পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইমানেই বাকী। বুঢ়ীয়ে বুজি ললে, সেই ফেৰাও এদিন হেলাৰঙে হব। আৰু দিনচাৰেক যাওক, পাছলৈ ল'ৰাৰ লাজ ভাগিলে মুখ ফুটাই মত দিব। এই কথা আৰ-তাৰ আগত কৈ বুঢ়ীয়ে আনন্দ পায়, মই মহা চিন্তাত পৰো।

এইদৰেই গ'ল আৰু ভালেমান দিন। এদিন পুৱা বুঢ়ী জকাই বাবলৈ ওলাল। মোক কলে, "বোপাই, সৌৱা দলনিত ভেটা দি জাকৈয়াই মাছ ধৰিছে। ময়ো যাওঁচোন, তহঁতেই পিটিকি খাবলৈ পুঁঠি-কানি এটা পাওঁ বা। আজলিয়ে ধান জাল দি থাওক। এই খেৰেৰে ধান নেফাটিবগৈ হবলা। নাটনি পৰিলে তই বাঁহতলৰপৰা জেংখৰি অলপ বিচাৰি দিবিহি দেই।" এই কথা কৈ বুঢ়ী মাছলৈ গ'ল। আমি গৃহস্থ আৰু গৃহিণী ঘৰ-ৰখীয়া ৰলোঁ। এইখিনিতে মোৰ অলপ দুখত আনন্দ কৰিবৰ মন গ'ল। ধান-খেৰৰ ওপৰতে দুয়ো বহি আমি প্ৰেমালাপত ধৰিলো। মই প্ৰথমে মাত দিলোঁ, "আজলী!"

 আজলী ― হাঁ, কি?
 মই ― কি, তাহানি যে খাইছিলি টেঙা পাতত দি।
 আজলী ― হেঁই, এইটো! কেনে কথাবোৰ কয়!
 মই ― ইএ! কিঔ! গিৰিয়েকক হেই এইটো বোলে দেখোন! কিনো আজলীঔ!
 আজলী ― কোন গিৰিয়েক?
 মই ― মোক।
 আজলী ― ইঃ মিছাকৈয়ে গিৰিয়েকে বিয়া কৰায় নহয়। পিচে, আমাৰ বিয়া ক'তা?
 মই ― আমাৰো বিয়া হব নহয়?
 আজলী ― কোনে কৈছে?
 মই ― আইয়ে কৈছে।
 আজলী ― তেনেহলে বৰ ভাল হ'ব, নহয় নে? আমি দৰা-