১ম, ছেলা।— নহলে ধৰিবহি কোনোবা এছেগত। আহাঁ, আহাঁ, দেও, আঁতৰোঁ। লাহে লাহে। তেওঁ গম্ নোপোৱাকৈ। আহাঁ, আহাঁ, আহি থাকাঁ। (খোজ মাৰি মাৰি আঁতৰে)।
২য়, ছেলা।—এৰা। বলাঁ, বলাঁ।। ধীৰে ধীৰে (দুয়ো হাতৰ পাৰে ভৰিৰ সাৰে এখুজি-দুখুজিকৈ আঁতৰি গৈ থাকে)।
সন্ন্যাসী।—(চকু মেলি) আনে! ক্যা হোৱা তোম্লোগ্কো? কাহাঁ ভাগ্তাহেঁই?
১ম, ছেলা।—ঔ আই! চকু নে জুই ও এইকুৰা!
২, ছেলা।—বুপায়ঔ! চকু চমক্ লগাই নিছে! ভূত নহলে নো এওঁ এনে অগ্নিবান মাৰিব পাৰে নে?
সন্ন্যাসী।—(খঙ্গত টেলেকাকৈ চাই) ক্যা বল্তাঁহেই তোম্লোগ?
১ম, ছেলা।—হেৰৌ কি চাই আছ ঔ! ধৰেহি এতিয়া! সঁচাকৈয়ে এইটো ভূতে ধৰে এতিয়া আমাক ঔ!
২য়, ছেলা।—ঔ ধৰিলেঔ! খালেঔ! মৰিলোঁ ঔ! (১ম, ছেলাক গবামাৰি ধৰে, আৰু দুয়ো গবীয়াগবিকৈ ভয়ত কোঢ়াল লগাই লৰি পলায়)।
সন্ন্যাসী।—(আচৰিত হৈ থিয় দি) এ ক্যা বাত্? ক্যা হোৱা ইন্লোগ্কো? আবে, জেনা ঠাৰ, শুন্ লও হামাৰা বাত, (পিচে পিচে বেগেৰে খেদি যায়)।