ভানুমতী/নৱম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৩৮ ]

নৱম আধ্যা

ঘৰ-জোঁৱাই


ৰাজহুৱা বৰসবাহ৷ তিনদিনমানৰপৰা গাঁৱত গাঁওবুঢ়াই পঁচা তুলি ফুৰিছে৷ যাৰ যি শক্তি, সিকিটো, আদমহীয়াটো, চৰতীয়াটো, চাউলকঠা আগবঢ়াইছে৷ দুটা ডেকা ল’ৰাৰ কানত ভাৰপাচীৰ সাঙ্গীভাৰে সৈতে গাঁওবুঢ়া বুঢ়ীৰ ঘৰতো ওলালহি৷ বুঢ়ীয়ে আথে-বেথে চৰতীয়া এটিৰে সৈতে চাউল একঠা আগবঢ়ালে৷ ডেকা এটিয়ে চাউল কঠা ভাৰপাচীত ভৰাই লৈ, চৰতীয়াটো গাঁওবুঢ়াক দিলে৷ তেওঁ লাহেকৈ পইচা কেইটা জনক্‌কৈ দীঘল জোলোঙাত ভৰাই থৈ বুঢ়ীক কলে, “নামঘৰত ৰভা দিবলৈ আৰু সবাহৰ যো-জা কৰিবলৈ গা-খাটনি লাগে নহয়৷ সকলোৱে হাতে-হাতে নধৰিলে ৰাইজৰ কাম কেনেকৈ হব৷ “ বুঢ়ীয়ে কন্দনামুৱা হৈ উত্তৰ দিলে, “এ বোপাই, তোৰ নো আছে কোন্‌! থকাহেঁতেন নো কব লাগিছে নে? “

 গাঁওবুঢ়া৷ ― কিয় আজলীলৈ এটা চপাই লৈছ নহয়? চপনীয়াটোৱে নো কৰে কি?

 বুঢ়ী৷ ― এ, কিনো কবি বোপাই! নিচেই অজলা ল’ৰা, সেইটো থিয় হৈ থকাটোৱেই (মোলৈ আঙুলিয়াই)৷

 গাঁওবুঢ়া৷ ― এহে, এইটো গজলীয়া ডেকাটো দেখোন৷ ইয়াক কেইদিন মানৰেপৰা মহন্ত দলৰ লগত ফুৰা দেখিছোঁ৷ ইনো ৰভাখনতো লাগি দিবগৈ নোৱাৰিব নে? নাই, তোৰ আজলীলৈ চাপিল বুলিয়ে ইয়াকো অজলা কৰি লৈছ?

 বুঢ়ী৷ ― এ, নেদেখিছোঁ দেও, সি নো কাম কৰা মতাটো নে? [ ৩৯ ]  গাওঁবুঢ়া৷ ― মতা নহয় যদি, তিৰোতা বুলি ক৷ তেহে বহি খাবলৈ পায়৷ (মোলৈ চাই) তই তেন্তে মতা নহয়, মাইকী হে?

আজলীয়ে শুনি খল্‌খল্‌কৈ হাঁহিবলৈ ধৰিলে৷ মোৰ কিন্তু ভাল নালাগিল৷ কিবা এটাৰ আশঙ্কাৰ ভাবত মোৰ মুখ শুকাই গ’ল৷ আৰু, মুখচুপতিয়ে কিবা বিপদ ঘটোৱাৰ আশঙ্কাত “বাৰু যাব লাগে“ বুলি মই গাঁওবুঢ়াৰ মুখ মাৰি থবলৈ চালোঁ৷ কিন্তু, তেওঁ আকৌ টানমুখীয়াকৈ কলে, “যাব লাগে বুলিলে নহয়, আহিবই লাগে৷ মোৰ লগত আহ৷ চাউলৰ ভাৰ লৈ ইহ’তৰ এটাকে হলেও অজৰাই দে৷ “ পিচে বুঢ়ীয়ে কাবৌ-ভক্তি কৰি কবলৈ ধৰিলে, “ল’ৰাটিয়ে ৰাতিও একো খোৱা নাই৷ দুটামান কৰ্ক্কৰা-প’ইতা খুৱাই নামঘৰলৈ পঠিয়াম; এতিয়া এৰি যোৱা দেওহে৷" গাঁওবুঢ়া সিমানতে মান্তি হৈ মোক এৰি অইন এঘৰলৈ গ’ল৷ বুঢ়ী ভিতৰ সোমাল৷ মই পিৰালিতে বহি গুণিবলৈ ধৰিলোঁ, আজিৰ যাত্ৰা কেনেকৈ পাৰ হওঁ৷

