ভানুমতী/দশম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৪৫ ]

দশম আধ্যা

উন্মাদিনী


ডেৰবছৰমানৰ মূৰত মই ধৰা পৰিলোঁ৷ মই ধৰা পৰাত বৰকৈ লগা নাই৷ ধৰি নো মোক কি কৰিব৷ কিন্তু, মোৰ যে ফাঁকটি ধৰা পৰিল! বেজ জ্ঞানীৰ জৰা-ফুকা, দৰব-জাতিয়ে মোৰ চেতনা আনিলে৷ মই সাৰ পাই উঠি দেখো যে, মোৰ গাত আকৌ তিৰোতাৰ সাজ-পাৰ! মই বুঢ়ীৰ আগত মুখ দেখুৱাবলৈ মৰাৰ সমান টান পোৱা হলোঁ৷ তাতোকৈ আজলীৰ আগত মুখ উলিয়াবলৈ টান হ’ল৷ লাজে-সন্তাপে মোক অস্থিৰ কৰি পেলালে৷ ইয়াতকৈ মোৰ মৰণ হেজাৰ গুণে ভাল যেন ভাবিলোঁ৷ একেই দংশনৰ বিকাৰ৷ তাতে এনে বিষম মনস্তাপে মোক তত্‌ নাইকিয়া যেন কৰিলে৷ মই উন্মাদিনী হলোঁ৷

