পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কইনা হম, নহয় নে? নোৱাওঁতে মোৰ ফটাকানিৰ কইনাটিও লৈ থাকিম দেই৷

জোকাই কিল খালোঁ মাথোঁন৷ আৰু মাতিবৰ সাধ্য নহল৷ জেংখৰি লুৰিবলৈ বুলি মই লাহে লাহে নাদৰ পাৰৰ ফালে আঁতৰ হলোঁ৷ বুঢ়ীৰ আদেশ মতে আজলীক জেংখৰি যোগাবলৈ লাগিব৷ সেই কাৰণে, বাঁহতলৰ পৰা কেডালমান বাঁহৰ জেং টানি আনি মুকলিত উলিয়ালোঁহি৷ তাৰ পাচত, দেখিলোঁ যে, ঢাপৰ ওপৰত উঠিলে তাৰপৰা দলনিত জকাই বোৱা দেখা পায়৷ মই আগেয়ে জকাই বোৱা কেতিয়াও দেখা নাছিলোঁ৷ গতিকে, মই কেতেকী ফুলৰ জোপা থকা ঢাপটোত উঠি একাণপতিয়াকৈ মাছ ধৰা চাবলৈ লাগিলোঁ৷ দেখিলোঁ, মাইকী মানুহবিলাকে গাৰ শুকান কাপোৰ মূৰত পাগুৰিৰ দৰে মেৰিয়াই লৈ কঁকালত খালৈ বান্ধি দল ছিঙিছে৷ কেইজনীমানে সেই দলেৰেই পানীৰ ওপৰত ঘূৰনীয়াকৈ এটা ঢাপ বান্ধিছে৷ সেই মেৰটোৰ দ ফালে এখন মুখ কৰি ভেটা মোকলাই ৰাখিছে৷ আৰু, তাৰপৰা দ-ৰ ফালে এখন মুখ কৰি ভেটা মোকলাই ৰান্ধিছে৷ আৰু, তাৰপৰা দ-ৰ ফালে কুলামুখীয়াকৈ দুশাৰী জকাই পাতি, জাকৈয়াবিলাকে পানী ছটিয়াই মাছ হুৰাই আনিছেগৈ৷ ভেটাৰ মুখ পোৱাহি পাত্ৰকে ছিঙ্গি থোৱা দলেৰে মুখ পাৰি পেলাই, আটাইবিলাকে নিজ নিজ জাকৈ লৈ মেৰৰ ভিতৰত মাছ ধৰিবলৈ লাগি গৈছে৷ এনেতে, মোৰ পিচফালে ’ফোঁচ্‌’ ’ফোঁচ্‌’ শৱদ শুনা গ’ল৷ মই মাছ মৰা চোৱাত মগ্ন হৈ তালৈ বৰ কাণ কৰা নাই৷ তাৰ পাচত, এবাৰ গাতে ফোঁচ্‌ কৰি উঠা যেন পালোঁ৷ ময়ো আওকণীয়া ভাবত লাঠি মৰাৰ দৰে বাওঁ ভৰিটো পিচলৈ মাৰি পঠিয়ালোঁ৷ মোৰ কলাফুলতে ঠহৰ কৰে ফুটাৰ গম পালোঁ৷ কেতেকী ফুলৰ কাঁইটে বিন্ধিলে বুলি মই উলটি চাওঁ দেখোন এটা বৰ ডাঙৰ ফেঁটী সাপ! মই আছাৰ খাই তিনিটামান জাঁপ মাৰি ঢাপৰপৰা দহ্‌ হাতমানৰ আঁতৰত পৰিলোঁগৈ৷ ভয়ত