পিচদিনা সবাহ বহিল৷ ৰভাৰ তলত মানে-মানে শাৰী পাতি মানুহ বহিছে৷ ময়ো এশাৰীত এমূৰেদি ঠাই ললোঁ৷ নাম-কীৰ্ত্তন হৈ গ’ল৷ আৰু, সিমূৰৰপৰা বিলনীয়াই মাহ-প্ৰসাদ বিলাই আনিছ৷ আহি আহি মোৰ আগত থিয় দিলেহি৷ বিলনীয়াই প্ৰসাদৰ পাত পাচীৰপৰা তোলা দেখি ময়ো যোৰহাত পাতিলোঁ৷ এনেতে, পিচৰপৰা কোনোবা এটাই মাতি উঠিল, "হেৰ, আগপাত খোৱা সেইটো কোন্‌ অ?" বিলনীয়ায়ো মোৰ মুখলৈ আচৰিত হৈ চাই কলে, “ইএ! এইটো দেখোন ভদৰী বুঢ়ীৰ ঘৰৰ চপনীয়াটো!" এই কথা শুনা মাত্ৰকে পিচৰ দুশাৰী মানুহ একেবাৰে গৰ্‌গৰাই উঠিল৷ কোনোৱে কৈছে, “গঁতিয়াই দে, “ কোনোৱে কৈছে, “চুলিত ধৰি উলিয়াই দে," কোনোৱে কয়, “অ, কটা চপনীয়াৰ ইমান সাহ, আমাৰ শাৰী পূৰাই বহেহি!" এনেবোৰ গঞ্জনাত মই কেনিও মুখ কৰিব [ ৪০ ] নোৱাৰা হলোঁ। এনেতে, "কিনো চাই থাকিব লাগিছে" বুলি ফক্‌ফকীয়া বুঢ়া এটাই মোক গঁতিয়াই আনি ৰভাৰ বাজ কৰি থৈ গলহি। মোৰ পেটেপেটে হাঁহি উঠিল। বোলে, "কালৰো কাল, বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল!" ঘৰত আহি কথাটো উলিয়ালত বুঢ়ী আৰু আজলীয়ে মোৰ ডিঙিত ধৰি ইনাই-বিনাই কান্দিলে।

বুঢ়ীৰ ঘৰৰ চপনীয়াৰ দৰে বছৰেকমান আছোঁ। ইয়ে-সিয়ে মোৰ কথা সুধিলে বুঢ়ীয়ে ঘৰ-জোঁৱাই বুলি মোৰ চিনাকি দিয়া হ'ল। আৰু, ছোৱালীটিয়েও মোলৈ বেলেগ ভাৱে চোৱা হ'ল। তাইৰ মনে-মনে কিবা এটি পোহনীয়া আশা থকা যেন দেখা যায়। সেই আশাৰ পোহৰ তাই কেতিয়াবা মোৰ গাত পেলাই চায়। কিন্তু, চায়, আৰু চায়, তাই একো নাজানে দেহি! আশাৰ পোহৰ কেতিয়া কেনেকৈ মোৰ গাত পৰেহি, মই হে গম্‌ পাওঁ, আজলীয়ে একো তাৰ ভু-ভা নাপায়। দহ বছৰীয়া আজলী এনেবোৰ কথাৰ ধৰুৱা নৌ হয় এথোন। তাইৰ কেৱল মোলৈ আপোন ভাৱ এটা। তাকে তাই ফুটাব নাজানে। যেতিয়া সি আপুনি ফুটি উঠে, তেতিয়া মই তত্ ধৰো, বুঢ়ীয়ে বুজ পায়। মোৰ কিন্তু বুকুখন হম্‌হমাই যায়। তেতিয়া মই ক'ত থাকো কব নোৱাৰা হওঁ। পুৰণি স্মৃতিয়ে মোক নতুন পাহৰা কৰে। খন্তেকলৈ মোৰ ভেশছন মই পাহৰি যাওঁ। এই ভাৱেই আৰু ভালেমান দিন গ'ল। এদিন বুঢ়ীয়ে মোক ওচৰত চপাই লৈ মৰম লগাকৈ কলে, "বোপাই, এটা কথা কওঁ, কাণ দিবি দেই!"