এনে অৱস্থাত মোৰ কিমান দিন গৈছে কব নোৱাৰোঁ৷ এদিন জনচাৰেক মানুহে সৈতে আহি মাজিউ নিচাওদেউ উপস্থিত৷ সিবিলাকৰ মাজত চাকুলী বুঢ়ীকো দেখা যেন লাগিল৷ নিচাওদেউক দেখা মাত্ৰকে মোক লাগে-ভয়ে-বেজাৰে জুমুৰি দি ধৰিলে৷ চিল্‌মিল্‌কৈ যি এফেৰা জ্ঞান পাইছিলোঁ, সিও হেৰাল৷ মই চকুৰ আগত কি দেখোঁ কব নোৱাৰোঁ৷ কেৱল হঁহা-কন্দা৷ কেতিয়াবা আনন্দত উতলি উঠোঁ৷ অকলৈ অকলৈ হাঁহি পেটুনাড়ী ছিঙ্গো৷ কেতিয়াবা বিষাদত ক’ল পৰো, কান্দোনত খলক লগাওঁ৷ আৰু, কথা কোৱাৰ অন্ত নাই৷ বলকনিত কি ওলায় কব নোৱাৰোঁ৷ বুজাই তাৰেপৰা সবিশেষ বুজি উঠে৷ আনে যিমান বুজে, চাকুলী বুঢ়ীয়ে তাতকৈ বেচি বুজে৷ [ ৪৬ ] মই ক’ত কব নোৱাৰোঁ৷ জিলিমিলি কল্পনাৰ দৰে দেখা পাওঁ, যেন আমাৰ আগৰ ঘৰ-দুৱাৰ৷ আৰু আটাইবিলাক মোৰ চিনাকি মানুহ যেন লাগি যায়৷ কিন্তু দেখিছোঁ বুলি, সঁচাকৈ দেখিছোঁ যেন ভাব হোৱা নাই৷ কিয়নো এই অৱস্থাত বুঢ়ীৰ ঘৰতো এইবিলাক মানুহকে দেখা যেন মনত পৰে৷ ওচৰত যিবিলাক আছিল, তাৰ ভিতৰত কেৱল চাকুলী বাইক হে ধুৰুপকৈ চিনিছিলোঁ৷ মই চাকুলীৰ হাতত যি খামোচ মাৰি ধৰিলোঁ তাক মুকলি কৰা নাই৷ বপুৰীয়ে বাহিৰলৈকো এৰাই যাব নোৱাৰাত পৰিল৷ ঘৰত আৰু চুবুৰীত হুলস্থূল৷ মানুহৰে ঘৰ নধৰা হৈছে৷ কি হৈছে মই ক’ব নোৱাৰোঁ৷ মানুহ আহেমানে মোৰ উলাহ লাগে৷ মাজে মাজে “বিয়া বিয়া, আজলীৰ বিয়া“ এই বুলি চিঁয়ৰি উঠোঁ৷ আচল অৰ্থ কি কোনোৱে নুবুজে৷ কিছুমানে বুজে যে, মোৰ অনিচ্ছাত মোৰ বিয়া পাতিবলৈ ধৰিছিল কাৰণে, সেই ভাবেই এতিয়া ভেজিছেহি৷ যেয়ে শুনে সেয়ে হাঁয় হাঁয় কৰি আঁতৰ হয়৷ এনে অৱস্থাতে চকু-লো টুকি টুকি দেউতাক মোৰ ওচৰলৈ অহা দেখা পালোঁ৷ মই একেঁচাবে গৈ দেউতাৰ ডিঙ্গিত ধৰি উলমি পৰিলোঁ৷ সেই ফেৰি মাত্ৰ মোৰ ধুৰুপ জ্ঞান আছিল৷ দেউতাক দেখা মাত্ৰকে চিনিলোঁ, সেয়ে মোৰ চেনেহৰ ভঁৰাল দেউতা বুলি মই তেতিয়াও চিনিলোঁ৷ কিন্তু মোৰ অৱস্থা দেখি দেউতা অস্থিৰ হৈ পৰিল৷ সামান্য মানুহে কন্দাৰ নিচিনাকৈ তেওঁ চিঁয়ৰি চিঁয়ৰি কান্দিবলৈ ধৰিলে৷ আৰু, মানুহে ধৰি-মেলি তেওঁক মোৰ হাতৰপৰা এৰুৱাই বাহিৰলৈ লৈ গ’ল৷ তাৰ পাচত, আকৌ কিমান হাঁহিছোঁ কিমান কান্দিছোঁ, কিমান বলকিছোঁ তাৰ সীমা নাই৷ এইবাৰ ঘনে ঘনে ’গোহাঞিদেৱ, গোহাঞিদেৱ’ বুলি চিঁয়ৰিবলৈ ধৰিলোঁ৷ বেজবৰুৱাই ব্যৱস্থা দিলে যে, এই অৱস্থাত যাক যেতিয়া বিচাৰে, তেওঁ তেতিয়া ৰোগীৰ ওচৰ চপাটো ভাল৷ আৰু, যাক যাক ভাল পাই বিচাৰে, সেইবিলাক হে ওচৰত থাকিব, আন[ ৪৭ ] বিলাক আঁতৰিব লাগে৷ বেজবৰুৱাৰ ব্যৱস্থা মতে কাম হ’ল৷ বাজে মানুহবিলাক বাহিৰ-ঘৰলৈ আঁতৰি গ’ল; আৰু মই বৰকৈ বিচাৰিবৰ দেখি গোহাঞিদেৱক ওচৰ চাপিবলৈ দিলে৷ মই গোহাঞিদেৱক নিলগত দেখা মাত্ৰকে তেওঁৰ ভৰিত গবা মাৰি ধৰিলোঁগৈ৷ আৰু, তেওঁৰ দুটি ভৰিত পৰি সেৱা কৰিবলৈ ধৰিলোঁ৷ বেজবৰুৱা প্ৰমুখ্যে সকলো নিটাল মাৰিলে৷ এনে অৱস্থাত স্থিৰ থাকিব নোৱাৰি, গোহাঞিদেৱেও হুক্‌ হুক্‌কৈ কান্দিবলৈ ধৰিলে৷ দেউতাক দেখি যেনে এফেৰি সজ্ঞান হৈছিলো, গোহাঞিদেৱক দেখি তাতকৈও বেচি সুস্থিৰ বোধ কৰিছিলোঁ৷ সেই কাৰণে, গোহাঞিদেৱক কান্দিবৰ দেখি মই অলপ নিটাল মাৰিলোঁ৷ আৰু, তেওঁ যেতিয়া চকুৰ পানী টুকি মোক কাতৰভাৱে সুধিলে, “কি হৈছে তোমাৰ ভানু!" তেতিয়া মই য়েন কিবা উত্তৰ দিবলৈ অলপ ভাবিছোঁ, এনে বুজা গ’ল৷ এইবোৰ কথা বেজবৰুৱাই মনপাৰি লক্ষ্য কৰি আছিল৷ আৰু, শেহত তেওঁ ইয়াকে ব্যৱস্থা দি গ’ল, “সম্প্ৰতি ঔষধৰ কাম নহয়, যাক দেখিলে ৰোগী অলপ শান্ত হয়, সেইবিলাকে ওচৰত থাকি শুশ্ৰূষা কৰিব লাগে৷ মই থকালৈকে যি দেখিলো, সেই মতে চাকুলী বুঢ়ী, ডাঙৰীয়া আৰু চাৰু গোহাঞিদেৱ পালপালকৈ পৰীয়া থকা উচিত৷"

