু-আঁখি মুদি, চাপৰোঁতে লেখাই পৰা চুৰিয়াৰ থোৰৰ আগ জপতিয়াই পৰাত তাৰ ওপৰতে কণামুনাকৈ খুঁটিটো পুতি আঁতৰি আহিবলৈ ধৰোতে লাগি ধৰাত চিয়ঁৰ ধৰে।)—ঔ! ধৰিলেঔ। মোক ভূতে ধৰিলেঔ! কোন ক'ত আছ, আই ঔ! (এৰাবলৈ টনাটনি কৰি) ঔ নেৰে ঔ! নিয়ে ঔ! ৰাখ্‌হি ঔ! মোক জীয়াই জীয়াই গাঁতৰ ভিতৰলৈ নিয়ে এতিয়া ঔ! হেৰৌ, ভূত আছে ঔ! ভূত আছে বুলি এতিয়া হে জানিলোঁ ঔ! সঁচাকৈয়ে ভূত আছে ঔ! মৰিলোঁ, মৰিলোঁ, জীয়াতে মৰিলোঁ ঔ! হাঁয় বিধি, মোক কি হে আনিছিল ইয়ালৈ। কেনেকৈ এৰাওঁ এতিয়া ভূতৰ হাতৰপৰা ঔ! (চুৰিয়া এৰি এৰাই লৰ মাৰে)।

অঙ্কপাত।