 মই।― বাৰু, শুনিছোঁ, কোৱাঁ।
 বুঢ়ী।― বোপাই, মই বুঢ়ী মানুহ। কাহানি মৰোঁ, ঠিকনা নাই, তহঁতৰ এটা গতি লগাই থৈ যাব পাৰিলে ভাল।
 মই।― কোন্‌ ফালে নো গতি লগাব খুজিছাঁ, আই?
 বুঢ়ী।― বোলোঁ মই জীয়াই থাকোঁতেই আজলীৰে ঘৰখন পকাকৈ [ ৪১ ] পাতি দিব খোজোঁ৷
 মই৷ ― কিনো কথা কোঁৱা আই! অকণমান ছোৱালীটিৰে সৈতে নো ঘৰ পাতে নে!
 বুঢ়ী৷ ― নহয়, বোপাই, ধৰম-বিয়া দিয়াৰ নিয়ম আছে নহয়৷ আমি দুখীয়া মানুহ, সিমানৰ লায়েক নহওঁ! তেও বুলি তামোল-পাণ এটা কটোৱাৰ দিহা কৰোঁ বুলিছোঁ৷

মই আৰু ৰব নোৱাৰিলোঁ৷ শোকে-বেজাৰে লাজে-ধিক্কাৰে মোক ভেটি ধৰিলে৷ কিছুপৰ মাত মাতিব নোৱাৰা হৈ টলকা মাৰিলোঁ; মোৰ নিমাতেই মান্তিৰ লক্ষণ মানি বুঢ়ীয়ে হৰিষ মনেৰে তাৰপৰা উঠি বনত ধৰিলেগৈ৷

