ভানুমতী/অষ্টম আধ্যা

ৱিকিউৎসৰ পৰা
[ ৩৪ ]

অষ্টম আধ্যা

তোলনীয়া পো

এদিন দুপৰীয়া তিনিজন মোৱাঁমৰীয়া বৈষ্ণৱ আহি উপস্থিত। বুঢ়ীয়ে আথে-বাথে ঢৰা-পীৰা পাৰি দিলে। তিনিও বহিল। আলহি সুধিবৰ নিমিত্তে বুঢ়ীও ওচৰতে এফলীয়া হৈ বহিল। ময়ো সিবিলাকৰ ভিতৰত হোৱা কথা বাৰ্ত্তাৰ ভাগ লবলৈ বুলি বুঢ়ীৰ কাষতে বহিলোঁ। বুঢ়ীয়ে ভকত সকললৈ চাই, "সকাম বা কি?" বুলি সোধাত বৈষ্ণৱ কেইজনৰ এজনে চমুকৈ যি কলে, তাৰ সাৰমৰ্ম্ম এই:

ৰাজনগৰত বৰ বিপদ। কিছুমান দিন হ'ল, কিবা ৰাজকাৰ্য্যত স্বৰ্গদেৱ ভটীয়াই গৈছিল। আৰু, গুৱাহাটী গৈ পাওঁতেই ৰজা নৰিয়াত পৰি স্বৰ্গী হ'ল। ইফালে বৰ-কোঁৱৰ ৰাজপাটত উঠিল। ৰজা হৈ তেওঁ অম্বিকা দেৱী কুঁৱৰীক বিয়া কৰায়। তাৰ পাচত; ছমাহমান ৰজা হওঁতেই ছত্ৰভঙ্গ যোগ পৰাত, তেওঁ নিজৰ কুঁৱৰীক ৰাজপাটত পাটমাদৈ পাতি মুকলিমূৰীয়া হৈ বহিল। আৰু তিৰোতা-সেৰুৱা ৰজাই সকলো বিষয়তে কুঁৱৰীৰ হাতত ৰাজক্ষমতা এৰি দি নিজঞ্জলীয়া হবলৈ ধৰিলে। ইফালে কুঁৱৰীৰ এদনীয়া ক্ষমতাই ৰাজ্যত অশান্তি বিয়পাবলৈ ধৰিলে। আন কি, ডাঙৰীয়া-বিষয়া সকলো পেটে-পেটে বৰ অসন্তুষ্ট হৈ উঠিল।

*    *    *

আন সকলোতকৈ কুঁৱৰীৰ অত্যাচাৰ মোৱাঁমৰীয়া মহন্তসকললৈ অতিকৈ অসহনীয় হ'ল। মহন্তসকলে গোসাঁনী নামানে। ইফালে গোসাঁনী-পূজাত কুঁৱৰীৰ বৰ আসক্তি। সেই কাৰণে, তেওঁ মহন্ত-‌ [ ৩৫ ] সকলক পেটে-পেটে বেয়া পোৱা হল। আৰু, লাহে লাহে এই হিংসা কুঁৱৰীৰ অন্তৰত বৰকৈ জ্বলি উঠিল; তেওঁ মহন্তসকলক ভালকৈ এসেকা দিবলৈ মনে-মনে আলচিবলৈ ধৰিলে। এই উদ্দেশ্যেই কুঁৱৰীয়ে দূৰ্গা-পূজা পাতি তালৈ মহন্তসকলক নিমন্ত্ৰণ দিলে। ৰাণীৰ আজ্ঞা পালি সিবিলাকে নিমন্ত্ৰণ পালিবলৈ আহিল। পিচে পূজা ভগাৰ পাচত, কুঁৱৰীৰ আদেশ মতে, মহন্তসকলক বলেৰে গোসাঁনীৰ প্ৰসাদ লোৱালে। আৰু, যিবিলাকে অলপ আপত্তি দেখুৱাইছিল, সিবিলাকক ধৰাই মাহ-প্ৰসাদ কটিয়াই, কপালত বলী-কটা ছাগলীৰ তেজৰ ফোঁট দিয়াই নগুৰ-শাস্তি কৰালে। এই কথাত মহন্তসকলে মৰ্ম্মান্তিক বেজাৰ পালে। আৰু, তেতিয়াৰে পৰা সিবিলাকে ৰাজক্ষমতাৰ বিৰুদ্ধে লৰিবলৈ তলে তলে সাজু হল।

