পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৪০

নোৱাৰা হলোঁ। এনেতে, "কিনো চাই থাকিব লাগিছে" বুলি ফক্‌ফকীয়া বুঢ়া এটাই মোক গঁতিয়াই আনি ৰভাৰ বাজ কৰি থৈ গলহি। মোৰ পেটেপেটে হাঁহি উঠিল। বোলে, "কালৰো কাল, বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল!" ঘৰত আহি কথাটো উলিয়ালত বুঢ়ী আৰু আজলীয়ে মোৰ ডিঙিত ধৰি ইনাই-বিনাই কান্দিলে।

বুঢ়ীৰ ঘৰৰ চপনীয়াৰ দৰে বছৰেকমান আছোঁ। ইয়ে-সিয়ে মোৰ কথা সুধিলে বুঢ়ীয়ে ঘৰ-জোঁৱাই বুলি মোৰ চিনাকি দিয়া হ'ল। আৰু, ছোৱালীটিয়েও মোলৈ বেলেগ ভাৱে চোৱা হ'ল। তাইৰ মনে-মনে কিবা এটি পোহনীয়া আশা থকা যেন দেখা যায়। সেই আশাৰ পোহৰ তাই কেতিয়াবা মোৰ গাত পেলাই চায়। কিন্তু, চায়, আৰু চায়, তাই একো নাজানে দেহি! আশাৰ পোহৰ কেতিয়া কেনেকৈ মোৰ গাত পৰেহি, মই হে গম্‌ পাওঁ, আজলীয়ে একো তাৰ ভু-ভা নাপায়। দহ বছৰীয়া আজলী এনেবোৰ কথাৰ ধৰুৱা নৌ হয় এথোন। তাইৰ কেৱল মোলৈ আপোন ভাৱ এটা। তাকে তাই ফুটাব নাজানে। যেতিয়া সি আপুনি ফুটি উঠে, তেতিয়া মই তত্ ধৰো, বুঢ়ীয়ে বুজ পায়। মোৰ কিন্তু বুকুখন হম্‌হমাই যায়। তেতিয়া মই ক'ত থাকো কব নোৱাৰা হওঁ। পুৰণি স্মৃতিয়ে মোক নতুন পাহৰা কৰে। খন্তেকলৈ মোৰ ভেশছন মই পাহৰি যাওঁ। এই ভাৱেই আৰু ভালেমান দিন গ'ল। এদিন বুঢ়ীয়ে মোক ওচৰত চপাই লৈ মৰম লগাকৈ কলে, "বোপাই, এটা কথা কওঁ, কাণ দিবি দেই!"

মই।― বাৰু, শুনিছোঁ, কোৱাঁ।

বুঢ়ী।― বোপাই, মই বুঢ়ী মানুহ। কাহানি মৰোঁ, ঠিকনা নাই, তহঁতৰ এটা গতি লগাই থৈ যাব পাৰিলে ভাল।

মই।― কোন্‌ ফালে নো গতি লগাব খুজিছাঁ, আই?

বুঢ়ী।― বোলোঁ মই জীয়াই থাকোঁতেই আজলীৰে ঘৰখন পকাকৈ