বেজবৰুৱাৰ ব্যৱস্থামতে কাৰ্য্য হবলৈ ধৰিলে৷ আৰু, মই ক্ৰমাৎ সুস্থিৰ হৈ আহিলোঁ৷ যিমান সুস্থিৰ হবলৈ ধৰিলোঁ, সিমান আকৌ আগৰ ঘটনাবোৰ মনত স্বৰূপভাৱে পৰিবলৈ ধৰিলে৷ মই ঘৰ এৰি যোৱাৰ পাচত যে মোৰ মৰমৰ দেউতা আৰু গোহাঞিদেৱৰ কোনো বিঘিনি ঘটা নাই, এই কথাই মোৰ মনত শান্তি দিবলৈ ধৰিলে৷ আৰু, যোৱা বিপদৰপৰা উদ্ধাৰ পাই যে সিবিলাকক মই আকৌ পালোহি, এই কথাত মোৰ সন্তোষ লাগি আহিল৷ বিশেষ, মই পলোৱাৰ বাবে যে গোহাঞিদেৱৰ গাত একো ঘাটি নালাগিল, সেই [ ৪৮ ] বাবে নিজকে অলপ ভাগ্যৱতী যেন ভাবিবলৈ ধৰিলোঁ৷ আৰু মোৰ উন্মাদিনী অৱস্থাই যে ইমান দিনৰ মূৰত গোহাঞিদেৱৰ প্ৰতি মোৰ স্বামী-ভক্তি প্ৰকাশ কৰিবলৈ মোক সুছেগ দিছে, ইও এটা মোৰ সুখৰ কাৰণ হ’ল৷ কিন্তু, পাচলৈ যিমানেই সুস্থিৰ হৈ আহিলোঁ, সিমানেই গোহাঞিদেৱৰ সৈতে দেখা-দেখিকৈ কথাবাৰ্ত্তা হবলৈ লাজ লগা হৈ আহিল! আৰু, তেৱোঁ মোক দেখা দিয়াটো ক্ৰমাৎ পাতলাই নিলে, সদৌশেষত, আকৌ দুইকো দুৱে লুকাই-চুৰকৈ দেখা দিয়াত পৰিলোঁ৷ আকৌ চিঠি-পত্ৰেৰে মনৰ কথা জনোৱা-জনিত পৰিল৷

দেউতাক শুশ্ৰূষা কৰাত আগতকৈ মোৰ যত্ন বেছি হ’ল৷ বুঢ়া কালত মোৰ দেউতাই মোৰপৰা ইমান সন্তাপ পালে, সেই বাবে দেউতাৰ সুখ-শান্তি বঢ়াবলৈ মই পাৰোঁমানে মন পাৰি লাগিলোঁ৷ দেউতাই যাতে হৈ যোৱা দুৰ্ঘটনা পাহৰি, আকৌ সন্তোষত দিন নিয়াব পাৰে, তালৈ মই সততে সতৰ্ক হবলৈ ধৰিলোঁ৷ আৰু, দেউতায়ো মোৰ মন ভাল লগা কাম কৰিবলৈ হে বিচৰা হ’ল৷ মোৰ অনিচ্ছাৰ কাম যাতে ভুলতো কৰা নহয়, তাৰ নিমিত্তে তেওঁ সাৱধানে চলা মই বুজিব পাৰিলোঁ৷ এনে সন্তোষৰ সময়ত, মোৰ বিপদৰ বান্ধৱী ভদৰী বুঢ়ীলৈ মোৰ মনত পৰিল৷ মোৰ কাল্পনিক পাত্ৰী অতি চেনেহৰ আজলীৰ কথালৈ মোৰ স্মৰণ হ’ল৷ মই এদিন ছেগ বুজি, সিহঁতে মোক উপকৰ কৰাৰ কথা দেউতাক জনালোঁ৷ আৰু, মোৰ খাটনি মতেই দেউতাই বুঢ়ীক জীয়েকৰ সৈতে সিহঁতৰ গাঁৱৰপৰা তুলি আনি আমাৰ টোলৰ ভিতৰতে ঘৰ-দুৱাৰ সজাই দি থাকিবলৈ ঠাই দিলে৷ মোৰ জঁয় পৰা জীৱন-গছজুপি পুনৰপি ঠন্‌ ধৰি উঠিল৷