সমললৈ যাওক

পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাৰ কঁপনি উঠিল। 'আজলীঔ' বুলি এটা চিঁয়ৰ মাৰিলোঁ। সেই চিঁয়ৰ শুনি আজলী একে লৰে ওচৰ কাষ পালেহি। বিষ ক্ৰমাৎ উধাই আহিল। মোৰ মুখত মাত হেৰাল। সাপটোৰ ফালে আঙ্গুলিয়াই আৰু মোৰ কলাফুল দেখুৱাই আজলীক সঙ্কেতত বুজালোঁ যে, সেইখিনিতে মোক সাপে খুটিলে। আজলী বাউলী হৈ তাৰপৰা মাকৰ ওচৰলৈ উধাতু খাই লৰি গ'ল। মই অজ্ঞান হৈ পৰিলোঁ।