অকল মোৱাঁমৰীয়া মহন্তই ইমান শকত কাম এটা সফল কৰি উঠা টান। সেই কাৰণে, সিবিলাকে তলে তলে সিবিলাকৰ দলত নতুনকৈ মানুহ লবলৈ ধৰিলে। চেমনীয়া ডেকা ল'ৰাবিলাকৰ কপালত মৃত্তিকাৰ ফোঁট দি মহন্তৰ সংখ্যা বঢ়াবলৈ এদল মহন্ত তলে তলে ঘূৰিবলৈ ধৰিছে। তাৰে এযোৰা আহি বুঢ়ীৰ ঘৰত উপস্থিত। সিবিলাকে বহিয়েই বুঢ়ীক মোৰ কথা সুধিলে। বুঢ়ীয়ে মোক তেওঁৰ তোলনীয়া-পো বুলি চিনাকি দিলে। তাৰ পাচত, সিবিলাকে বুঢ়ীৰ সৈতে বহুত পৰ কথা-বাৰ্ত্তা পাতিলে। মই ওচৰতে বহি শুনি আছিলোঁ। মুঠৰ ওপৰত, সিবিলাকে মোক সিবিলাকৰ দলত সুমাই লবলৈ বিচাৰে; বুঢ়ী তাত একোপধ্যে মান্তি নহয়। সদৌশেহত, মই নিজে আগবাঢ়ি কবলৈ ধৰিলোঁ, "আই! এখেতবিলাকে যি কথাৰ নিমিত্তে তোমাক খাতিছে, সি বৰ সজ কথা। তাত মান্তি হলে ধৰ্ম্ম হব। তিৰোতাসেৰুৱা ৰজাই কুঁৱৰীক ৰাজপাট এৰি দি, ৰাজ্যত উৎপাত লগোৱাইছে। এই উৎপাতৰ পৰা ৰাইজক উদ্ধাৰ কৰিবলৈ যি আগ বাঢ়িব তাৰ মহাপুণ্য হ'ব। যি [ ৩৬ ] গৃহস্থই এটা মানুহ দিব তাৰ এটকা-মহন্তৰ ধৰ্ম্ম হ’ব৷ এতেকে, আই তুমিও সেই পুণ্য অৰ্জন কৰা৷ “ মহন্ত কেইজনে মোক ধন্য ধন্য কৰিবলৈ ধৰিলে৷ আৰু, ময়ো যে কুঁৱৰীলৈ কিবা হিংসাৰ ভাবত কৈছিলো, এনে নহয়৷ কিয়নো, তাত মোৰ অলপো আস্থা নাই৷ মই নিজে ইচ্ছা কৰি সেই কুঁৱৰীক ৰাজপাট এৰি দি আহিছোঁ৷ সি যি হওক, বুঢ়ীয়ে অলপ পৰ টলকা মাৰি ৰৈ, মোক কলে, “বোপাই, একেবাৰে এৰি যাবি নে কি? যাব খুইছ যা, মই নো ধৰি ৰাখিব পাৰো নে! “ এই বুলি বুঢ়ীয়ে মনটো আমোলাই পেলালে৷ মই ততালিকে আকৌ কলো, “নহয়, আই, একেবাৰে যাব লাগিলে এদিনলৈকো নাযাওঁ! মই দিনৌ এওঁবিলাকৰ দলত যোগ দিমগৈ, দিনৌ উলটি আহিম৷ কোনো চিন্তা নাই৷" এই কথা শুনি বুঢ়ীয়ে ৰং মনেৰে মোক মোৱাঁমৰীয়া মহন্তৰ দলত যোগ দিবলৈ অনুমতি দিলে৷

