পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৪১

পাতি দিব খোজোঁ।

মই।― কিনো কথা কোঁৱা আই! অকণমান ছোৱালীটিৰে সৈতে নো ঘৰ পাতে নে!

বুঢ়ী।― নহয়, বোপাই, ধৰম-বিয়া দিয়াৰ নিয়ম আছে নহয়। আমি দুখীয়া মানুহ, সিমানৰ লায়েক নহওঁ! তেও বুলি তামোল-পাণ এটা কটোৱাৰ দিহা কৰোঁ বুলিছোঁ।

মই আৰু ৰব নোৱাৰিলোঁ। শোকে-বেজাৰে লাজে-ধিক্কাৰে মোক ভেটি ধৰিলে। কিছুপৰ মাত মাতিব নোৱাৰা হৈ টলকা মাৰিলোঁ; মোৰ নিমাতেই মান্তিৰ লক্ষণ মানি বুঢ়ীয়ে হৰিষ মনেৰে তাৰপৰা উঠি বনত ধৰিলেগৈ।

ইয়াৰ পাচত আৰু মাহচাৰেক পাৰ হ'ল। মই বুঢ়ীৰ ঘৰতে মনে-পতা ঘৰ-জোঁৱাইৰ বৃত্তি লৈ বন-বাৰি কৰি ভাত মোকলাই আছোঁ। আৰু পিচলৈ, মোক বুঢ়ীৰ ঘৰৰে এটা বুলি সকলোৰে বিশ্বাস ডাঠ্‌ হ'ল। ময়ো আনৰ আগত 'আমাৰ ঘৰ' বুলি বুঢ়ীৰ ঘৰকে বুজোৱা হলোঁ। ইফালে বুঢ়ীয়ে বিয়াৰ কথা ঘনাই উলিয়াবলৈ ধৰিলে। আৰু, লাহে লাহে মই নেমাতি ৰণ জিকাৰ কাল উকলিবলৈ ধৰিলে। গতিকে, পাচলৈ এইবোৰ কথা উলিয়াবলৈ মই বুঢ়ীক ছেগ নিদিবলৈ চেষ্টা কৰা হলোঁ। সেই অৰ্থে, মই ঘৰত থকা সময়ত পৰাপক্ষত কেতিয়াও অকলৈ নাথাকোঁ। কোনো প্ৰকাৰৰ কল-বুদ্ধি কৰি আজলীক সততে মোৰ ওচৰত ৰখা হলোঁ। মোৰ মৰম পাই আজলীয়েও মোৰ লগ বৰকৈ ধৰা হ'ল। এই কথাত বুঢ়ীৰো সন্তোষ। মই আজলীক আপোনা-আপুনি মৰম কৰা হৈছোঁ, আজলীয়েও মোৰ লগ নেৰা হৈছে, এই কথাত বুঢ়ীৰ মনে-মনে বৰ ৰং। বুঢ়ীয়ে যিহকে কামনা কৰিছিল, কাৰ্য্যত দেখিবলৈ পাইছে। বুঢ়ীক আৰু লাগে কি? বুঢ়ীক লাগে, মুঠেই আজলীৰ সৈতে মোৰ ঘৰ পতা কথাটো লোকে জনাকৈ পকা হব লাগে।