ইয়াৰ পাচত আৰু মাহচাৰেক পাৰ হ’ল৷ মই বুঢ়ীৰ ঘৰতে মনে-পতা ঘৰ-জোঁৱাইৰ বৃত্তি লৈ বন-বাৰি কৰি ভাত মোকলাই আছোঁ৷ আৰু পিচলৈ, মোক বুঢ়ীৰ ঘৰৰে এটা বুলি সকলোৰে বিশ্বাস ডাঠ্‌ হ’ল৷ ময়ো আনৰ আগত ’আমাৰ ঘৰ’ বুলি বুঢ়ীৰ ঘৰকে বুজোৱা হলোঁ৷ ইফালে বুঢ়ীয়ে বিয়াৰ কথা ঘনাই উলিয়াবলৈ ধৰিলে৷ আৰু, লাহে লাহে মই নেমাতি ৰণ জিকাৰ কাল উকলিবলৈ ধৰিলে৷ গতিকে, পাচলৈ এইবোৰ কথা উলিয়াবলৈ মই বুঢ়ীক ছেগ নিদিবলৈ চেষ্টা কৰা হলোঁ৷ সেই অৰ্থে, মই ঘৰত থকা সময়ত পৰাপক্ষত কেতিয়াও অকলৈ নাথাকোঁ৷ কোনো প্ৰকাৰৰ কল-বুদ্ধি কৰি আজলীক সততে মোৰ ওচৰত ৰখা হলোঁ৷ মোৰ মৰম পাই আজলীয়েও মোৰ লগ বৰকৈ ধৰা হ’ল৷ এই কথাত বুঢ়ীৰো সন্তোষ৷ মই আজলীক আপোনা-আপুনি মৰম কৰা হৈছোঁ, আজলীয়েও মোৰ লগ নেৰা হৈছে, এই কথাত বুঢ়ীৰ মনে-মনে বৰ ৰং৷ বুঢ়ীয়ে যিহকে কামনা কৰিছিল, কাৰ্য্যত দেখিবলৈ পাইছে৷ বুঢ়ীক আৰু লাগে কি? বুঢ়ীক লাগে, মুঠেই আজলীৰ সৈতে মোৰ ঘৰ পতা কথাটো লোকে জনাকৈ পকা হব লাগে৷ [ ৪২ ] ইমানেই বাকী। বুঢ়ীয়ে বুজি ললে, সেই ফেৰাও এদিন হেলাৰঙে হব। আৰু দিনচাৰেক যাওক, পাছলৈ ল'ৰাৰ লাজ ভাগিলে মুখ ফুটাই মত দিব। এই কথা আৰ-তাৰ আগত কৈ বুঢ়ীয়ে আনন্দ পায়, মই মহা চিন্তাত পৰো।

এইদৰেই গ'ল আৰু ভালেমান দিন। এদিন পুৱা বুঢ়ী জকাই বাবলৈ ওলাল। মোক কলে, "বোপাই, সৌৱা দলনিত ভেটা দি জাকৈয়াই মাছ ধৰিছে। ময়ো যাওঁচোন, তহঁতেই পিটিকি খাবলৈ পুঁঠি-কানি এটা পাওঁ বা। আজলিয়ে ধান জাল দি থাওক। এই খেৰেৰে ধান নেফাটিবগৈ হবলা। নাটনি পৰিলে তই বাঁহতলৰপৰা জেংখৰি অলপ বিচাৰি দিবিহি দেই।" এই কথা কৈ বুঢ়ী মাছলৈ গ'ল। আমি গৃহস্থ আৰু গৃহিণী ঘৰ-ৰখীয়া ৰলোঁ। এইখিনিতে মোৰ অলপ দুখত আনন্দ কৰিবৰ মন গ'ল। ধান-খেৰৰ ওপৰতে দুয়ো বহি আমি প্ৰেমালাপত ধৰিলো। মই প্ৰথমে মাত দিলোঁ, "আজলী!"

 আজলী ― হাঁ, কি?
 মই ― কি, তাহানি যে খাইছিলি টেঙা পাতত দি।
 আজলী ― হেঁই, এইটো! কেনে কথাবোৰ কয়!
 মই ― ইএ! কিঔ! গিৰিয়েকক হেই এইটো বোলে দেখোন! কিনো আজলীঔ!
 আজলী ― কোন গিৰিয়েক?
 মই ― মোক।
 আজলী ― ইঃ মিছাকৈয়ে গিৰিয়েকে বিয়া কৰায় নহয়। পিচে, আমাৰ বিয়া ক'তা?
 মই ― আমাৰো বিয়া হব নহয়?
 আজলী ― কোনে কৈছে?
 মই ― আইয়ে কৈছে।
 আজলী ― তেনেহলে বৰ ভাল হ'ব, নহয় নে? আমি দৰা-

