পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৱম আধ্যা

ঘৰ-জোঁৱাই


ৰাজহুৱা বৰসবাহ৷ তিনদিনমানৰপৰা গাঁৱত গাঁওবুঢ়াই পঁচা তুলি ফুৰিছে৷ যাৰ যি শক্তি, সিকিটো, আদমহীয়াটো, চৰতীয়াটো, চাউলকঠা আগবঢ়াইছে৷ দুটা ডেকা ল’ৰাৰ কানত ভাৰপাচীৰ সাঙ্গীভাৰে সৈতে গাঁওবুঢ়া বুঢ়ীৰ ঘৰতো ওলালহি৷ বুঢ়ীয়ে আথে-বেথে চৰতীয়া এটিৰে সৈতে চাউল একঠা আগবঢ়ালে৷ ডেকা এটিয়ে চাউল কঠা ভাৰপাচীত ভৰাই লৈ, চৰতীয়াটো গাঁওবুঢ়াক দিলে৷ তেওঁ লাহেকৈ পইচা কেইটা জনক্‌কৈ দীঘল জোলোঙাত ভৰাই থৈ বুঢ়ীক কলে, “নামঘৰত ৰভা দিবলৈ আৰু সবাহৰ যো-জা কৰিবলৈ গা-খাটনি লাগে নহয়৷ সকলোৱে হাতে-হাতে নধৰিলে ৰাইজৰ কাম কেনেকৈ হব৷ “ বুঢ়ীয়ে কন্দনামুৱা হৈ উত্তৰ দিলে, “এ বোপাই, তোৰ নো আছে কোন্‌! থকাহেঁতেন নো কব লাগিছে নে? “

 গাঁওবুঢ়া৷ ― কিয় আজলীলৈ এটা চপাই লৈছ নহয়? চপনীয়াটোৱে নো কৰে কি?

 বুঢ়ী৷ ― এ, কিনো কবি বোপাই! নিচেই অজলা ল’ৰা, সেইটো থিয় হৈ থকাটোৱেই (মোলৈ আঙুলিয়াই)৷

 গাঁওবুঢ়া৷ ― এহে, এইটো গজলীয়া ডেকাটো দেখোন৷ ইয়াক কেইদিন মানৰেপৰা মহন্ত দলৰ লগত ফুৰা দেখিছোঁ৷ ইনো ৰভাখনতো লাগি দিবগৈ নোৱাৰিব নে? নাই, তোৰ আজলীলৈ চাপিল বুলিয়ে ইয়াকো অজলা কৰি লৈছ?

 বুঢ়ী৷ ― এ, নেদেখিছোঁ দেও, সি নো কাম কৰা মতাটো নে?