মোৱাঁমৰীয়া মহন্তৰ লগত কাম কৰি মোৰ মনত দিনক-দিনে উৎসাহ বাঢ়ি আহিল৷ ৰাইজৰ হৈ ৰাজ-ক্ষমতাৰ বিৰুদ্ধে উঠা মোৰ উদ্দেশ্য নহয়‌, কেনেকৈ ৰাজ-অত্যাচাৰ গুচাব পাৰি মই তাৰ আলচত হে ফুৰিবলৈ ধৰিলোঁ৷ এই ভাৱেই কিছুমান দিন গ’ল৷ এদিন মহন্তৰ মন্ত্ৰণাত স্থিৰ হ’ল যে, তেতিয়ালৈকে ইফালৰ পৰা একো কৰিব নোৱাৰাটো বৰ লাজ আৰু বেজাৰৰ কথা হৈছে৷ এতেকে, দিন চাৰেকৰ ভিতৰতে ৰজাৰ শিঙ্গৰীঘৰত জুই দি বিদ্ৰোহৰ চিন্ দেখুৱাব লাগে৷ মই দেখিলো, বিদ্ৰোহৰ চিন্ দেখুৱাই ৰজাঘৰত ভয় লগোৱাটো ভাল কথা হৈছে৷ কিয়নো, ইয়াৰ পৰা এক পক্ষে কুঁৱৰীয়ে ভয় পাই শান্ত হ’ব পাৰে; আৰু আন পক্ষে ৰজাৰ নগৰত মই পলোৱাৰ বিষয়টো ই তল পেলাব৷ কিন্তু, সেই বুলি শিঙ্গৰীঘৰত জুই দিয়াটো ভাল নহয়৷ তেনে কৰাৰপৰা ৰাজ্যৰ ক্ষতি হে হব মাথোঁন৷ সেই কাৰণে, মই মহন্তসকলক এই বুলি ঘূৰালো যে, শিঙ্গৰীঘৰত জুই দিয়াটো বিদ্ৰোহৰ চিন্‌ নহয়, সি বিদ্ৰোহৰ কাৰ্য্য হে [ ৩৭ ] হ’ব৷ এতেকে, চলিত নিয়মমতে ৰজাৰ চ’ৰাত ৰাতি গৈ বিদ্ৰোহী নিচান পুতি থৈ আহিবগৈ লাগে৷ এই কথাত মহন্তসকল বৰ সন্তোষেৰে মান্তি হ’ল৷ ইয়াৰ পাচত, মই আৰু এটা কথা সিবিলাকৰ বিচাৰলৈ আগ বঢ়ালোঁ যে, মহন্তসকলে আত্মৰক্ষাৰ নিমিত্তে এটা কোঁঠ মৰাৰ আৱশ্যক৷ আগধৰি এই কাম সমাধা নকৰাকৈ বিদ্ৰোহৰ কাম হাতত লোৱা উচিত নহব৷ এতিয়া বিদ্ৰোহৰ চিন্ মাথোঁন দেখুৱাই কোঁঠ মাৰিবলৈ যাব লাগে৷ সেই মতেই মহন্তসকলে নেঘেৰিটিঙ্গত এটা কোঁঠ মাৰিবলৈকে স্থিৰ কৰিলে৷ ইয়াৰ পাচৰ পৰা মহন্তসকলে মোৰ কথাত বৰকৈ প্ৰত্যয় মানিবলৈ ধৰিলে৷ আৰু, মাজে-মাজে সিবিলাকৰ হতুৱাই মোৰো কাৰ্য্য সিদ্ধি কৰাই লব পৰা হলোঁ৷ এই উপায়েৰেই মাজে-সময়ে জানিব পাৰিলো যে দেউতা আৰু গোহাঞিদেৱ ভালে আছে; মোক বিচৰাটো সম্প্ৰতি তল পৰিছে৷