[ ৪৩ ] কইনা হম, নহয় নে? নোৱাওঁতে মোৰ ফটাকানিৰ কইনাটিও লৈ থাকিম দেই৷

জোকাই কিল খালোঁ মাথোঁন৷ আৰু মাতিবৰ সাধ্য নহল৷ জেংখৰি লুৰিবলৈ বুলি মই লাহে লাহে নাদৰ পাৰৰ ফালে আঁতৰ হলোঁ৷ বুঢ়ীৰ আদেশ মতে আজলীক জেংখৰি যোগাবলৈ লাগিব৷ সেই কাৰণে, বাঁহতলৰ পৰা কেডালমান বাঁহৰ জেং টানি আনি মুকলিত উলিয়ালোঁহি৷ তাৰ পাচত, দেখিলোঁ যে, ঢাপৰ ওপৰত উঠিলে তাৰপৰা দলনিত জকাই বোৱা দেখা পায়৷ মই আগেয়ে জকাই বোৱা কেতিয়াও দেখা নাছিলোঁ৷ গতিকে, মই কেতেকী ফুলৰ জোপা থকা ঢাপটোত উঠি একাণপতিয়াকৈ মাছ ধৰা চাবলৈ লাগিলোঁ৷ দেখিলোঁ, মাইকী মানুহবিলাকে গাৰ শুকান কাপোৰ মূৰত পাগুৰিৰ দৰে মেৰিয়াই লৈ কঁকালত খালৈ বান্ধি দল ছিঙিছে৷ কেইজনীমানে সেই দলেৰেই পানীৰ ওপৰত ঘূৰনীয়াকৈ এটা ঢাপ বান্ধিছে৷ সেই মেৰটোৰ দ ফালে এখন মুখ কৰি ভেটা মোকলাই ৰাখিছে৷ আৰু, তাৰপৰা দ-ৰ ফালে এখন মুখ কৰি ভেটা মোকলাই ৰান্ধিছে৷ আৰু, তাৰপৰা দ-ৰ ফালে কুলামুখীয়াকৈ দুশাৰী জকাই পাতি, জাকৈয়াবিলাকে পানী ছটিয়াই মাছ হুৰাই আনিছেগৈ৷ ভেটাৰ মুখ পোৱাহি পাত্ৰকে ছিঙ্গি থোৱা দলেৰে মুখ পাৰি পেলাই, আটাইবিলাকে নিজ নিজ জাকৈ লৈ মেৰৰ ভিতৰত মাছ ধৰিবলৈ লাগি গৈছে৷ এনেতে, মোৰ পিচফালে ’ফোঁচ্‌’ ’ফোঁচ্‌’ শৱদ শুনা গ’ল৷ মই মাছ মৰা চোৱাত মগ্ন হৈ তালৈ বৰ কাণ কৰা নাই৷ তাৰ পাচত, এবাৰ গাতে ফোঁচ্‌ কৰি উঠা যেন পালোঁ৷ ময়ো আওকণীয়া ভাবত লাঠি মৰাৰ দৰে বাওঁ ভৰিটো পিচলৈ মাৰি পঠিয়ালোঁ৷ মোৰ কলাফুলতে ঠহৰ কৰে ফুটাৰ গম পালোঁ৷ কেতেকী ফুলৰ কাঁইটে বিন্ধিলে বুলি মই উলটি চাওঁ দেখোন এটা বৰ ডাঙৰ ফেঁটী সাপ! মই আছাৰ খাই তিনিটামান জাঁপ মাৰি ঢাপৰপৰা দহ্‌ হাতমানৰ আঁতৰত পৰিলোঁগৈ৷ ভয়ত [ ৪৪ ] গাৰ কঁপনি উঠিল। 'আজলীঔ' বুলি এটা চিঁয়ৰ মাৰিলোঁ। সেই চিঁয়ৰ শুনি আজলী একে লৰে ওচৰ কাষ পালেহি। বিষ ক্ৰমাৎ উধাই আহিল। মোৰ মুখত মাত হেৰাল। সাপটোৰ ফালে আঙ্গুলিয়াই আৰু মোৰ কলাফুল দেখুৱাই আজলীক সঙ্কেতত বুজালোঁ যে, সেইখিনিতে মোক সাপে খুটিলে। আজলী বাউলী হৈ তাৰপৰা মাকৰ ওচৰলৈ উধাতু খাই লৰি গ'ল। মই অজ্ঞান হৈ পৰিলোঁ।