১ম,৷—কিয়, কিয়, ঠেংতলে সৰকে কিয়?
২য়,৷—নেজান নে? ভূতে ঠেংতলে সৰকিবলৈ পালেই জানিবি, সি তোক ছলিলে ! ক'ত নো বুঢ়া হলি, ইমানটো কথাকে নেজান। কওঁ শুন্। তোক যদি ভূতে তাৰ ঠেংতলে সৰকাব পাৰিলে, তেনেহলে সি লাগিল তোৰ পিচ্ ৷ আৰু, ভূতে যদি তোৰ ঠেংতলে সৰকিবলৈ সুৰুঙ্গা পালে, তেনেহলে তো কথাই নাই, তেতিয়াই তোক ছলিব! ভূতে এইদৰে ছলিয়েই তো আমাক খাইছে । ভূত ময়াপী। আমি কণা মনিচ্, তাক নেদেখোঁ। সি কিন্তু দেওচকুৰে আমাক দেখি থাকে। বেজ-গিয়ানীয়ে মাথোঁ মন্ত্ৰৰ বলত ভূত দেখা পায়। সেই গুণে হে তো পণ্ডিত-বুঢ়াই কন্ধ্টোক আগধৰি দেখা পালে। দেখা পায়েই মন্ত্ৰেৰে বেৰী লগোৱা তেওঁৰ হাতৰ লাখুটীডাল যেই টোঁৱালে, সেই চাঁত্কৰে ময়াপী হৈ ভূতটো থিতাতে নেদেখা হল ।
১ম,৷—পিচে, পিচে, তেওঁক ছলিব পাৰিলে নে?
২য়,৷—নাই, নোৱাৰিলে। কোমোৰাটো কাষ চাপোঁতেই পণ্ডিত-বুঢ়াই কিবা মন্ত্ৰ এফাঁকি মাতি লাখুটীৰে সৈতে তাৰ গাত মাৰ এটা মৰা মাত্ৰকে কন্ধ্টোৱে কোমোৰাৰপৰা ফুটি ওলাই নিজ ভেশ ধৰি লৰ মাৰিলে।
১ম,৷—ইঃ, ৰাম-ৰাম! ৰাম-ৰাম ! আমি হোৱা হলে পতং!
২য়,৷—পতং বুলিছ হে। আমাৰ গাত কি মন্ত্ৰ আছে, তেনে ভূতৰপৰা সাৰিবলৈ?
১ম,৷—ভাল কথাটো শুনালি, বুপাই। পিছে, কৰোঁ কি এতিয়া ? আগুৱাবলৈকো ভয়, পিচুৱাবলৈকো ভয়। অকলে আৰু খোজ এটাকে লৰাৰ নোৱাৰোঁ, বুপাই ! তই হলেও মোৰ লগত